শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

বাংলাদেশৰ পৰা ভাৰতত আক্ৰমণৰ ষড়যন্ত্ৰ ৰচিছে হাফিজ ছঈদে! পোহৰলৈ আহিছে চাঞ্চল্যকৰ ভিডিঅ’

শেহতীয়াকৈ পোহৰলৈ আহিছে লস্কৰ-ই-তৈবাৰ কমাণ্ডাৰ ছাইফুল্লাহ ছাইফৰ এটা ভিডিঅ’। এই ভিডিঅ’টোত তেওঁ স্পষ্টকৈ উল্লেখ কৰা মতে হাফিজ ছঈদে এতিয়া বাংলাদেশৰ জৰিয়তে ভাৰতক আক্ৰমণ কৰাৰ পৰিকল্পনা কৰিছে। হাফিজ ছঈদ এতিয়া অলসভাৱে বহি থকা নাই বুলিও ছাইফে হুংকাৰ দিছে।

বাংলাদেশৰ পৰা ভাৰতত আক্ৰমণৰ ষড়যন্ত্ৰ ৰচিছে হাফিজ ছঈদে! পোহৰলৈ আহিছে চাঞ্চল্যকৰ ভিডিঅ’
হাফিজ ছঈদImage Credit source: Rana Sajid Hussain/Pacific Press/LightRocket via Getty Images
monjit-dutta
Monjit Dutta | Updated On: 09 Nov 2025 16:18 PM

পাকিস্তানৰ আশ্ৰয়ত সন্ত্ৰাসবাদীয়ে নিৰন্তৰ ভাৰতৰ বিৰুদ্ধে চলাই আহিছে নিকৃষ্ট কাৰ্যকলাপ এতিয়া বাংলাদেশৰ জৰিয়তে ভাৰতক আক্ৰমণ কৰিবলৈ সাজু হৈছে পাকিস্তান। শেহতীয়াকৈ পোহৰলৈ আহিছে পাকিস্তান ভিত্তিক সন্ত্ৰাসবাদীৰ এনে ষড়যন্ত্ৰৰ এক ভিডিঅ’ পাকিস্তান ভিত্তিক সন্ত্ৰাসবাদীয়ে ভাৰতৰ বিৰুদ্ধে নতুন ফ্ৰণ্ট মুকলি কৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে। এই ষড়যন্ত্ৰৰ মাষ্টাৰমাইণ্ড হিচাপে দেখা গৈছে ভাৰতৰ ষ্ট ৱাণ্টেড সন্ত্ৰাসবাদী তথা মুম্বাই আক্ৰমণৰ মাষ্টাৰমাইণ্ড হাফিজ ছঈদ

শেহতীয়াকৈ পোহৰলৈ আহিছে লস্কৰ-ই-তৈবাৰ কমাণ্ডাৰ ছাইফুল্লাহ ছাইফৰ এটা ভিডিঅ’। এই ভিডিঅটোত তেওঁ স্পষ্টকৈ উল্লেখ কৰা মতে হাফিজ ছঈদে এতিয়া বাংলাদেশৰ জৰিয়তে ভাৰতক আক্ৰমণ কৰাৰ পৰিকল্পনা কৰিছে। হাফিজ ছঈদ এতিয়া অলসভাৱে বহি থকা নাই বুলিও ছাইফে হুংকাৰ দিছে

বাংলাদেশৰ মাজেৰে আক্ৰমণৰ প্ৰস্তুতি

ভাৰতৰ বিৰুদ্ধে হাফিজ ছঈদৰ নতুন কৌশল এতিয়া পোহৰলৈ আহিছে। বাংলাদেশ এতিয়া হাফিজ ছঈদৰ বাবে ষড়যন্ত্ৰৰলঞ্চপেড পৰিণত হৈছে। বাংলাদেশতো এতিয়া লস্কৰ-ই-তৈবা সক্ৰিয় হৈ পৰিছে। তথ্য অনুসৰি হাফিজ ছঈদে এজন সহযোগীক বাংলাদেশলৈ পঠিয়াইছে আৰু জেহাদৰ নামত স্থানীয় যুৱক-যুৱতীক উচটনি দি সন্ত্ৰাসবাদী প্ৰশিক্ষণ প্ৰদান কৰিছে।

উক্ত অনুষ্ঠানত শিশুৰ উপস্থিতি

৩০ অক্টোবৰত পাকিস্তানৰ খাইৰপুৰ তামিৱলীত এক সমাৱেশ অনুষ্ঠিত হয়। সমাৱেশত ছাইফুল্লাই কয় যে হাফিজ ছঈদ এতিয়া অলসভাৱে বহি থকা নাই; তেওঁ বাংলাদেশৰ জৰিয়তে ভাৰতক আক্ৰমণ কৰিবলৈ সাজু হৈছে। ভাইৰেল হৈ পৰা এক ভিডিঅ’ত তেওঁক ভাৰতৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ সমবেত লোকসকলক উৎসাহিত কৰা দেখা গৈছে।

ছাইফুল্লাৰ দাবী, “আমাৰ মানুহ পূব পাকিস্তানত সক্ৰিয় আৰু ভাৰতক প্ৰত্যুত্তৰ দিবলৈ সাজু।” ছাইফুল্লাহ ছাইফে ভাৰতৰ বিৰুদ্ধে জেহাদৰ কথা কোৱা এই অনুষ্ঠানটোত বহু শিশুও উপস্থিত আছিল। স্পষ্টভাৱে এই সন্ত্ৰাসবাদী সংগঠনসমূহে ভাৰতৰ বিৰুদ্ধে জেহাদৰ বাবে শিশুক ব্যৱহাৰ কৰিছে।

অপাৰেচন সেন্দূৰৰ প্ৰসঙ্গ

নিজ ভাষণত ভাৰত-পাকিস্তানৰ উত্তেজনাৰ কথাও উল্লেখ কৰে ছাইফুল্লাই। তেওঁ কয়, “৯-১০ মে’ৰ নিশা ভাৰতৰ অপাৰেচন সেন্দূৰৰ পিছত পাকিস্তানে সঁহাৰি জনায়এতিয়া আমেৰিকা আমাৰ লগত আছে, আৰু বাংলাদেশো পুনৰ পাকিস্তানৰ ওচৰ চাপিছে।”

আমেৰিকাই ঘোষণা কৰিছিল পুৰস্কাৰ

২০১৫ চনত আমেৰিকাই হাফিজ ছঈদৰ ওপৰত এক কোটি ডলাৰৰ পুৰস্কাৰ ঘোষণা কৰিছিলএক সাক্ষাৎকাৰত হাফিজে স্পষ্টকৈ উল্লেখ কৰে যে তেওঁৰ ওপৰত পুৰস্কাৰ ৰখা হৈছে, কিন্তু তেতিয়াও তেওঁৰ গোপন স্থান কোনেও প্ৰকাশ নকৰে। ২০১৯ চনত পাকিস্তান চৰকাৰে ছঈদক গৃহবন্দী কৰি ৰাখিছিল যদিও পিছত তেওঁক মুকলি কৰি দিয়া হৈছিল। কিন্তু বিগত পাঁচ বছৰত পাকিস্তান অধিকৃত কাশ্মীৰ আৰু পঞ্জাৱ প্ৰদেশত হাফিজ অধিক সক্ৰিয় হৈ পৰিছে।