গ্ৰীণলেণ্ড ক্ৰয় কৰিব বিচাৰে ট্ৰাম্পে, কি ক’লে প্ৰধানমন্ত্ৰীয়ে…
শেহতীয়াকৈ আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে গ্ৰীণলেণ্ড ক্ৰয় কৰাৰ ইচ্ছা ব্যক্ত কৰিছে। কিন্তু গ্ৰীণলেণ্ডৰ প্ৰধানমন্ত্ৰীয়ে স্পষ্ট কৰি দিছে যে, গ্ৰীণলেণ্ডে বিক্ৰী নাযায়। তেওঁলোকে নিজে নিজৰ ভৱিষ্যত নিৰ্ধাৰণ কৰিব।
যোৱা কিছুদিন ধৰি বাতৰিৰ শিৰোনাম দখল কৰি গৈছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। শেহতীয়াকৈ তেওঁ ভেনিজুৱেলাত আক্ৰমণ কৰি ৰাষ্ট্ৰপতিক পণবন্দী কৰি লৈ গৈছিল। ইৰাণত চলি থকা অৰাজকতাতো ট্ৰাম্পৰ হস্তক্ষেপ নুই কৰিব নোৱাৰি। এই সকলোবোৰৰ মাজত এতিয়া ট্ৰাম্পে গ্ৰীণলেণ্ডৰ ওপৰত চকু দিছে। ভেনিজুৱেলাৰ পূৰ্বে ট্ৰাম্পে গ্ৰীণলেণ্ড সন্দৰ্ভত বহু মন্তব্য আগবঢ়াইছিল। তেওঁ মুকলিকৈ গ্ৰীণলেণ্ড ক্ৰয় কৰাৰ ইচ্ছা প্ৰকাশ কৰিছিল। বাৰে বাৰে ট্ৰাম্পে গ্ৰীণলেণ্ডক নিজৰ সৈতে অন্তৰ্ভুক্ত কৰাৰ ভাবুকি দি আহিছে।
কিন্তু এতিয়া ট্ৰাম্পৰ কথাত প্ৰত্যুত্তৰ দিছে গ্ৰীণলেণ্ডৰ প্ৰধানমন্ত্ৰী জেন্স-ফ্ৰেড্ৰিক নীলছনে। এই সন্দৰ্ভত এক বিবৃতি দি তেওঁ স্পষ্টকৈ কৈছে যে, বিক্ৰীৰ বাবে নহয় গ্ৰীণলেণ্ড। আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ অফাৰ নাকচ কৰি তেওঁ কয়, গ্ৰীণলেণ্ড এখন স্বাধীন দেশ। গতিকে গ্ৰীণলেণ্ডে নিজে নিজৰ ভৱিষ্যত নিৰ্ধাৰণ কৰিব। গ্ৰীণলেণ্ড বিক্ৰী নাযায়।
আমেৰিকান হব নিবিচাৰে
প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে কয় যে, গ্ৰীণলেণ্ড ডেনমাৰ্কৰ সম্ৰাজ্যৰ সৈতে একত্ৰিত হৈ আছে আৰু নাটোৰ মিত্ৰতাৰ ওপৰত সম্পূৰ্ণ আস্থা আছে। গ্ৰীণলেণ্ডে নিজৰ স্বাধীনতা আৰু স্বায়ত্তশাসন বজাই ৰাখিব। লগতে কয়, আমি আমেৰিকান বা ডেনিছ হ’ব নিবিচাৰো। আমি কেৱল গ্ৰীণলেণ্ডৰ মানুহ হৈ থাকিহ বিচাৰো। আমি নিজেই আমাৰ মানুহৰ সৈতে মিলি গ্ৰীণলেণ্ডৰ ভৱিষ্যত নিৰ্ধাৰণ কৰিম। কিন্তু কোনো দেশেই গ্ৰীণলেণ্ড ক্ৰয় বা নিয়ন্ত্ৰণ কৰিব নোৱাৰে।
উল্লেখ্য যে, দ্বিতীয়বাৰৰ বাবে ৰাষ্ট্ৰপতি হোৱাৰ পাছতে ট্ৰাম্পে গ্ৰীণলেণ্ডৰ ওপৰত চকু ৰাখিছে। যোৱা সময়তচোৱাত তেওঁ বিভিন্ন মন্তব্য আগবঢ়াই আহিছে। শেহতীয়াকৈ ট্ৰাম্পে উল্লেখ কৰিছে যে, গ্ৰীণলেণ্ড ক্ৰয় কৰিবলৈ আমেৰিকাই ডেনমাৰ্কৰ সৈতে এখন চুক্তি কৰিব। কিন্তু যদি সেয়া নহয়, তেন্তে আমেৰিকাই গ্ৰীণলেণ্ড অধিগ্ৰহণ কৰিবলৈ অন্য় ব্যৱস্থা গ্ৰহণ কৰিব। ট্ৰাম্পৰ দাবী, গ্ৰীনলেণ্ডৰ কৌশলগত অৱস্থান, খনিজ সম্পদ আৰু আৰ্কটিকত ৰাছিয়া আৰু চীনৰ ক্ৰমবৰ্ধমান উপস্থিতিৰ বাবে আমেৰকাৰ সৈতে গ্ৰীণলেণ্ড থকা প্ৰয়োজনীয়।
অন্য খবৰ পঢ়কঃ হিন্দু যুৱকৰ সৈতে ভয়ংকৰ কাণ্ড! যোৱা ২৫ দিনত মৃত্যু প্ৰায় ৮জনৰ…