শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ইতিহাস নজনাকৈয়ে ভূগোল তৈয়াৰ বাংলাদেশৰ, বিহাৰ, ঝাৰখণ্ড, উত্তৰ-পূবক সামৰি বাংলাদেশৰ নতুন মানচিত্ৰ

ইকনমিক টাইমছৰ এক প্ৰতিবেদন অনুসৰি বাংলাদেশত হঠাৎ সক্ৰিয় হৈ পৰিছে তুৰস্ক । ঢাকাত তুৰস্কৰ এন জি অ’ৰ সহায়ত গঢ় লৈ উঠিছে এটা ইছলামিক সংগঠন । এই সংগঠনটোৰ নাম ‘ছালতলাত-ই-বাংলা’। এই সংগঠনটোৱেই বৃহত্তৰ বাংলাদেশৰ চাহিদা বৃদ্ধি কৰিছে । মুকলি কৰা হৈছে নতুন মানচিত্ৰও ।

ইতিহাস নজনাকৈয়ে ভূগোল তৈয়াৰ বাংলাদেশৰ, বিহাৰ, ঝাৰখণ্ড, উত্তৰ-পূবক সামৰি বাংলাদেশৰ নতুন মানচিত্ৰ
গ্ৰেটাৰ বাংলাদেশৰ দাবীImage Credit source: TV9 Bangla
raj-saikia
Raj Saikia | Published: 19 May 2025 13:20 PM

পাকিস্তানক অস্ত্ৰ-শস্ত্ৰৰে সহায় কৰাৰ মূল্য ভৰিবলগা হৈছে তুৰস্কই । নিৰাপত্তাৰ পৰা আৰম্ভ কৰি বিমান পৰিবহণ, শিক্ষা, বাণিজ্যৰ সকলো ক্ষেত্ৰতে সম্পৰ্ক কৰ্তন কৰিছে ভাৰতে । ভাৰতে পিঠি দিয়াৰ লগে লগে নতুন কৌশল ৰচনা আৰম্ভ হৈছে । এইবাৰ বাংলাদেশৰ লগত হাত মিলাই ষড়যন্ত্ৰ ৰচিছে ভাৰতৰ বিৰুদ্ধে ।

ইকনমিক টাইমছৰ এক প্ৰতিবেদন অনুসৰি বাংলাদেশত হঠাৎ সক্ৰিয় হৈ পৰিছে তুৰস্ক । ঢাকাত তুৰস্কৰ এন জি অ’ৰ সহায়ত গঢ় লৈ উঠিছে এটা ইছলামিক সংগঠন । এই সংগঠনটোৰ নাম ‘ছালতলাত-ই-বাংলা’। এই সংগঠনটোৱেই বৃহত্তৰ বাংলাদেশৰ চাহিদা বৃদ্ধি কৰিছে । মুকলি কৰা হৈছে নতুন মানচিত্ৰও ।

সেই মানচিত্ৰত কি দাবী কৰা হৈছে? ম্যানমাৰৰ আৰাকান ৰাজ্য, ভাৰতৰ বিহাৰ, ঝাৰখণ্ড, ওড়িশা, আৰু সমগ্ৰ উত্তৰ-পূবক বৃহত্তৰ বাংলাদেশৰ অংশ বুলি দাবী কৰা হৈছে ।

এই মানচিত্ৰখন ঢাকা বিশ্ববিদ্যালয়ৰ বিভিন্ন হল আৰু অন্যান্য অঞ্চলত লগোৱা হৈছে । এই বৃহত্তৰ বাংলাদেশৰ পোষ্টাৰসমূহ মূলতঃ ছাত্ৰ-ছাত্ৰী আৰু যুৱক-যুৱতীসকল সততে যোৱা ঠাইত লগোৱা হৈছে । ইউনুছৰ সমৰ্থকসকলেও এই মানচিত্ৰৰ প্ৰতি সমৰ্থন প্ৰকাশ কৰে । অন্ততঃ উত্তৰ-পূব ভাৰতক বাংলাদেশৰ অংশ হিচাপে গঢ়ি তুলিবলৈও দাবী উত্থাপন কৰিছে ৷

প্ৰসংগক্ৰমে যোৱা বছৰ ছাত্ৰ গণ আন্দোলনৰ সময়ত হাছিনা চৰকাৰৰ পতন আৰু মহম্মদ ইউনুছৰ নেতৃত্বত বাংলাদেশত অন্তৱৰ্তীকালীন চৰকাৰ গঠন হোৱাৰ পিছৰে পৰা এফালে ভাৰতৰ বিভিন্ন অঞ্চল দখল কৰিবলৈ ধাৰাবাহিকভাৱে প্ৰৰোচনামূলক মন্তব্য কৰি আহিছে, আনফালে তুৰ্কিয়ে বাংলাদেশলৈ সামৰিক অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদৰ যোগান বৃদ্ধি কৰাৰ চেষ্টা চলাই আহিছে ।