শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

মিছৰত আজি গাজা শান্তি সন্মিলনঃ উদ্যোক্তা ট্ৰাম্প, নাথাকে খোদ যুদ্ধৰত পক্ষ হামাছ-ইজৰাইল!

ইজিপ্তৰ শ্বাৰম এল শ্বেখত অনুষ্ঠিত হ’বলগীয়া শীৰ্ষ সন্মিলনত গাজাত যুদ্ধবিৰতিৰ চুক্তি আনুষ্ঠানিকভাৱে স্বাক্ষৰিত হ’ব। এই সন্মিলনত মধ্যস্থতাকাৰী দেশসমূহে শান্তি চুক্তিত স্বাক্ষৰ কৰিব। স্বাক্ষৰকাৰী দেশ হ’ব আমেৰিকা, ইজিপ্ত, কাটাৰ। তুৰস্কয়ো এই চুক্তিত স্বাক্ষৰ কৰাৰ সম্ভাৱনা আছে।

মিছৰত আজি গাজা শান্তি সন্মিলনঃ উদ্যোক্তা ট্ৰাম্প, নাথাকে খোদ যুদ্ধৰত পক্ষ হামাছ-ইজৰাইল!
ড’নাল্ড ট্ৰাম্পImage Credit source: PTI
monjit-dutta
Monjit Dutta | Updated On: 13 Oct 2025 10:04 AM

যুদ্ধৰ দাবানলত ভস্মীভূত হোৱা গাজাত শান্তি স্থাপনৰ চেষ্টা। এই উদ্দেশ্যে আজি ইজিপ্তত অনুষ্ঠিত হ’ব গাজা শান্তি সন্মিলন। শান্তি প্ৰতিষ্ঠাৰ এই প্ৰচেষ্টাত আগভাগ লৈছে মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। এই সন্মিলনত ২০খন দেশে অংশগ্ৰহণ কৰিব। বিশ্বৰ বহু দেশে অংশগ্ৰহণ কৰিলেও পিছে খোদ যুদ্ধৰত দুই দেশ হামাছ আৰু ইজৰাইলেই এই সন্মিলনত অংশগ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছে। ইতিমধ্যে দুয়োখন দেশে ইজিপ্তৰ এই সন্মিলনত অংশ নলয় বুলি স্পষ্টকৈ উল্লেখ কৰিছে।

হামাছ আৰু ইজৰাইলে অংশগ্ৰহণ নকৰে

প্ৰথমে হামাছে এই সন্মিলনত অংশগ্ৰহণ নকৰাৰ কথা ঘোষণা কৰিছিল। ইয়াৰ পিছত ইজৰাইলেও সন্মিলন প্ৰত্যাহাৰৰ কথা ঘোষণা কৰে। হামাছৰ ৰাজনৈতিক ব্যুৰোৰ সদস্য হুছাম বদৰানে সংবাদ সংস্থা AFPক দিয়া এক সাক্ষাৎকাৰত কয় যে আমি আনুষ্ঠানিক স্বাক্ষৰ প্ৰক্ৰিয়াত অংশগ্ৰহণ নকৰো।

যুদ্ধবিৰতি আলোচনাৰ সময়ত হামাছে মূলতঃ কাটাৰ আৰু ইজিপ্তৰ মধ্যস্থতাকাৰীৰ জৰিয়তে কাম কৰিছিল। ড’নাল্ড ট্ৰাম্পৰ যুদ্ধবিৰতি পৰিকল্পনাৰ কিছু অংশকো অৰ্থহীন বুলি অভিহিত কৰিছে হামাছে। ইফালে ইজৰাইলী প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৰ মুখপাত্ৰৰ উদ্ধৃতি দি AFP- এ ইজৰাইলেও এই সন্মিলনত অংশ নোলোৱাৰ কথা প্ৰকাশ কৰিছে।

ইজিপ্তত হ’ব স্বাক্ষৰ

ইজিপ্তৰ শ্বাৰম এল শ্বেখত অনুষ্ঠিত হ’বলগীয়া শীৰ্ষ সন্মিলনত গাজাত যুদ্ধবিৰতিৰ চুক্তি আনুষ্ঠানিকভাৱে স্বাক্ষৰিত হ’ব। এই সন্মিলনত মধ্যস্থতাকাৰী দেশসমূহে শান্তি চুক্তিত স্বাক্ষৰ কৰিব। স্বাক্ষৰকাৰী দেশ হ’ব আমেৰিকা, ইজিপ্ত, কাটাৰ। তুৰস্কয়ো এই চুক্তিত স্বাক্ষৰ কৰাৰ সম্ভাৱনা আছে।

কোনকেইখন দেশ থাকিব সন্মিলনত?

প্ৰকাশিত তথ্য অনুসৰি ২০খন দেশে এই সন্মিলনত অংশগ্ৰহণ কৰিব। ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এণ্টনিঅ’ গুটেৰেছ, ব্ৰিটিছ প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰমাৰ, ইটালীৰ প্ৰধানমন্ত্ৰী জিঅ’ৰ্জিয়া মেল’নি, স্পেইনৰ প্ৰধানমন্ত্ৰী পেড্ৰ’ ছানচেজ, ফ্ৰাঞ্চৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন, তুৰ্কীৰ ৰাষ্ট্ৰপতি ৰেচেপ টাইপ এৰদোগান, জৰ্ডানৰ ৰজা দ্বিতীয় আব্দুল্লাই এই সন্মিলনত উপস্থিতি নিশ্চিত কৰিছে।

উপস্থিত নাথাকে ইৰাণ

ইৰাণৰ সংবাদ মাধ্যমৰ মতে ইজিপ্তে ইৰাণকো এই সন্মিলনলৈ আমন্ত্ৰণ জনাইছিল যদিও আজি ইৰাণৰ ৰাষ্ট্ৰপতি মাছুদ পেজেছকিয়ানেও হওক বা বৈদেশিক মন্ত্ৰী আব্বাছ আৰাঘচিয়েই হওক, কোনো এজন নেতাই সন্মিলনত অংশগ্ৰহণ নকৰে বুলি নিশ্চিত কৰে।

সোমবাৰে আৰাঘচিয়ে এক্সত এই বিষয়ে উল্লেখ কৰি আৰাঘচিয়ে ইৰাণৰ জনসাধাৰণক আক্ৰমণ কৰা তথা ইৰাণক ভাবুকি দিয়া কোনো নেতাকে সাক্ষাৎ কৰিব পৰা নাযাব বুলি উল্লেখ কৰে। এই পোষ্টটোত তেওঁ স্পষ্টকৈ উল্লেখ নকৰিলেও মাৰ্কিন ৰাষ্ট্ৰপতি ট্ৰাম্পকে আক্ৰমণৰ লক্ষ্য কৰি লোৱা বুলি অনুমান কৰা হৈছে

বন্দী বিনিময় হ’ব

ট্ৰাম্পৰ পৰিকল্পনা অনুসৰি আজিৰ পৰা হামাছ আৰু ইজৰাইলৰ মাজত বন্দী বিনিময় আৰম্ভ হ’ব। চুক্তি অনুসৰি হামাছে ৪৮ জন কয়দীক মুকলি কৰি দিব। আনহাতে ইজৰাইলে ২০০০ বন্দীক মুকলি কৰি দিব। ইয়াৰ লগতে চুক্তি মতে গাজালৈ মানৱীয় সাহায্যৰ পৰিমাণো বৃদ্ধি কৰা হ’ব। গাজাৰ কিছু অংশৰ পৰা ইজৰাইলৰ সেনাই প্ৰত্যাহাৰ কৰিবলৈ আৰম্ভ কৰিব।