শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

৫ বছৰীয়া প্ৰেম, ব্ৰেকআপ, তেজেৰে লুতুৰি-পুতুৰি অৱস্থাত উদ্ধাৰ প্ৰেমিকৰ মৃতদেহ…

১১ অক্টোবৰ শনিবাৰে বাইকেৰে ঘৰৰ পৰা ওলাই গৈছিল সুদীপ। কিন্তু বহুসময়লৈ ঘৰলৈ উভতি অহা নাছিল। গোটেই ৰাতি সুদীপৰ পৰিয়ালে তেওঁক বিচাৰি নাপালে। সুদীপক ফোন কৰিবলৈ চেষ্টা কৰাত ফোনটো বন্ধ হৈ আছিল। ইয়াৰ পিছত দেওবাৰে পুৱা সুদীপৰ মৃতদেহ পথত পৰি থকা অৱস্থাত উদ্ধাৰ হয়।

৫ বছৰীয়া প্ৰেম, ব্ৰেকআপ, তেজেৰে লুতুৰি-পুতুৰি অৱস্থাত উদ্ধাৰ প্ৰেমিকৰ মৃতদেহ…
পথত দাঁতিত উদ্ধাৰ প্ৰেমিকৰ মৃতদেহ
trishna-kalita
Trishna Kalita | Updated On: 13 Oct 2025 10:52 AM

বৰ্তমান সময়ত যেন নৃশংসতা হৈ পৰিছে প্ৰেমৰ আন এক নাম। প্ৰেমৰ বাবে সংঘটিত হৈ আহিছে এটাৰ পিছত আনটো নৃশংস ঘটনা।  কৰ্ণাটকৰ মহীশূৰ থানা এলেকাত এজন যুৱকক মৃতদেহ উদ্ধাৰৰ পিছতে উত্থাপিত হৈ এনে বহু প্ৰশ্নৰ। যুৱকজনৰ পিতৃ-মাতৃৰ অভিযোগ, তেওঁৰ প্ৰাক্তন প্ৰেমিকাৰ পৰিয়ালে তেওঁলোকৰ পুত্ৰৰ হত্যাকাণ্ডৰ পৰিকল্পনা ৰচনা কৰিছিল।

ইতিমধ্যে প্ৰেমিকাৰ পৰিয়ালৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে যুৱকজনৰ পিতৃ-মাতৃয়ে । নিহত যুৱকজন হাছানৰ হোলেনাৰসীপুৰৰ ২৪ বছৰীয়া সুদীপ। এগৰাকী যুৱতীৰ সৈতে পাঁচ বছৰীয়া প্ৰেমৰ সম্পৰ্ক আছিল যদিও কিছুদিন পূৰ্বে দুয়োৰে মাজত বিচ্ছেদ ঘটিছিল।

হোলেনাৰ্ছীপুৰৰ দছাইয়া আৰু গীতাৰ পুত্ৰ সুদীপে এটা কাৰখানাত কাম কৰিছিল। কিছুদিন পূৰ্বে তেওঁ অসুস্থতাৰ বাবে কৰ্মস্থলীৰ পৰা ছুটী লৈ হোলেনাৰ্ছীপুৰৰ ঘৰতে থাকিছিল। মহীশূৰৰ এগৰাকী যুৱতীৰ সৈতে সুদীপৰ পাঁচ বছৰীয়া প্ৰেমৰ সম্পৰ্ক আছিল। কিন্তু কিছুদিন আগতে দুয়োৰে মাজত বিচ্ছেদ ঘটিছিল। যুৱতীগৰাকীৰ বিয়া আন এজন যুৱকৰ সৈতে ঠিক কৰা হৈছিল। ইয়াৰ ফলত তেওঁ সুদীপৰ সৈতে সম্পৰ্ক শেষ কৰিলে। কিন্তু সুদীপ বিচলিত হৈ পৰিল। ব্ৰেকআপ হোৱাৰ পিছতো তেওঁ প্ৰেমিকাক লগত থাকিবলৈ জোৰ দিছিল। আনকি তেওঁ নিজৰ পৰিয়ালক ক’লে যে যদি তেওঁ বিয়া কৰায় কেৱল সেই যুৱতীগৰাকীকে কৰাব; নহ’লে তেওঁ বিয়া নাপাতে।

১১ অক্টোবৰ শনিবাৰে বাইকেৰে ঘৰৰ পৰা ওলাই গৈছিল সুদীপ। কিন্তু বহুসময়লৈ ঘৰলৈ উভতি অহা নাছিল। গোটেই ৰাতি সুদীপৰ পৰিয়ালে তেওঁক বিচাৰি নাপালে। সুদীপক ফোন কৰিবলৈ চেষ্টা কৰাত ফোনটো বন্ধ হৈ আছিল। ইয়াৰ পিছত দেওবাৰে পুৱা সুদীপৰ মৃতদেহ পথত পৰি থকা অৱস্থাত উদ্ধাৰ হয়। সুদীপৰ পিতৃ-মাতৃৰ অভিযোগ যে সুদীপৰ প্ৰেমিকাৰ পৰিয়ালে তেওঁক হত্যা কৰি দুৰ্ঘটনাৰ ৰূপ দেখুৱাবলৈ চেষ্টা কৰিছে।

খবৰ অনুসৰি সুদীপৰ মৃতদেহ পথত তেজেৰে লুতুৰি-পুতুৰি অৱস্থাত উদ্ধাৰ হোৱাৰ বিপৰীতে তেওঁৰ বাইকখন কোনো ক্ষতি হোৱা নাই। বাইকখন আৰু মৃতদেহ একেফালে পৰি আছিল, শৰীৰটো পাতেৰে ঢাকি থোৱা আছিল। সুদীপৰ পৰিয়ালৰ অভিযোগ যে যুৱতীগৰাকীয়ে তেওঁলোকৰ পুত্ৰক লগ কৰিবলৈ ফোন কৰিছিল। তাৰ পিছত তেওঁক হত্যা কৰি মহীশূৰ থানাৰ অধীনস্থ এছ অংকনহল্লীৰ ওচৰত পেলাই দিছিল। মহীশূৰ আৰক্ষীয়ে সুদীপৰ হত্যাকাণ্ডৰ গোচৰ ৰুজু কৰি বিষয়টোৰ তদন্ত অব্যাহত ৰাখিছে।