শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
নতুন আঁচনি মুকলিৰ পৰা ৫৮জন পাক সেনাৰ মৃত্যুলৈ, দিনটোৰ খবৰ...

নতুন আঁচনি মুকলিৰ পৰা ৫৮জন পাক সেনাৰ মৃত্যুলৈ, দিনটোৰ খবৰ…

barasha-sarma
Barasha Sarma | Published: 12 Oct 2025 21:06 PM

Top9: আজিৰ দিনটোত ৰাজ্যৰ পৰা বিশ্বলৈ বিভিন্ন ধৰণৰ ঘটনা সংঘটিত হয়। আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰে CM-FLIGHT শীৰ্ষক অভিলাষী আঁচনি। যাৰ অধীনত অসমত উপলব্ধ হ’ব বিভিন্ন বিদেশী ভাষাৰ শিক্ষা।

আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰে CM-FLIGHT শীৰ্ষক অভিলাষী আঁচনি। এই আঁচনিৰ অধীনত অসমত উপলব্ধ হ’ব বিভিন্ন বিদেশী ভাষাৰ শিক্ষা। ইয়াৰ দ্বাৰা বহু যুৱক-যুৱতী লাভান্বিত হ’ব বুলি আশা প্ৰকাশ কৰে মুখ্যমন্ত্ৰীয়ে।

ইফালে মুখ্যমন্ত্ৰীয়ে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত সন্দৰ্ভতো গুৰুত্বপূৰ্ণ মন্তব্য কৰে। তেওঁ কয় যে, ছিংগাপুৰ আৰক্ষীয়েও বিষয়টো গুৰুত্ব সহকাৰে তদন্ত কৰি আছে। ইয়াৰোপৰি  ছিংগাপুৰৰ প্ৰৱাসী অসমীয়া অসমলৈ আহি SIT ত হাজিৰ হ’ব।

অসমত মুছলিম জনসংখ্যা বৃদ্ধি পোৱা বুৱি কয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেওঁ কয় যে, অসমত ৩৮ শতাংশতকৈ ওপৰত আছে মুছলিম জনসংখ্যা। ইফালে অসমীয়া হিন্দু প্ৰায় ৪০ শতাংশ। যি এক চিন্তাৰ কাৰণ বুলি কয় তেওঁ। ভাৰত চৰকাৰৰ ডেমগ্ৰাফি মিছনৰ কথাও কয় তেওঁ।