৪ হাজাৰৰো অধিক লোক আক্ৰান্ত, বন্ধ বিদ্যালয়! আন এক মহামাৰীৰ ইংগিত নেকি?
৩ অক্টোবৰত জাপানৰ স্বাস্থ্য মন্ত্ৰালয়ে মহামাৰী ঘোষণা কৰে। ২২ ছেপ্টেম্বৰৰ পৰা ৩ অক্টোবৰৰ ভিতৰত ৪০৩০ জন লোক আক্ৰান্ত হৈছে। যোৱা সপ্তাহত আক্ৰান্ত লোকৰ সংখ্যা আছিল ৯৫৭ জন।

ক’ভিড-19, কোনেনো পাহৰিব পাৰে সেই সময়ৰ কথা! সমগ্ৰ বিশ্বই এক মাৰাত্মক সংক্ৰমণৰ কবলত পৰিছিল। এই সংক্ৰমণৰ বাবে লাখ লাখ লোকৰ মৃত্যু হৈছিল। ক’ৰোনাৰ জোকাৰণিৰ পৰা এতিয়াও সম্পূৰ্ণৰূপে সুস্থ হৈ উঠা নাই বিশ্ব। আকৌ এবাৰ সংক্ৰমণৰ ভয়ে গ্ৰাস কৰিছে। চীনৰ পিছত এইবাৰ জাপানত আহিছে স্বাস্থ্য সংকট। কি বেমাৰ বিয়পিছে? জানো আহক
হঠাৎ জাপানত বিয়পি পৰিছে ইনফ্লুৱেঞ্জা। খবৰ অনুসৰি এই পৰ্যন্ত ৪ হাজাৰৰো অধিক লোক আক্ৰান্ত হৈছে। তীব্ৰ গতিত বাঢ়িছে সংক্ৰমিত লোকৰ সংখ্যা। তাপমাত্ৰা কমি অহাৰ লগে লগে সংক্ৰমিত লোকৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে। হঠাতে ইনফ্লুৱেঞ্জাৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ লগে লগে মহামাৰী ঘোষণা কৰিছে জাপানৰ স্বাস্থ্য মন্ত্ৰালয়ে।
৩ অক্টোবৰত জাপানৰ স্বাস্থ্য মন্ত্ৰালয়ে মহামাৰী ঘোষণা কৰে। ২২ ছেপ্টেম্বৰৰ পৰা ৩ অক্টোবৰৰ ভিতৰত ৪০৩০ জন লোক আক্ৰান্ত হৈছে। যোৱা সপ্তাহত আক্ৰান্ত লোকৰ সংখ্যা আছিল ৯৫৭ জন।জাপানৰ স্বাস্থ্য মন্ত্ৰালয়ৰ ৰেকৰ্ড অনুসৰি যোৱা ২০ বছৰৰ ভিতৰত দ্বিতীয়বাৰৰ বাবে ঋতু পৰিৱৰ্তনৰ সময়ত ইনফ্লুৱেঞ্জা বিয়পি পৰাৰ লগতে সংক্ৰমিত লোকৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে।
জাপানৰ সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি সমগ্ৰ দেশৰ ৩ হাজাৰ চিকিৎসালয়ত ৪ হাজাৰৰো অধিক ইনফ্লুৱেঞ্জা ৰোগীৰ চিকিৎসা কৰা হৈছে। সৰ্বাধিক সংক্ৰমিত লোক পোৱা গৈছে অকিনাৱাত। ইয়াৰ পিছত টকিঅ’ আৰু কাগোছিমাতো আক্ৰান্ত লোক পোৱা গৈছিল। যিয়ে মহামাৰীৰ সীমা অতিক্ৰম কৰিছে। ইয়াৰ ফলত শিশুসকলৰ মাজত এই সংক্ৰমণক লৈ উদ্বেগ সৃষ্টি হৈছে। এই ইনফ্লুৱেঞ্জাত আক্ৰান্ত লোকৰ অধিকাংশই শিশু। সংক্ৰমণ ৰোধৰ বাবে বন্ধ কৰি দিয়া হৈছে ১৩৫ খন বিদ্যালয়, কিণ্ডাৰগাৰ্টেন, শিশু যত্ন কেন্দ্ৰ। এতিয়া প্ৰশ্ন, এই ইনফ্লুৱেঞ্জাই বিশ্বত মহামাৰীৰ ৰূপ ল’ব নেকি?