শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত তিনি প্ৰবাসী অসমীয়াক জেৰা চিআইডিৰ, পোহৰলৈ আহিব নেকি নতুন কোনো তথ্য!

ছিংগাপুৰত জুবিন গাৰ্গৰ বাবে আয়োজন কৰা য়ট পাৰ্টিত উপস্থিত থকা লোকসকলৰ ভিতৰত এই তিনিজন ব্যক্তিকো দেখা পোৱা গৈছিল। ইয়াৰ পিছতে তদন্তত সহযোগিতাৰ বাবে তেওঁলোকক চিআইডিৰ সমুখত উপস্থিত হ’বলৈ নিৰ্দেশ দিয়া হৈছিল।

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত তিনি প্ৰবাসী অসমীয়াক জেৰা চিআইডিৰ, পোহৰলৈ আহিব নেকি নতুন কোনো তথ্য!
জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ তদন্ত অব্যাহত
monjit-dutta
Monjit Dutta | Updated On: 13 Oct 2025 11:29 AM

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অকাল মৃত্যুৰ পিছত ন্যায়ৰ দাবী ৰাজ্যজুৰি মুখৰিত হৈছে ক্ৰমাৎ ৰহস্যঘন হৈ পৰা শিল্পীগৰাকীৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে চিআইডিয়ে তদন্ত প্ৰক্ৰিয়াৰ অংশ হিচাপে আজি চিআইডিয়ে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ দিনা ছিংগাপুৰৰ য়ট পাৰ্টিত উপস্থিত থকা তিনিজন প্ৰবাসী অসমীয়াক জেৰা চলাইছে। আজি পুৱাই সোধপোছৰ বাবে গুৱাহাটীস্থিত চি আই ডিৰ মুখ্য কাৰ্যালয়ত হাজিৰ হয় তিনি প্ৰবাসী অসমীয়া ক্ৰমে পৰীক্ষিত শৰ্মা, সিদ্ধাৰ্থ বৰা, জলংসাত নাৰ্জাৰী।

ছিংগাপুৰত জুবিন গাৰ্গৰ বাবে আয়োজন কৰা য়ট পাৰ্টিত উপস্থিত থকা লোকসকলৰ ভিতৰত এই তিনিজন ব্যক্তিকো দেখা পোৱা গৈছিল ইয়াৰ পিছতে তদন্তত সহযোগিতাৰ বাবে তেওঁলোকক চিআইডিৰ সমুখত উপস্থিত বলৈ নিৰ্দেশ দিয়া হৈছিল চিআইডিৰ নিৰ্দেশনা অনুসৰি আজি সংস্থাটোৰ মুখ্য কাৰ্যালয়ত উপস্থিত হৈছে প্ৰবাসী অসমীয়াকেইজন

ইফালে য়ট পাৰ্টিৰ উদ্যোগ লোৱা প্ৰবাসী অসমীয়া অভিমন্যু তালুকদাৰ, তন্ময় ফুকনৰ লগতে পাৰ্টিত উপস্থিত থকা সুস্মিতা গোস্বামী আৰু দেবজিৎ হাজৰিকাও সোনকালেই চিআইডিৰ সমুখত উপস্থিত হোৱাৰ সম্ভাৱনা আছে এই প্ৰবাসী অসমীয়া লোকেইজনৰ সোধাপোছাত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত নতুন কোনো তথ্য পোহৰলৈ আহিব বুলি আশা কৰা হৈছে

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ পিছতে প্ৰাণৰ শিল্পীগৰাকীৰ মৃত্যুৰ সঠিক তদন্ত তথা ন্যায়ৰ দাবীত ৰাজ্যজুৰি সোচ্চাৰ হৈ পৰিছে প্ৰতিজন লোক তদন্ত প্ৰক্ৰিয়া নিখুঁত কৰি তুলিবলৈ ছিংগাপুৰৰ য়ট পাৰ্টিত উপস্থিত থকা লোকসকলকো জেৰা চলোৱাৰ দাবী উত্থাপন হৈছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো ইতিমধ্যে প্ৰবাসী অসমীয়াসকললৈ সহযোগিতাৰ আহ্বান জনাইছিল

দেওবাৰেও ফেচবুক লাইভ যোগে এই সন্দৰ্ভত মত প্ৰকাশ কৰিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে ছিংগাপুৰত জুবিন গাৰ্গৰ অন্তিম ক্ষণৰ সাক্ষী হোৱা চাৰিজন প্ৰবাসী অসমীয়া সোমবাৰে গুৱাহাটীত চিআইডিৰ সমুখত উপস্থিত বুলি ফেচবুক লাইভত উল্লেখ কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁ লগতে আন জন প্ৰবাসী অসমীয়াকো শীঘ্ৰেই অসমত উপস্থিত বলৈ আহ্বান জনায়