Morning News: গৰিমা শইকীয়া গাৰ্গৰ বিশেষ ফেচবুক পোষ্টৰ পৰা পাক-আফগান সংঘৰ্ষলৈ, চাওক পুৱাৰ মুখ্য খবৰ
ঠিক তদন্ত তথা ন্যায়ৰ বাবে ৰাজ্যজুৰি উত্থাপন হৈ থকা দাবীৰ মাজতে শনিবাৰে মাজনিশা জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে ২০০২ চনৰ ফেব্ৰুৱাৰী মাহৰ এখন ছবি পোষ্ট কৰে। পোষ্টটোত লগতে তেওঁ জুবিন গাৰ্গৰ ন্যায়ৰ বাবে যুঁজিবলৈ যাতে শক্তি পায়, তাৰ বাবে আশীৰ্বাদ বিচাৰে।

পুৱাৰ মুখ্য খবৰ
প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।
- শনিবাৰে জুবিন গাৰ্গৰ ভিচেৰা ৰিপ’ৰ্ট লাভ কৰিলে গুৱাহাটী মেডিকেল কলেজ হাস্পতালৰ বিশেষজ্ঞৰ দলে। ভিচেৰা ৰিপ’ৰ্ট লাভৰ পিছত এতিয়া জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ তদন্তৰ গতি অধিক খৰতকীয়া হ’ব বুলি আশা কৰা হৈছে। GMCH ৰ বিশেষজ্ঞৰ দলে এতিয়া মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ সৈতে এই ভিচেৰা ৰিপ’ৰ্ট পৰীক্ষা চলাব।
- শুকুৰবাৰ আৰু শনিবাৰে অসম চৰকাৰে ADRE আৰু অসম আৰক্ষীৰ ভিন্ন পদৰ নিযুক্তি পৰীক্ষাৰ ফলাফল প্ৰকাশ কৰে। আজি পুনৰ চিকিৎসা শিক্ষা সঞ্চালকালয়, স্বাস্থ্য সেৱা সঞ্চালকালয়, স্বাস্থ্য সেৱা সঞ্চালকালয়(পৰিয়াল কল্যাণ) আৰু আয়ুষকে ধৰি স্বাস্থ্য বিভাগৰ অধীনৰ ৩,৬৯৮টা পদৰ ফলাফল ঘোষণা কৰা হ’ব৷
- আগবাঢ়িছে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ তদন্ত। সঠিক তদন্ত তথা ন্যায়ৰ বাবে ৰাজ্যজুৰি উত্থাপন হৈ থকা দাবীৰ মাজতে শনিবাৰে মাজনিশা জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে ২০০২ চনৰ ফেব্ৰুৱাৰী মাহৰ এখন ছবি পোষ্ট কৰে। পোষ্টটোত লগতে তেওঁ জুবিন গাৰ্গৰ ন্যায়ৰ বাবে যুঁজিবলৈ যাতে শক্তি পায়, তাৰ বাবে আশীৰ্বাদ বিচাৰে।
- অসমত এতিয়া মুঠ জনসংখ্যাৰ ৩৮%তকৈ অধিক লোক মুছলমান। এই তথ্য প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কেইবাদশক ধৰি চলি থকা অনুপ্ৰৱেশৰ ফলতে অসমত এনে জনগাঁথনিগত পৰিৱৰ্তন দেখা গৈছে বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰে।
- অনুপ্ৰৱেশ সন্দৰ্ভত সোচ্চাৰ হৈছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। ১৯৫১ চনৰ পৰা ২০১১ চনলৈকে লোকপিয়লত দেখা পোৱা বিভিন্ন ধৰ্মৰ জনসংখ্যা বৃদ্ধিৰ হাৰত অনুপ্ৰৱেশেই মূল কাৰণ বুলি উল্লেখ কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে মোদী চৰকাৰ অনুপ্ৰৱেশকাৰীক ধৰা পেলোৱা, নিৰ্মূল কৰা, বিতাড়িত কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ বুলি মন্তব্য কৰিছে।
- কাছাৰৰ লক্ষীপুৰত আৰক্ষীয়ে জব্দ কৰিছে বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰী। বৰাক নদীৰে নাৱেৰে মণিপুৰৰ পৰা সৰবৰাহৰ সময়তে আৰক্ষীয়ে ১০ হাজাৰ য়াবা টেবলেট আৰু বিদেশী চিগাৰেট জব্দ কৰে। এই নিচাজাতীয় সামগ্ৰীখিনিৰ মূল্য প্ৰায় ৮ কোটি টকা হ’ব বুলি জানিব পৰা গৈছে।
- শনিবাৰে মাজনিশা পাকিস্তানত আক্ৰমণত চলালে আফগানিস্তানে। পাকিস্তানৰ সেনা চকীত চলোৱা এই আক্ৰমণত ১২ জন সেনা জোৱান নিহত হোৱা বুলি জানিব পৰা গৈছে। যোৱা শুকুৰবাৰে পাকিস্তানে আফগানিস্তানত কৰা আক্ৰমণৰ প্ৰত্যুত্তৰত এই প্ৰত্যাক্ৰমণ চলোৱা বুলি স্পষ্ট কৰিছে আফগান প্ৰশাসনে।
- ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে দিল্লী টেষ্টত শক্তিশালী স্থিতিত উপনীত হৈছে ভাৰত। কালি মেচৰ দ্বিতীয় দিনা ভাৰতে ৫১৮ ৰানত ইনিংছ ঘোষণা কৰাৰ পিছত ৱেষ্ট ইণ্ডিজে খেল সামৰণি পৰলৈ ৪ উইকেটত ১৪০ ৰান সংগ্ৰহ কৰিছে। এতিয়াও দলটো প্ৰথম ইনিংছত ৩৭৮ ৰানত পিছ পৰি আছে।