জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ পৰা ভাৰত-ৱেষ্ট ইণ্ডিজৰ টেষ্টলৈ… দিনটোৰ শীৰ্ষ খবৰ
গুৱাহাটীৰ মালিগাঁৱত নাহৰ-ফুটুকীৰ মুক্ত বিচৰণ। স্বাগত হাস্পতালৰ সমীপত দেখা যায় এটা প্ৰকাণ্ড নাহৰ-ফুটুকী। চাওঁ আহক ৰাজ্যৰ পৰা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ, আজি দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ।
জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ এছআইটিৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তাৰ। তেওঁ কয় যে তদন্ত ভালদৰে চলি আছে। বিদেশী ৰাষ্ট্ৰত গৈ তদন্ত চলোৱাত থকা প্ৰত্যাহ্বান সম্পৰ্কেও অৱগত কৰে বিষয়াগৰাকীয়ে। মিউচুৱেল লিগেল ৰিকুৱেষ্ট যোগে তদন্তৰ প্ৰস্তাৱ প্ৰেৰণ কৰা বুলি জানিবলৈ দিয়ে গুপ্তাই। GMCH ৰ বিশেষজ্ঞৰ দলে লাভ কৰিলে জুবিন গাৰ্গৰ ভিচেৰা ৰিপোৰ্ট। এতিয়া মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ সৈতে এই ৰিপোৰ্টৰ পৰীক্ষা চলাব বিশেষজ্ঞই। দুদিনৰ ভিতৰত মুখ্যমন্ত্ৰীত দাখিল কৰা হ’ব এই প্ৰতিবেদন।
দাৰ্জিলিঙত ভূমিস্খলনত ক্ষতিৰ সন্মুখীন হোৱা পৰিয়াললৈ সাহায্য অসম বিজেপিৰ। আজি ৫ খন ট্ৰাকযোগে সাহায্যৰ টোপোলা প্ৰেৰণ ৰাজ্যিক বিজেপিৰ। মন্ত্ৰী পীযুষ হাজৰীকাই শুভাৰম্ভ কৰে এই কাৰ্যসূচীৰ। গুৱাহাটীৰ মালিগাঁৱত নাহৰ-ফুটুকীৰ মুক্ত বিচৰণ। স্বাগত হাস্পতালৰ সমীপত দেখা যায় এটা প্ৰকাণ্ড নাহৰ-ফুটুকী। চাওঁ আহক ৰাজ্যৰ পৰা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ, আজি দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ।