13 0CT 2025
Credits: Pinterest, Canva, Getty
TV9 ASSAM
ডালিমতকৈ বিটত তুলনামূলকভাৱে আইৰণৰ পৰিমাণ বেছি। হিম’গ্লবিন উৎপাদনৰ বাবে আইৰণ এক অপৰিহাৰ্য উপাদান। গতিকে আইৰণৰ অভাৱ ক্ষীপ্ৰতাৰে পূৰণ কৰাত বিট অধিক ফলপ্ৰসূ হ’ব পাৰে।
বিটত ফোলেটৰ অতি উত্তম উৎস। ফোলেটে পোনপটীয়াকৈ নতুন ৰক্তকণিকা গঠনত সহায় কৰে। যিটো ৰক্তহীনতা দূৰ কৰাৰ বাবে অতি গুৰুত্বপূৰ্ণ।
ডালিম ইয়াৰ উচ্চ মাত্ৰাৰ এন্টিঅক্সিডেন্ট (বিশেষকৈ পলিফিনল)ৰ বাবে জনাজাত। ই তেজত থকা ফ্ৰী ৰেডিকেলৰ ক্ষতি হ্ৰাস কৰাৰ লগতে ৰক্ত সঞ্চালন উন্নত কৰে।
এই মাহত ধনতেৰাচ, দীপাৱলী, আৰু ষট্ পূজা আদি উৎসৱ পালন কৰা হ’ব। এই উৎসৱৰ মাহত গ্ৰহৰ গতিবিধিৰ পৰিৱৰ্তনও দেখা যাব, যিয়ে ১২টা ৰাশিত যথেষ্ট প্ৰভাৱ পেলাব।
তীব্ৰ ৰক্তহীনতা বা অত্যন্ত আইৰণৰ অভাৱত বিটৰ ৰস দ্ৰুতভাৱে হিম’গ্লবিন বৃদ্ধি আৰু ৰক্তকণিকা উৎপাদনত অধিক ফলপ্ৰসূ বুলি ধৰা হয়।
যদি শৰীৰত আইৰণৰ তীব্ৰ অভাৱ হয় তেন্তে বিটৰ ৰসে হিম’গ্লবিন সোনকালে বৃদ্ধি কৰাত সহায় কৰে। আৰু যদি আপুনি মৃদু ৰক্তহীনতাৰ পৰা মুক্তি পাব বিচাৰে আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিব বিচাৰে তেন্তে বিটৰ ৰস এটা ভাল বিকল্প।
দ্ৰুত আৰু ফলপ্ৰসূ ফলাফল পাবলৈ ডালিম আৰু বিট একেলগে মিহলাই ৰস বা পেষ্ট বনাই সেৱন কৰাটো অতি উপকাৰী।
চাবলৈ ক্লিক কৰক