মৰ্মান্তিক! জাবৰৰ দ’ম খহি শিশুসহ মৃত্যু ২৪ জনৰ, এতিয়াও আৱৰ্জনাৰ তলত আৱদ্ধ বহুতো…
এনে বিপদজনক ঠাইত এই লোকসকলক থাকিবলৈ কোনে অনুমতি প্ৰদান কৰিছিল? ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে এই ঠাইৰ আৱৰ্জনাসমূহ ইমানেই মাৰাত্মক যে তাত মানুহ থকা সম্ভৱ নহয়। এ
জাবৰৰ পাহাৰ সদৃশ দ’ম খহি পৰাৰ ফলত মৃত্যু হয় ক’মেও ২৪ জনলোকৰ। এই ঘটনাত সোমবাৰলৈকে ২৪ জনৰ মৃতদেহ উদ্ধাৰ হৈছে। পৰৱৰ্তী সময়ত মৃত্যুৰ সংখ্যা বৃদ্ধি হোৱাৰ সম্ভাৱণা আছে আৰু পিড়ীতসকলক বিচাৰি উদ্ধাৰকাৰী দলে অভিযান চলাই আছে। উল্লেখ্য যে, উগাণ্ডাৰ ৰাজধানীত শুকুৰবাৰে সংঘটিত হয় এই ঘটনা। আৰক্ষীয়ে জনোৱা মতে নিহত সকলৰ ভিতৰত শিশুও আছে।
জানিব পৰা মতে ধাৰাসাৰ বৰষুণৰ ফলত জাবৰৰ বিশাল দ’ম এটা ভাঙি পৰা বুলি অনুমান কৰা হৈছে। উগাণ্ডাৰ ৰেড ক্ৰছৰ মুখপাত্ৰ আইৰিন নাকাচিতাই কয় যে নিৰুদ্দেশ হোৱা লোকসকলক জীৱিত অৱস্থাত উদ্ধাৰ কৰিব পৰা যাব বুলি আশা কৰিব নোৱাৰি। ইয়াৰোপৰি কিমানলোক নিৰুদ্দেশ হৈ আছে তাৰো কোনো নিশ্চিত তথ্য নাই। উদ্ধাৰ অভিযান চলি আছে।
উগাণ্ডাৰ ৰাষ্ট্ৰপতি যোৱেৰী মুছেভেনীয়ে এই দুৰ্ঘটনাৰ তদন্তৰ নিৰ্দেশ দিছে। ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত ৰাষ্ট্ৰপতিগৰাকীয়ে প্ৰশ্ন কৰিছে যে এনে বিপদজনক ঠাইত এই লোকসকলক থাকিবলৈ কোনে অনুমতি প্ৰদান কৰিছিল? ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে এই ঠাইৰ আৱৰ্জনাসমূহ ইমানেই মাৰাত্মক যে তাত মানুহ থকা সম্ভৱ নহয়। এনে ঠাই মানুহৰ বাবে বিপদজনক।
উগাণ্ডাৰ ৰাজধানী চহৰখনৰ এটা লেণ্ডফিল ছাইটত এই ঘটনা সংঘটিত হোৱা বুলি ৰেড ক্ৰছে প্ৰকাশ কৰিছে। ধাৰাসাৰ বৰষুণৰ ফলত এই জাবৰৰ দ’ম খহি পৰা বুলি অনুমান কৰা হৈছে। অৱশ্যে কি কাৰণে এই ঘটনা সংঘটিত হ’ল তাৰ নিশ্চিয়তা তদন্তৰ অন্ততহে জানিব পৰা যাব।
ঘটনা সংঘটিত হোৱা স্থানত বিভিন্ন ঠাইৰ পৰা আৱৰ্জনা আনি জমা কৰা হয়। উপাৰ্জনৰ বাবে প্লাষ্টিকৰ আৱৰ্জনা পৰিষ্কাৰ কৰা মহিলা আৰু শিশুসকলে তাতে ঘৰ সাজি বাসো কৰে। বছৰ বছৰ ধৰি কাম্পালা কৰ্তৃপক্ষই এই স্থান বন্ধ কৰি চহৰৰ বাহিৰত বৃহৎ অঞ্চলক আৱৰ্জনা নিষ্কাশন স্থানলৈ ৰূপান্তৰিত কৰাৰ কথা চিন্তা কৰি আহিছে যদিও এনে হৈ উঠা নাই। ২০১৬ চনতে এই আঁচনি কাৰ্যকৰী কৰাৰ কথা আছিল যদিও এতিয়ালৈকে এয়া হৈ উঠা নাই।