সংকট-বিক্ষোভে দহিছে ইৰানক; উত্তপ্ত পৰিস্থিতিয়ে প্ৰাণ কাঢ়িলে ২১৭ জনৰ, আহত কেইবা সহস্ৰাধিক
প্ৰতিবেদন অনুসৰি, কেৱল তেহৰাণৰে ছখন হাস্পতালত অন্ততঃ ২১৭ জন প্ৰতিবাদকাৰীৰ মৃত্যু হোৱাৰ তথ্য পোৱা গৈছে। ইয়াৰে অধিকসংখ্যক লোকৰে মৃত্যু হৈছে আৰক্ষীৰ গুলীচালনাত। তেহৰাণৰ উপৰি মছহাদ, কোম, ইছফাহান, বুশ্বহৰ দৰে ১১০খনৰো অধিক চৰ চহৰত হিংসাত্মক প্ৰতিবাদ অব্যাহত আছে।
ইৰানত শেহতীয়াভাৱে ৰাজনৈতিক সংকট আৰু গণ-বিক্ষোভে এক ভয়াবহ ৰূপ ধাৰণ কৰিছে। ধৰ্মীয় নেতৃত্বৰ বিৰুদ্ধে দেশজুৰি চলি থকা এই আন্দোলন যোৱা দুসপ্তাহত অত্যন্ত হিংসাত্মক হৈ পৰিছে। শুকুৰবাৰে নিশা এই প্ৰতিবাদে অধিক ভয়াৱহ ৰূপ ধাৰণ কৰে। প্ৰতিবাদকাৰীসকলে দেশৰ বিভিন্ন প্ৰান্তত তীব্ৰ উত্তজনাৰ সৃষ্টি কৰাৰ পৰিপ্ৰেক্ষিতত ইৰান চৰকাৰে সমগ্ৰ দেশতে ইন্টাৰনেট সেৱা বন্ধ কৰি দিছে। বিক্ষোভৰ এনে ভয়ংকৰ পৰিস্থিতিৰ ফলশ্ৰুতিত প্ৰাণ হেৰুৱাইছে শতাধিক লোকে।
আন্দোলনৰ পটভূমি
প্ৰথম অৱস্থাত এই আন্দোলন কেৱল আকাশলংঘী মূল্যবৃদ্ধি, নিবনুৱা সমস্যা আৰু মুদ্ৰাস্ফীতিৰ বিৰুদ্ধে আছিল। কিন্তু কালক্ৰমত ই পোনপটীয়াকৈ দেশৰ ধৰ্মীয় শাসন আৰু চৰকাৰৰ বিৰুদ্ধে এক বিদ্ৰোহলৈ পৰিৱৰ্তিত হ’ল। টাইম মেগাজিনৰ এক প্ৰতিবেদন অনুসৰি, কেৱল তেহৰাণৰে ছখন হাস্পতালত অন্ততঃ ২১৭ জন প্ৰতিবাদকাৰীৰ মৃত্যু হোৱাৰ তথ্য পোৱা গৈছে।
ইয়াৰে অধিকসংখ্যক লোকৰে মৃত্যু হৈছে আৰক্ষীৰ গুলীচালনাত। তেহৰাণৰ উপৰি মছহাদ, কোম, ইছফাহান, বুশ্বহৰ দৰে ১১০খনৰো অধিক চৰ চহৰত হিংসাত্মক প্ৰতিবাদ অব্যাহত আছে। যোৱা ১৪ দিনতকৈ অধিক সময় ধৰি চলি থকা এই আন্দোলনত বৰ্তমানলৈকে ৫ লাখতকৈ অধিক লোকে অংশগ্ৰহণ কৰিছে।
চৰকাৰী তথ্য মতে, বৰ্তমানলৈকে ২১৭ জন প্ৰতিবাদকাৰীৰ লগতে ১৪ জন সেনা জোৱানৰ মৃত্যু হৈছে। ইফালে ২,০০০তকৈ অধিক লোক প্ৰতিবাদৰ সময়ত আহত হৈছে আৰু আৰক্ষীয়ে প্ৰায় ২,৩০০ জনক জিম্মাত লৈছে বুলি তথ্য প্ৰকাশ পাইছে। প্ৰতিবাদকাৰীসকলে বহু বেংকত লুটপাত চলোৱাৰ লগতে মছজিদ আৰু চৰকাৰী ভৱনত অগ্নিসংযোগো কৰিছে।
চৰকাৰী ভাষ্য আৰু প্ৰশাসনৰ পদক্ষেপ
তেহৰাণৰ মেয়ৰ আলীৰেজা জকানীয়ে চৰকাৰী সংবাদ মাধ্যমযোগে প্ৰতিবাদকাৰীসকলে চহৰখনৰ আন্তঃগাঁথনিৰ ব্যাপক ক্ষতি কৰিছে বুলি উল্লেখ কৰিছে। তেওঁৰ ভাষ্য মতে প্ৰতিবাদকাৰীসকলে হাস্পতাল, মেডিকেল চেণ্টাৰ আৰু ইছলামিক ৰিভল্যুশ্যনেৰী গাৰ্ড কৰ্পছৰ (IRGC) চাউনীসমূহতো আক্ৰমণ চলাইছে।
কিদৰে আৰম্ভ হৈছিল এই প্ৰতিবাদ!
এই গণবিদ্ৰোহৰ সূত্ৰপাত হৈছিল বিগত বৰ্ষৰ ২৯ ডিচেম্বৰত। ইৰানী মুদ্ৰা ‘ৰিয়াল’ৰ অভাৱনীয় পতনৰ বিৰুদ্ধে ব্যৱসায়ীসকলে তেহৰাণৰ মাজমজিয়াত দোকান-পোহাৰ বন্ধ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল। ৩০ ডিচেম্বৰত তেহৰাণ বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলো এই প্ৰতিবাদত চামিল হয়। ২ জানুৱাৰীত একাংশ মাস্ক পৰিহিত বন্দুকধাৰী লোক ৰাজপথলৈ ওলাই অহাৰ পিছৰে পৰা প্ৰতিবাদকাৰী আৰু নিৰাপত্তা বাহিনীৰ মাজত সংঘৰ্ষ তীব্ৰতৰ হৈ পৰে।