5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

নেপালৰ বান আৰু ভূমিস্খলনত মৃত্যুৰ সংখ্যা ১৭০ জনলৈ বৃদ্ধি, ৫৬খন জিলালৈ সতৰ্কবাণী…

প্ৰকাশিত খবৰ অনুসৰি, নেপালৰ পূব আৰু মধ্য় অংশ সাংঘাতিক ধৰণে বানৰ কৱলত পৰিছে । নেপালৰ আৰক্ষীৰ তথ্য অনুসৰি, নেপালৰ বান আৰু ভূমিস্খলনৰ ফলত ১৭০ জন লোকৰ মৃত্যু হৈছে। ৫৬খন জিলাত জাৰি কৰা হৈছে এক সতৰ্কবাণী।

নেপালৰ বান আৰু ভূমিস্খলনত মৃত্যুৰ সংখ্যা ১৭০ জনলৈ বৃদ্ধি, ৫৬খন জিলালৈ সতৰ্কবাণী…
নেপালত বান আৰু ভূমিস্খলন
manas-borah
Manas Borah | Published: 30 Sep 2024 11:40 AM

নেপালৰ বান আৰু ভূমিস্খলনত মৃত্যুৰ সংখ্যা ১৭০ জনলৈ বৃদ্ধি পাইছে । ইয়াৰ বিপৰীতে এতিয়াও সন্ধানহীন হৈ আছে ৪২ জন লোক । প্ৰকাশিত খবৰ অনুসৰি, নেপালৰ পূব আৰু মধ্য় অংশ সাংঘাতিক ধৰণে বানৰ কৱলত পৰিছে । নেপালৰ আৰক্ষীৰ তথ্য অনুসৰি, নেপালৰ বান আৰু ভূমিস্খলনৰ ফলত ১৭০ জন লোকৰ মৃত্যু হৈছে। ৫৬খন জিলাত জাৰি কৰা হৈছে এক সতৰ্কবাণী।

গৃহ মন্ত্ৰণালয়ৰ বিষয়াসকলৰ মতে, বান আৰু ভূমিস্খলনৰ ফলত এতিয়াও ৪২ জন লোক সন্ধানহীন হৈ আছে। মুখপাত্ৰ ঋষিৰাম পোখাৰেলে কয় যে, বান আৰু ভূমিস্খলনৰ ঘটনাত ১১১ জন লোক আহত হৈছে। পোখাৰেলে লগতে কয় যে, সকলো নিৰাপত্তা সংস্থাৰ সহায়ত উদ্ধাৰ অভিযান চলি আছে। নেপাল সেনাই বিমানেৰে আৱদ্ধ হৈ থকা ১৬২ জন লোকক উদ্ধাৰ কৰি নিৰাপদ স্থানলৈ লৈ গৈছে বুলি জানিবলৈ দিছে ঋষিৰাম পোখাৰেলে ।

পোখাৰেলে কয় যে, বানৰ কৱলত পৰা প্ৰায় ৪০০০ লোকক নেপালী সেনা, নেপাল আৰক্ষী আৰু সশস্ত্ৰ আৰক্ষী বাহিনীৰ জোৱানে উদ্ধাৰ কৰিছে আৰু নিৰাপদ স্থানলৈ স্থানান্তৰ কৰিছে । লগতে তেওঁলোকক অত্যাৱশ্যকীয় সামগ্ৰী যোগান ধৰা হৈছে বুলি জানিবলৈ দিছে মুখপাত্ৰগৰাকীয়ে ।

মুখপাত্ৰগৰাকীয়ে এই কথাও জানিবলৈ দিছে যে, ভূমিস্খলনৰ বাবে শনিবাৰৰ পৰা কেইবাটা ৰাষ্ট্ৰীয় ঘাইপথ সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে । ইয়াৰ ফলত শ শ লোক ঘাইপথতে আৱদ্ধ হৈ আছে বুলি জানিবলৈ মুখপাত্ৰগৰাকীয়ে । ইফালে, এই লোকসকলক উদ্ধাৰ কৰাৰ বাবে প্ৰচেষ্টা চলাই থকা হৈছে বুলি জানিব পৰা গৈছে ।

প্ৰকাশিত তথ্য অনুসৰি, নেপালত ধাৰাসাৰ বৰষুণৰ ফলত সৃষ্টি হোৱা বানে কমেও ৩২২টা ঘৰ আৰু ১৬খন দলং ক্ষতিগ্ৰস্ত কৰিছে । কোৱা হৈছে যে, যোৱা ৪০-৪৫ বছৰত কাঠমাণ্ডু উপত্যকাত এই ধৰণৰ ভয়ংকৰ বান কেতিযাও দেখা পোৱা নাছিল । শনিবাৰে আইচিএমঅ’ডিয়ে প্ৰকাশ কৰা এক প্ৰতিবেদনত কোৱা হৈছে যে, শুকুৰবাৰ আৰু শনিবাৰে পূব আৰু মধ্য নেপালত হোৱা প্ৰচণ্ড বৰষুণৰ ফলত কাঠমাণ্ডুৰ মূল নদী বাগমাটি বিপদ সীমাৰ ওপৰেৰে বৈ আছে।

Latest News