শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ট্ৰাম্পক মুকলি প্ৰত্যাহ্বান! আমেৰিকাত ইলন মাস্কে গঠন কৰিলে নতুন ৰাজনৈতিক দল , পৰিকল্পনা কি?

আমেৰিকাত নতুন ৰাজনৈতিক দল "আমেৰিকা পাৰ্টি"ৰ কথা ঘোষণা কৰিছে ইলন মাস্কে। যিয়ে ড’নাল্ড ট্ৰাম্প আৰু বৰ্তমানৰ দুটা দলীয় ব্যৱস্থাক প্ৰত্যক্ষভাৱে প্ৰত্যাহ্বান জনাব। মাস্কৰ লক্ষ্য হৈছে গুৰুত্বপূৰ্ণ ছিনেট আৰু হাউছৰ আসনত গুৰুত্ব দি সংসদক প্ৰভাৱিত কৰা। "বিগ, বিউটিফুল বিল"ৰ দৰে বিলৰ প্ৰতিবাদত এই পদক্ষেপ গ্ৰহণ কৰিছে  মাস্কে।

ট্ৰাম্পক মুকলি প্ৰত্যাহ্বান! আমেৰিকাত ইলন মাস্কে গঠন কৰিলে নতুন ৰাজনৈতিক দল , পৰিকল্পনা কি?
ইলন মাস্ক
trishna-kalita
Trishna Kalita | Published: 06 Jul 2025 11:49 AM

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু ব্যৱসায়িক টাইকুন ইলন মাস্কৰ মাজত আৰম্ভ হোৱা উত্তেজনা এতিয়াও যেন শেষ হোৱা নাই।  শেহতীয়াকৈ ট্ৰাম্পৰ পৰা ভাবুকি পোৱাৰ পিছত এতিয়া মাস্কে এটা ডাঙৰ পদক্ষেপ লৈছে। আমেৰিকাত নতুন দল গঠনৰ কথা ঘোষণা কৰিছে মাস্কে। তেওঁ নিজে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত নতুন দলটোৰ বিষয়ে উল্লেখ কৰে। তেওঁ কয়, “ট্ৰাম্পৰ “বিগ বিউটিফুল” বিলখনে আমেৰিকাক দেউলীয়া কৰিব।” ইলন মাস্কে এক্সত ৰাজনৈতিক দলটোৰ কথা ঘোষণা কৰি দলটোক ‘আমেৰিকা পাৰ্টি’ বুলি নামকৰণ কৰে।

ইলন মাস্কৰ দলটোৰ নাম হৈছে দ্য আমেৰিকা পাৰ্টি। তেওঁ লিখিছে, ” ধ্বংস আৰু দুৰ্নীতিৰে আমাৰ দেশক দেউলীয়া কৰাৰ কথা আহিলে আমি গণতন্ত্ৰ নহয়,  ৱান পাৰ্টি চিষ্টেমত বিশ্বাস কৰোঁ। আজি আপোনালোকৰ স্বাধীনতা ঘূৰাই দিবলৈ আমেৰিকা পাৰ্টি গঠন কৰা হৈছে।” এতিয়া প্ৰশ্ন হৈছে ইলন মাস্কৰ দলৰ সম্পূৰ্ণ পৰিকল্পনা কি? ২০২৪ চনৰ আমেৰিকাৰ নিৰ্বাচনত বিশ্বৰ আটাইতকৈ ধনী ব্যক্তি ইলন মাস্কে ডাঙৰ ভূমিকা পালন কৰিছিল। তেওঁ সমগ্ৰ নিৰ্বাচনৰ পৰিচালনাৰ লগতে পুঁজিৰ কামো চম্ভালিছিল। কোৱা হৈছে যে মাস্কৰ বলত ট্ৰাম্পে নিৰ্বাচনত জয়লাভ কৰিছিল। এতিয়া নতুন দল গঠন কৰি ট্ৰাম্পক মুকলি প্ৰত্যাহ্বান দিছে মাস্কে।

নতুন দলৰ ঘোষণা সন্দৰ্ভত ইলন মাস্কে কয়, “আপোনালোকৰ স্বাধীনতা ঘূৰাই দিবলৈ আমেৰিকা পাৰ্টি গঠন কৰা হৈছে।” মাস্কে স্পষ্টভাৱে কয়, “ইয়াৰ লক্ষ্য হৈছে আমেৰিকাৰ বৰ্তমানৰ দুটা দলীয় ব্যৱস্থাত পৰিৱৰ্তন অনা আৰু ডাঙৰ ডাঙৰ আইনগত বিষয়সমূহক প্ৰভাৱিত কৰা।” মাস্কৰ কৌশল হৈছে ছিনেট আৰু হাউছ অৱ ৰিপ্ৰেজেণ্টেটিভৰ কিছুমান গুৰুত্বপূৰ্ণ আসনত গুৰুত্ব দি নিৰ্ণায়ক ভোটৰ জৰিয়তে আইন গৃহীতকৰণত প্ৰভাৱ পেলোৱা। শেহতীয়াকৈ গৃহীত হোৱা এখন বিধেয়কৰ পিছত এই পদক্ষেপ লোৱা হৈছে, যাৰ বিৰোধিতা কৰিছিল মাস্কে। এইদৰেই মাস্ক ট্ৰাম্পৰ বাবে সমস্যা হৈ পৰিব।

শেহতীয়াকৈ আমেৰিকাৰ সংসদত বিগ বিউটিফুল বিল গৃহীত হৈছে। মাস্কে এই বিধেয়কখনৰ বিৰোধিতা কৰিছিল। এই বিধেয়কখনৰ বাবেই বাঢ়িছে ট্ৰাম্প আৰু মাস্কৰ মাজত দূৰত্ব । এই বিধেয়কখনে সংসদত ২১৮টা সপক্ষে আৰু ২১৪টা বিৰোধী ভোট লাভ কৰে। মাস্কে এই ভোটসমূহ নিজৰ পক্ষত আনিবলৈ চেষ্টা কৰিছে। যাতে আগন্তুক সময়ত এনে বিধেয়ক সংসদতে বন্ধ কৰিব পৰা যায়।

নিজৰ দলৰ ঘোষণাৰ লগে লগে মাস্কে স্পষ্টভাৱে কয় যে, তেওঁ কেৱল ২ বা ৩খন চেনেটৰ আসন আৰু ৮ৰ পৰা ১০খন হাউছ জিলাত গুৰুত্ব দিব। যিয়ে দ্বিতীয় কাৰ্যকাল আৰম্ভ হোৱাৰ পিছত ফেডাৰেল বাজেট হ্ৰাস কৰাত কেন্দ্ৰীয় ভূমিকা পালন কৰিছিল। অৱশ্যে এতিয়া মাস্কে সেই আসনসমূহৰ নাম স্পষ্ট কৰা নাই।

এয়া মাস্কৰ সম্পূৰ্ণ পৰিকল্পনা

আমেৰিকাত প্ৰতি দুবছৰৰ মূৰে মূৰে ৪৩৫খন আমেৰিকাৰ সদনৰ আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হয়। ইয়াৰ বাহিৰেও ছবছৰীয়া কাৰ্যকাল সম্পূৰ্ণ কৰা চেনেটৰ ১০০ জন সদস্যৰ প্ৰায় এক তৃতীয়াংশই প্ৰতি দুবছৰৰ মূৰে মূৰে নিৰ্বাচিত হয়। মাস্কৰ চকু এই সদস্যসকলৰ ওপৰত। তেওঁ কয়,  “আগন্তুক নিৰ্বাচনত আমি এই আসনসমূহৰ ওপৰত গুৰুত্ব দি সংসদত বিৰোধীক শক্তিশালী কৰাৰ কাম কৰিম।”