শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

U.S. Presidential Election : ৫ নৱেম্বৰৰ পূৰ্বেই ৭.৫ কোটি লোকৰ আগতীয়া ভোটদান…

৭.২ কোটিৰো অধিক আমেৰিকান নাগৰিকে আগতীয়া ভোটদান ব্যৱস্থাৰ জৰিয়তে আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত ভোটাধিকাৰ সাব্যস্ত কৰিছে। আগতীয়া ভোটদানৰ ক্ষেত্ৰত আমেৰিকাৰ ৰাজ্যসমূহৰ ভিতৰত একেবাৰে আগত আছে টেক্সাছ ।

U.S. Presidential Election : ৫ নৱেম্বৰৰ পূৰ্বেই ৭.৫ কোটি লোকৰ আগতীয়া ভোটদান…
আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচন
Manas Borah
Manas Borah | Updated On: 03 Nov 2024 11:11 AM

অহা ৫ নৱেম্বৰত আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচন অনুষ্ঠিত হ’ব । উল্লেখ্য় যে, ইতিমধ্যে ৭.২ কোটিৰো অধিক আমেৰিকান নাগৰিকে আগতীয়া ভোটদান ব্যৱস্থাৰ জৰিয়তে আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত ভোটাধিকাৰ সাব্যস্ত কৰিছে। আগতীয়া ভোটদানৰ ক্ষেত্ৰত আমেৰিকাৰ ৰাজ্যসমূহৰ ভিতৰত একেবাৰে আগত আছে টেক্সাছ । টেক্সাছৰ ৮৬ লাখ ভোটাৰে আগতীয়া ভোটদান কৰিছে ।

একেদৰে ফ্ল’ৰিডাত ৭৩ লাখ, কেলিফৰ্ণিয়াত ৬৭ লাখ আৰু জৰ্জিয়াৰ ৪০ লাখ লোকে ইতিমধ্যে আগতীয়া ভোটদান কৰিছে । এই ভোটাৰসকলে ডাকযোগে বা ব্যক্তিগতভাৱে আগতীয়া ভোটদান ব্যৱস্থাৰ জৰিয়তে ভোটদান কৰিছে। মনকৰিবলগীয়া যে,আমেৰিকাৰ নিৰ্বাচনত ইমান বৃহৎ সংখ্যক আগতীয়া ভোটদান হোৱাৰ পৰা এটা কথা অনুমান কৰিব পাৰি যে, এইবাৰ আমেৰিকা ৰাষ্ট্ৰপতি নিৰ্বাচনত ভোটদানৰ হাৰ যথেষ্ট বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে ।

আগতীয়া ভোটদান ব্যৱস্থা কি?

আগতীয়া ভোটদান হ’ল এনে এক প্ৰক্ৰিয়া য’ত নাগৰিকে ভোটগ্ৰহণৰ কেইসপ্তাহমান বা কেইমাহমান আগতে ব্যক্তিগতভাৱে ভোটদান কৰিব পাৰে। এই ভোটদান মেইলৰ জৰিয়তেও কৰিব পাৰি। বহু সময়ত এনেকুৱা হয় যে, কোনো কাৰণত ভোটদানৰ দিনটোত মানুহে ভোটদানৰ সুযোগ হেৰুৱাই বা কোনো কামৰ বাবে ভোটদান কৰিব নোৱাৰে । এনে পৰিস্থিতিত এই আগতীয়া ভোটদান ব্যৱস্থাৰ জৰিয়তে তেওঁলোকে ভোটদান কৰিব পাৰে । আমেৰিকাৰ বেছিভাগ ৰাজ্যই আগতীয়াকৈ ভোটদানৰ ব্যৱস্থা কৰে। ৰাজ্যসমূহে এটা স্থান নিৰ্ধাৰণ কৰে আৰু ভোটাৰসকলে সেই স্থানলৈ গৈ ভোটদান কৰে।

৫০খন ৰাজ্যৰ এইখন দেশত সকলোৱে একেদিনাই ভোটদান কৰাটো সম্ভৱপৰ নহয় । বহুতে কৰ্মসংস্থাপন, বহুতে ব্যৱসায়ী কাম ব্যস্ত আৰু বহুতে আন দেশ ভ্ৰমণত থাকে । এনে পৰিস্থিতিত যাতে সৰ্বাধিক লোকে ভোটদানত অংশগ্ৰহণ কৰিব পাৰে, সেয়েহে এই ব্যৱস্থা কৰা হয় । যাতে কানো লোক ভোটাধিকাৰৰ পৰা বঞ্চিত নহয় আৰু নিৰ্বাচনত তেওঁলোকৰ অংশগ্ৰহণ বৃদ্ধি পায় তাৰ বাবে আগতীয়া ভোটদানৰ ব্যৱস্থা কৰা হয় ।