শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

ৰাষ্ট্ৰসংঘৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ, ইউৰোপক তীব্ৰ সমালোচনা…UNGA ৰ ভাষণত কি ক’লে ড’নাল্ড ট্ৰাম্পে?

UNGA ৰ ৮০ সংখ্যক অধিৱেশনত ভাষণ দি ৰাষ্ট্ৰপতি ট্ৰাম্পে কয় যে, ৰাষ্ট্ৰসংঘই বিশ্বত নিজৰ ভূমিকা হেৰুৱাই পেলাইছে। ৰাষ্ট্ৰসংঘই বিশ্বৰ কোনো যুদ্ধ বন্ধ কৰিব পৰা নাই। তেওঁ কয় যে, ভাৰত-পাকিস্তানৰ যুদ্ধকে ধৰি সাতখন যুদ্ধ বন্ধ কৰি দিছোঁ।

ৰাষ্ট্ৰসংঘৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ, ইউৰোপক তীব্ৰ সমালোচনা…UNGA ৰ ভাষণত কি ক’লে ড’নাল্ড ট্ৰাম্পে?
ড’নাল্ড ট্ৰাম্প
manas-borah
Manas Borah | Published: 24 Sep 2025 08:24 AM

মঙলবাৰে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ ৮০ সংখ্যক অধিৱেশনত ভাষণ দিয়ে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। ভাষণৰ সময়ত তেওঁ ভাৰত, ৰাছিয়া, চীন, ইউৰোপীয় দেশসমূহক তীব্ৰভাৱে লক্ষ্য কৰি লৈছিল। পুনৰ ভাৰত-পাকিস্তান যুদ্ধ বন্ধ কৰি দিয়া বুলিও দাবী কৰে। প্ৰায় এঘণ্টীয়া ভাষণত ট্ৰাম্পে বহুকেইটা বিষয়ৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

কি ক’লে ট্ৰাম্পে?

  1. UNGA ৰ ৮০ সংখ্যক অধিৱেশনত ভাষণ দি ৰাষ্ট্ৰপতি ট্ৰাম্পে কয় যে, ৰাষ্ট্ৰসংঘই বিশ্বত নিজৰ ভূমিকা হেৰুৱাই পেলাইছে। ৰাষ্ট্ৰসংঘই বিশ্বৰ কোনো যুদ্ধ বন্ধ কৰিব পৰা নাই। তেওঁ কয় যে, ভাৰত-পাকিস্তানৰ যুদ্ধকে ধৰি সাতখন যুদ্ধ বন্ধ কৰি দিছোঁ।
  2. ভাৰত আৰু চীনৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল ট্ৰাম্পে। তেওঁ কয় যে, ৰাছিয়াই ভাৰত আৰু চীনৰ নীতিৰ পৰা পুঁজি লাভ কৰি আছে। এই দুয়োখন দেশেই ইউক্ৰেইন যুদ্ধৰ বাবে ধন আগবঢ়াইছে। ইউৰোপীয় দেশসমূহেও ৰাছিয়াক সমৰ্থন কৰিছে।
  3. ড’নাল্ড ট্ৰাম্পে কয় যে, দীৰ্ঘদিনীয়া ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ বাবে ইউৰোপো দায়ী। তেওঁ কয় যে, ইউৰোপ ৰাছিয়াৰ শক্তিৰ ওপৰত নিৰ্ভৰশীল হৈয়ে আছে। ইউৰোপীয় দেশসমূহে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰা বন্ধ কৰিব লাগে। তেওঁ ৰাছিয়াৰ পৰা শক্তি ক্ৰয় কৰা সকলো কাম শীঘ্ৰে বন্ধ কৰাৰ আহ্বান জনায়।
  4. ট্ৰাম্পে ভাষণত ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ কথাও উল্লেখ কৰে। ৰাষ্ট্ৰপতি ট্ৰাম্পে কয় যে, পুটিনৰ সৈতে আমাৰ ভাল সম্পৰ্ক আছে। তেওঁ এজন ভাল বন্ধু। সেই সময়ত মই যদি ৰাষ্ট্ৰপতি হ’লোহেঁতেন তেন্তে হয়তো ইউক্ৰেইন যুদ্ধৰ সমাধান কৰাটো সহজ হ’লহেঁতেন।
  5. আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে, মই কাম কৰি আছো আৰু লাখ লাখ লোকৰ জীৱন ৰক্ষাৰ বাবে কাম কৰিছো। মানুহে বিচাৰে মই নোবেল বঁটা লাভ কৰোঁ, কিন্তু মোৰ বাবে নোবেল বঁটা জীৱন ৰক্ষাৰ কথা।
  6. ট্ৰাম্পে কয় যে, ৰাষ্ট্ৰসংঘই পশ্চিমীয়া দেশ আৰু তেওঁলোকৰ সীমান্তত আক্ৰমণৰ বাবে ধন আগবঢ়াইছে। ইউৰোপ ধ্বংস কৰিছে অবৈধ অনুপ্ৰৱেশকাৰীয়ে। তেওঁ কয় যে, ৰাষ্ট্ৰসংঘৰ কাম যুদ্ধ ৰোধ কৰা, পুঁজি দিয়া নহয়।
  7. এঘণ্টীয়া ভাষণত ট্ৰাম্পে গাজা, হামাছ, ইৰাণৰ বিষয়ে কয়। তেওঁ কয় যে, বিশ্বৰ পৰিস্থিতি উদ্বেগজনক। তেওঁ গাজাত যুদ্ধবিৰতিৰ বাবে অহৰহ গুৰুত্ব দি আহিছে। তাত যুদ্ধ শীঘ্ৰে বন্ধ কৰাৰ প্ৰয়োজন আছে। হামাছে শীঘ্ৰে সকলো পণবন্দীক মুকলি কৰি দিব লাগে।
  8. ড’নাল্ড ট্ৰাম্পে কয় যে, ইৰাণৰ দৰে দেশত পৰমাণু বোমা থাকিব নালাগে। ইৰাণৰ অধিকাংশ কমাণ্ডাৰ নিহত হোৱাৰ লগতে ইৰাণৰ পাৰমাণৱিক সুবিধা ধ্বংস হোৱা বুলিও তেওঁ কয়।
  9. ভাষণত তেওঁ নিজৰ দেশৰ প্ৰচুৰ প্ৰশংসা কৰে। ট্ৰাম্পে কয় যে, আমেৰিকা সোণালী যুগত আছে। আমেৰিকাৰ অৰ্থনীতি ভালেই চলি আছে। আমেৰিকা কেৱল আমেৰিকানসকলৰ বাবেহে এখন দেশ। শুল্ক আৰোপ কৰাৰ সিদ্ধান্তক তেওঁ ঐতিহাসিক বুলি অভিহিত কৰে।
  10. দ্বিতীয় কাৰ্যকালত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত ট্ৰাম্পৰ এইটোৱেই আছিল প্ৰথম ভাষণ। ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি থকাৰ সময়তে তেওঁ শেষবাৰৰ বাবে ২০২০ চনত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত ভাষণ দিছিল।