শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

শান্তিৰ প্ৰস্তাৱলৈ সমৰ্থন হামাছৰঃ গাজাত আক্ৰমণ বন্ধ কৰিবলৈ ইজৰাইলক নিৰ্দেশ ট্ৰাম্পৰ

ট্ৰাম্পে শান্তিৰ প্ৰস্তাৱ আগবঢ়াই দেওবাৰে সন্ধিয়াৰ ভিতৰত হামাছে এই চুক্তিত সন্মতি দিব লাগিব প্ৰকাশ কৰিছিল। যদি এই প্ৰস্তাৱৰ প্ৰতি হামাছে সঁহাৰি নজনায়, তেতিয়া অধিক ভয়ংকৰ সামৰিক আক্ৰমণৰো ভাবুকি দিছিল ট্ৰাম্পে। ইয়াৰ পিছতে শুকুৰবাৰে নিশা হামাছে নিজৰ সন্মতি প্ৰকাশ কৰিছে।

শান্তিৰ প্ৰস্তাৱলৈ সমৰ্থন হামাছৰঃ গাজাত আক্ৰমণ বন্ধ কৰিবলৈ ইজৰাইলক নিৰ্দেশ ট্ৰাম্পৰ
অন্ত পৰিব ইজৰাইল-হামাছ যুদ্ধImage Credit source: PTI
monjit-dutta
Monjit Dutta | Updated On: 04 Oct 2025 09:23 AM

প্ৰায় দুই বছৰজোৰা ভয়াৱহতাৰ অন্তত অৱশেষত অৱসান ঘটাৰ দিশে ইজৰাইল-হামাছৰ যুদ্ধ। আমেৰিকা ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে গাজাত শান্তি স্থাপনৰ বাবে আগবঢ়োৱা শান্তি চুক্তিৰ বহুকেইটা প্ৰস্তাৱ হামাছে মানি ল’বলৈ সন্মত হোৱাৰ পিছত এতিয়া এই নৰসংহাৰী যুদ্ধৰ অন্ত পৰাৰ আশা দেখা গৈছে। হামাছৰ সন্মতিৰ পিছতে ট্ৰাম্পে এতিয়া ইজৰাইলক গাজা ষ্ট্ৰিপত বোমা বিস্ফোৰণ বন্ধ কৰিবলৈ নিৰ্দেশ দিয়ে। ট্ৰাম্পে নিজা ছ’চিয়েল মিডিয়া একাউণ্ট যোগে এই শেহতীয়া অগ্ৰগতিৰ বিষয়ে তথা প্ৰকাশ কৰিছে।

শুকুৰবাৰে হামাছে ক্ষমতা ত্যাগ আৰু পণবন্দীৰ মুকলি কৰি দিয়াকে ধৰি ট্ৰাম্পে আগবঢ়োৱা চুক্তিৰ কেইবাটাও প্ৰস্তাৱৰ প্ৰতি সমৰ্থন প্ৰকাশ কৰে। অৱশ্যে আন কিছু প্ৰস্তাৱ সন্দৰ্ভত পেলেষ্টাইনী নাগৰিকৰ সৈতে অধিক আলোচনাৰ প্ৰয়োজন বুলি হামাছে উল্লেখ কৰে। উল্লেখ্য যে ট্ৰাম্পে শান্তিৰ প্ৰস্তাৱ আগবঢ়াই দেওবাৰে সন্ধিয়াৰ ভিতৰত হামাছে এই চুক্তিত সন্মতি দিব লাগিব প্ৰকাশ কৰিছিল।

যদি এই প্ৰস্তাৱৰ প্ৰতি হামাছে সঁহাৰি নজনায়, তেতিয়া অধিক ভয়ংকৰ সামৰিক আক্ৰমণৰো ভাবুকি দিছিল ট্ৰাম্পে। ইয়াৰ পিছতে শুকুৰবাৰে নিশা হামাছে নিজৰ সন্মতি প্ৰকাশ কৰিছে। হামাছে বন্দী হৈ থকা শ শ পেলেষ্টাইনী নাগৰিকৰ মুক্তিৰ বিনিময়ত বাকী থকা সকলো পণবন্দীক ঘূৰাই দিবলৈ ইচ্ছুক বুলি উল্লেখ কৰে।

ইয়াৰ উপৰিও ৰাজনৈতিকভাৱে স্বাধীন পেলেষ্টাইনী সংস্থা এটাক ক্ষমতা অৰ্পণ কৰাৰ ক্ষেত্ৰত দীৰ্ঘদিনীয়া ইচ্ছাও পুনৰবাৰ দোহাৰে। অৱশ্যে গাজা ষ্ট্ৰিপৰ ভৱিষ্যত আৰু পেলেষ্টাইনী অধিকাৰৰ সৈতে জড়িত প্ৰস্তাৱৰ দিশসমূহ অন্যান্য দল আৰু আন্তঃৰাষ্ট্ৰীয় আইনৰ সৈতে পেলেষ্টাইনৰ স্থিতিৰ ভিত্তিত সিদ্ধান্ত ল’ব লাগে বুলি হামাছে এক বিবৃতি যোগে কয়।

হামাছৰ এই সঁহাৰিৰ পিছতে ট্ৰাম্পে নিজা সামাজিক মাধ্যম একাউণ্ট যোগে লিখিছে, “মোৰ বিশ্বাস হামাছ স্থায়ী শান্তিৰ বাবে সাজু। এতিয়া ইজৰাইলে গাজাত বোমা বিস্ফোৰণ তৎক্ষণাত বন্ধ কৰিব লাগিব যাতে আমি পণবন্দীসকলক নিৰাপদে আৰু দ্ৰুতভাৱে মুকলি কৰিব পাৰোঁ।” এতিয়া গাজাত বোমা নিক্ষেপ কৰাটো অতি বিপজ্জনক বুলিও ট্ৰাম্পে সকীয়াই দিছে।

চলিত সপ্তাহৰ আৰম্ভণিতে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৰ সৈতে বৈঠকৰ পিছত ট্ৰাম্পে এই প্ৰস্তাৱ আগবঢ়াইছিল। এই প্ৰস্তাৱৰ অধীনত হামাছে পণবন্দীসকলক তাৎক্ষণিকভাৱে মুকলি কৰি দিয়াৰ লগতে হামাছে ক্ষমতা ত্যাগ কৰি নিৰস্ত্ৰকৰণ কৰিব বুলিও উল্লেখ কৰা হৈছিল। অৱশ্যে হামাছৰ বিবৃতিত নিৰস্ত্ৰকৰণ সন্দৰ্ভত কোনো কথা উল্লেখ কৰা হোৱা নাই।

শান্তি চুক্তি মতে ইজৰাইলে আক্ৰমণ বন্ধ কৰি পেলেষ্টাইনৰ অধিকাংশ ভূখণ্ডৰ পৰা আঁতৰি আহিব আৰু শ শ পেলেষ্টাইনী বন্দীক মুকলি কৰি দিব। লগতে মানৱীয় সাহায্য আৰু পুনৰ্গঠনৰ বাবেও অনুমতি দিব লাগিব ইজৰাইলে। উল্লেখ্য যে ২০২৩ চনৰ ৭ অক্টোবৰত হামাছে অতৰ্কিতে ইজৰাইলত চলোৱা আক্ৰমণৰ পিছতে এই সংহাৰী যুদ্ধৰ আৰম্ভণি হৈছিল।

তেতিয়াৰ পৰা অব্যাহত থকা এই যুদ্ধই অহা ৭ অক্টোবৰত দ্বিতীয়টো বৰ্ষত ভৰি দিব। হামাছৰ এই আক্ৰমণত ইজৰাইলত প্ৰায় ১২০০ লোকৰ মৃত্যু হৈছিল। কিন্তু ইয়াৰ পিছতে ইজৰাইলে চলোৱা আক্ৰমণত এইপৰ্যন্ত ৬৬ হাজাৰৰো অধিক পেলেষ্টাইনী নিহত হোৱা বুলি গাজাৰ স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। এই আক্ৰমণে গাজা চহৰক ধ্বংসস্তূপত পৰিণত কৰিছে।