শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

সকলোৰে বাবে নহয়! ভাৰতৰ বাবে ডাঙৰ উপহাৰ আমেৰিকাৰ, ট্ৰাম্পে কৰিলে ঘোষণা…

চীনৰ সৈতে চুক্তি স্বাক্ষৰ কৰাৰ পাছতে এতিয়া ভাৰতৰ সৈতে বাণিজ্যিক চুক্তি কৰিবলৈ আগবাঢ়িছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্প। বৃহস্পতিবাৰে এই ঘোষণা কৰে ট্ৰাম্পে। তেওঁ কয় যে, ভাৰতৰ সৈতে ডাঙৰ চুক্তি হ'বলৈ গৈ আছে।

সকলোৰে বাবে নহয়! ভাৰতৰ বাবে ডাঙৰ উপহাৰ আমেৰিকাৰ, ট্ৰাম্পে কৰিলে ঘোষণা…
মোদী-ট্ৰাম্পImage Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Updated On: 27 Jun 2025 08:35 AM

ভাৰত আৰু আমেৰিকাৰ মাজত কোনো ডাঙৰ চুক্তি হ’বলৈ গৈ আছে, এই ইংগিত প্ৰদান কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। ‘বিগ বিউটিফুল বিল’ কাৰ্যসূচীত ভাষণ দি ট্ৰাম্পে কয় যে, শীঘ্ৰেই ভাৰত আৰু আমেৰিকাৰ মাজত কোনো ডাঙৰ বাণিজ্যিক চুক্তি স্বাক্ষৰ হ’ব। বৃহস্পতিবাৰে এই ঘোষণা কৰি ট্ৰাম্পে কয় যে, আমেৰিকাই চীনৰ সৈতে চুক্তি স্বাক্ষৰ কৰিছে। ভাৰতৰ সৈতেও শীঘ্ৰেই ডাঙৰ বাণিজ্যিক চুক্তি স্বাক্ষৰ হ’ব।

ট্ৰাম্পে কয় যে, “সকলোৱে চুক্তি কৰিব বিচাৰে আৰু তাৰ অংশ হ’ব বিচাৰে। আমি কালি চীনৰ সৈতে চুক্তি স্বাক্ষৰ কৰিছো। আমি কিছুমান ডাঙৰ চুক্তিৰ ওপৰত কাম কৰি আছো। ইয়াৰ পিছত আমি হয়তো ভাৰতৰ সৈতে চুক্তি কৰিম। ভাৰতৰ সৈতে আমেৰিকাই ডাঙৰ বাণিজ্যিক চুক্তি স্বাক্ষৰ কৰিব”।

ট্ৰাম্পে আৰু কয়, “আমি সকলো দেশৰ সৈতে চুক্তি নকৰো। কিন্তু কিছুমান বিশেষ চুক্তিৰ ওপৰত কাম কৰি আছো। ভাৰতৰ সৈতে আমাৰ বাণিজ্যিক চুক্তি হ’ব। এইটো ডাঙৰ কথা। আমি ভাৰতৰ বাবে দুৱাৰ খুলি দিয়াৰ বিপৰীতে চীনৰ সৈতে কৰা চুক্তিৰ জৰিয়তে চীনৰ বাবেও দুৱাৰ খুলি দিছো”।

 

উল্লেখ্য যে, বৃহস্পতিবাৰে চীনৰ সৈতে আমেৰিকাই চুক্তি স্বাক্ষৰ কৰা বুলি ঘোষণা কৰে ট্ৰাম্পে। অৱশ্যে এয়া কি চুক্তি, ইয়াৰ ফলত কাৰ কি লাভ হ’ব এই সন্দৰ্ভত কোনো মন্তব্য প্ৰকাশ কৰা নাই। কিছুদিন পূৰ্বে দুয়োখন দেশৰ মাজত এক চুক্তি হৈছিল। যাৰ অধীনত আমেৰিকাই চীনৰ পৰা চুম্বক আৰু ৰেয়ৰ অৰ্থ মিনাৰেল্স পদাৰ্থৰ যোগান লাভ কৰিব । ইয়াৰ  বিনিময়ত চীনা ছাত্ৰ-ছাত্ৰীক আমেৰিকাৰ কলেজ আৰু বিশ্ববিদ্যালয়ত অধ্যয়নৰ অনুমতি দিয়া হ’ব। এই চুক্তিৰ অধীনত আমেৰিকাই চীনৰ পৰা আমদানি কৰা সামগ্ৰীৰ ওপৰত ৫৫ শতাংশ শুল্ক আৰোপ কৰাৰ বিপৰীতে চীনে আমেৰিকাৰ আমদানিৰ ওপৰত ১০ শতাংশ শুল্ক আৰোপ কৰিব।

ট্ৰাম্পে ২০২৫ চনৰ ফেব্ৰুৱাৰী মাহত চীনৰ পৰা আমদানি কৰা সামগ্ৰীৰ ওপৰত ১০ শতাংশ শুল্ক আৰোপ কৰিছিল আৰু পিছত ২০% লৈ বৃদ্ধি কৰিছিল। এপ্ৰিল মাহত আমেৰিকাই চীনৰ আমদানিৰ ওপৰত শুল্ক ১০৪ আৰু তাৰ পিছত ২৪৫ শতাংশলৈ বৃদ্ধি কৰিছিল। ইয়াৰ পিছত চীনে ইয়াৰ প্ৰতিশোধ লয় আৰু আমেৰিকাৰ সামগ্ৰীৰ ওপৰত ৩৪%ৰ পৰা ১২৫%লৈকে শুল্ক আৰোপ কৰে। দুই দেশৰ বাণিজ্যিক যুদ্ধই বিশ্বৰ অৰ্থনীতি ক্ষেত্ৰখনত যথেষ্ঠ প্ৰভাৱ পেলাইছিল।

 

অন্য খবৰ পঢ়কঃ ড’নাল্ড ট্ৰাম্প মানসিকভাবে সুস্থ নহয়, সেয়ে তেওঁৰ কথাৰ কোনো ঠিক নাইঃ ভতিজাক ফ্ৰেড ট্ৰাম্প তৃতীয়