শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

প্ৰথম পচন্দ! শীঘ্ৰেই ভাৰত আহিব আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প…

আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰাৰ পৰা বিশেষ চৰ্চাত আছে ড'নাল্ড ট্ৰাম্প। ইয়াৰ মাজতে মঙলবাৰে আমেৰিকাৰ নতুন বিদেশ সচিব মাৰ্কো ৰুবিঅ’ই ভাৰতৰ বৈদেশিক মন্ত্ৰী ড০ এছ. জয়শংকৰৰ সৈতে এক বৈঠকত মিলিত হয়।

প্ৰথম পচন্দ! শীঘ্ৰেই ভাৰত আহিব আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প…
মোদী-ট্ৰাম্পImage Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Published: 22 Jan 2025 15:48 PM

দ্বিতীয়বাৰৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰাৰ পাছৰে পৰা বিশেষ চৰ্চাত আছে ড’নাল্ড ট্ৰাম্প। ২০ জানুৱাৰীত ট্ৰাম্পে আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰাৰ পাছৰে পৰা বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। তৃতীয় লিংগৰ ধাৰণা অগ্ৰাহ্য কৰাৰ পৰা আৰম্ভ কৰি প্ৰাক্তন ৰাষ্ট্ৰপতি জ’ বাইডেনৰ সিদ্ধান্ত বাতিল, বিশ্ব স্বাস্থ্য সংস্থাৰ সদস্যতা পদ ত্যাগকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। ট্ৰাম্পৰ নতুন শাসনৰ আৰম্ভণিতে ভাৰতৰ সৈতে থকা সম্পৰ্কক অগ্ৰাধিকাৰ দি বৈদেশিক নীতিৰ মজবুত কৰাত গুৰুত্ব দিছে।

মঙলবাৰে আমেৰিকাৰ নতুন বিদেশ সচিব মাৰ্কো ৰুবিঅ’ই ভাৰতৰ বৈদেশিক মন্ত্ৰী ড০ এছ. জয়শংকৰৰ সৈতে এক বৈঠকত মিলিত হয়। এই ঐতিহাসিক পদক্ষেপে ভাৰত আৰু আমেৰিকাৰ মাজত ক্ৰমবৰ্ধমান কৌশলগত সহযোগিতাক প্ৰদৰ্শন কৰিছে।  ইয়াৰ পাছতে সামাজিক মাধ্যমত এছ জয়শংকৰে লিখিছে যে-  ‘নতুন বিদেশ সচিব মাৰ্কো ৰুবিঅ’ৰ সৈতে দ্বিপাক্ষিক বৈঠক এক আনন্দৰ বিষয়। এই বৈঠকত আমি বিভিন্ন দিশৰ ওপৰত আলোচনা কৰিলো আৰু ইতিমধ্যে ৰুবিঅ’ ৰ এই দিশসমূহৰ ওপৰত সমৰ্থন আছে। আঞ্চলিক আৰু বিশ্বব্যাপী বিষয়সমূহৰ ওপৰতো আমি আমাৰ মতামত প্ৰকাশ কৰিলো। পাৰস্পৰিক কৌশলগত সহযোগিতাক আগুৱাই নিয়াৰ বাবে একেলগে কাম কৰিবলৈ প্ৰস্তুত।

ভাৰত আহিব ট্ৰাম্প

ইয়াৰোপৰি শীঘ্ৰেই ভাৰতলৈ আহিব আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প। কোৱাড দেশৰ বৈদেশিক মন্ত্ৰীসকলৰ বৈঠকৰ অন্তত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। উল্লেখ কৰা প্ৰয়োজন যে, আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকী কোৱাড সন্মিলনত অংশ গ্ৰহ কৰিবলৈ ভাৰতত আহিব। এই সন্দৰ্ভত কোৱাড দেশসমূহে এক যৌথ বিবৃতি প্ৰকাশ কৰি কোৱাড সন্মিলনৰ সময়ত ভাৰত ভ্ৰমণৰ আনুষ্ঠানিক ঘোষণা কৰিছে।

ভাৰতৰ ভূমিকা

উল্লেখ্য যে, বৃহৎ কূটনৈতিক পদক্ষেপ হিচাপে মঙলবাৰে ট্ৰাম্প প্ৰশাসনে ৱাশ্বিংটনত কোৱাড দেশসমূহৰ (আমেৰিকা, ভাৰত, অষ্ট্ৰেলিয়া, জাপান) বৈদেশিক মন্ত্ৰীসকলৰ বৈঠক আয়োজন কৰে। এই বৈঠকত মন্ত্ৰীসকলে ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত শান্তি, স্থিতিশীলতা আৰু সমৃদ্ধি নিশ্চিত কৰা আদি দিশৰ ওপৰত আলোচনা কৰে। ভাৰতৰ বৈদেশিক মন্ত্ৰী ড° জয়শংকৰে এই বিষয়ে X ত লিখিছে যে, “আজি ৱাশ্বিংটন ডি চিত কোৱাড দেশসমূহৰ বৈদেশিক মন্ত্ৰীসকলৰ বৈঠকত অংশগ্ৰহণ কৰো। এই আলোচনাত ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলটোক মুক্ত, মুকলি, সুস্থিৰ আৰু সমৃদ্ধিশালী কৰি তোলা আদিকে ধৰি বিভিন্ন বিষয়ে স্থান লাভ কৰিছিল। এই বৈঠকে এটা স্পষ্ট বাৰ্তা প্ৰেৰণ কৰে যে অনিশ্চিত আৰু অস্থিৰ পৃথিৱীত কোৱাড বিশ্ব মংগলৰ বাবে এক শক্তি হৈ থাকিব।