শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

আমেৰিকাক পাৰমাণৱিক বোমাৰ গোপন নথি বিক্ৰী, শীৰ্ষ সেনা বিষয়াৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ…

৭৫ বছৰীয়া চীনা সেনাৰ জেনেৰেল ঝাংগ ইউজিয়া চীনৰ সেনাবাহিনীৰ সৰ্বোচ্চ সংস্থা কেন্দ্ৰীয় সামৰিক আয়োগৰ উপাধ্যক্ষ। তেওঁৰ বিৰুদ্ধে চীনৰ পাৰমাণৱিক অস্ত্ৰৰ সৈতে জড়িত ‘কোৰ টেকনিকেল ডাটা’ আমেৰিকালৈ চোৰাংভাৱে সৰবৰাহ কৰাৰ অভিযোগ উত্থাপন হৈছে।

আমেৰিকাক পাৰমাণৱিক বোমাৰ গোপন নথি বিক্ৰী, শীৰ্ষ সেনা বিষয়াৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ…
চীনৰ সেনা বিষয়া
Trishna Kalita
Trishna Kalita | Published: 28 Jan 2026 12:31 PM

চীনৰ সেনাবাহিনীৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ কোনো নতুন কথা নহয়! কিন্তু শেহতীয়াকৈ চীনত তেনেকুৱা ডাঙৰ বিতৰ্কৰ সৃষ্টি হোৱা নাই। এই বিতৰ্ক চীনৰ সেনাৰ পাৰমাণৱিক বোমা সম্পৰ্কীয় ‘টপ ছিক্ৰেট’ বা অতি গোপনীয় নথি-পত্ৰৰ পৰাই আৰম্ভ হৈছিল। ৱাল ষ্ট্ৰীট জাৰ্নেলে প্ৰকাশ কৰা অনুসৰি চীনৰ এজন শীৰ্ষ সামৰিক বিষয়াই সেই ‘টপ ছিক্ৰেট’ ফাইলবোৰ গোপনে আমেৰিকালৈ সৰবৰাহ কৰিছিল। ফলত চীনৰ পাৰমাণৱিক বোমা নিৰ্মাণৰ সকলো কাৰ্যকলাপ ৱাশ্বিংটনত ফাদিল হৈছিল।

৭৫ বছৰীয়া চীনা সেনাৰ জেনেৰেল ঝাংগ ইউজিয়া চীনৰ সেনাবাহিনীৰ সৰ্বোচ্চ সংস্থা কেন্দ্ৰীয় সামৰিক আয়োগৰ উপাধ্যক্ষ। তেওঁৰ বিৰুদ্ধে চীনৰ পাৰমাণৱিক অস্ত্ৰৰ সৈতে জড়িত ‘কোৰ টেকনিকেল ডাটা’ আমেৰিকালৈ চোৰাংভাৱে সৰবৰাহ কৰাৰ অভিযোগ উত্থাপন হৈছে। কেৱল সেয়াই নহয়, জেনেৰেলৰ পৰা প্ৰতিৰক্ষা মন্ত্ৰীৰ পদ লাভ কৰিবলৈ গুৰুত্বপূৰ্ণ আৰু উচ্চ পদস্থ সামৰিক বিষয়াক উৎকোচ দিয়াৰ অভিযোগো উত্থাপন হৈছে। এসময়ত ঝাংগ ৰাষ্ট্ৰপতি ছি জিনপিঙৰ অতি বিশ্বাসী আছিল। তেওঁৰ দৰে এজন গুৰুত্বপূৰ্ণ ব্যক্তিৰ বিৰুদ্ধে এনে গুৰুতৰ অভিযোগৰ তদন্ত ইতিমধ্যে আৰম্ভ কৰিছে বেইজিঙে। অৱশ্যে এই তদন্ত কেৱল নামতহে, এয়া শক্তিৰ প্ৰদৰ্শনৰ আহিলা মাত্ৰ। আচলতে ঝাংগক ফাঁচী দিয়াৰ পৰিকল্পনা প্ৰস্তুত কৰা হৈছে।

চীনৰ পাৰমাণৱিক অস্ত্ৰ প্ৰকল্পৰ তদাৰক কৰা চৰকাৰী সংস্থাৰ শীৰ্ষ বিষয়া ঝাংগ। সেই সংস্থাটোৱেই চীনৰ পাৰমাণৱিক বোমাৰ গৱেষণা, বিকাশ আৰু ক্ৰয়ৰ দায়িত্ব লয়। ৱাল ষ্ট্ৰীট জাৰ্নেলে দাবী কৰিছে যে ঝাংগে সংস্থাটোত থকা নিজৰ পদবী ব্যৱহাৰ কৰি বৃহৎ ডলাৰৰ বিনিময়ত সকলো গোপন তথ্য ৱাশ্বিংটনলৈ চোৰাংকৈ লৈ গৈছিল। সেই ধন তেওঁ নিজৰ পদোন্নতিৰ বাবেও ‘উৎকোচ’ দিবলৈ ব্যৱহাৰ কৰিছিল। কিন্তু চীনৰ প্ৰতিৰক্ষা মন্ত্ৰালয় বা চীনৰ দূতাবাসে এই অভিযোগৰ কোনো সঁহাৰি নিদিলে। অৱশ্যে বিবিচিয়ে দাবী কৰিছে যে ইতিমধ্যে ঝাংগক কেন্দ্ৰীয় সামৰিক আয়োগৰ পৰা বহিষ্কাৰ কৰা হৈছে। কেৱল সেয়াই নহয়, বৰ্তমান সাতজনীয়া সামৰিক আয়োগৰ মাত্ৰ দুজন সদস্যইহে দায়িত্ব পালন কৰি আছে। দুৰ্নীতিকে ধৰি ধাৰাবাহিক অভিযোগৰ বাবে বাকী সদস্যসকলকো কৰ্তব্যৰ পৰা অপসাৰণ কৰা হৈছে।

ইফালে কেন্দ্ৰীয় সামৰিক আয়োগৰ আন এজন সদস্য লিউ জেনলিৰ বিৰুদ্ধেও গুৰুতৰ অভিযোগৰ ভিত্তিত তদন্ত আৰম্ভ কৰিছে বেইজিঙে। লগতে তেওঁৰ বিৰুদ্ধে অবৈধ কাম আৰু কৰ্তব্যত অৱহেলাৰ অভিযোগ উত্থাপন হৈছে। এই দুগৰাকী শীৰ্ষ বিষয়াৰ বিৰুদ্ধে উত্থাপিত দুৰ্নীতিৰ অভিযোগে চীনৰ শীৰ্ষ সেনাবাহিনীৰ মাজত কৌতুহলৰ সৃষ্টি কৰিছে। প্ৰথমবাৰৰ বাবে সেই দেশত ছি জিনপিঙৰ মিত্ৰ দেশৰ বিৰুদ্ধে তদন্ত আৰম্ভ হৈছে। ঝাংগ আৰু লিউ দুয়োজনেই চীনৰ শীৰ্ষ জেনেৰেল। দুয়োজনে ১৯৭০ আৰু ১৯৮০ চনত ভিয়েটনাম যুদ্ধত যুঁজিছিল। ৬১ বছৰীয়া লিউ চীনৰ সেনাৰ প্ৰশিক্ষণ, অভিযান আৰু চোৰাংচোৱাৰ দায়িত্বত থকা পিপলছ লিবাৰেচন আৰ্মিৰ যুটীয়া কৰ্মচাৰী বিভাগৰ মুৰব্বী।

বিগত দুবছৰ ধৰি চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙে সমগ্ৰ দেশতে সামৰিক বাহিনীৰ ভিতৰত দুৰ্নীতি দমন কৰিবলৈ অভিযান আৰম্ভ কৰিছে। ৱাল ষ্ট্ৰীট জাৰ্নেলে দাবী কৰিছে যে সেই অভিযানৰ ফলস্বৰূপে এই দুৰ্নীতি উন্মোচিত হৈছে। ১৯৮০ চনত গঠন হোৱা কেন্দ্ৰীয় সামৰিক আয়োগ হৈছে চীনৰ সেনাবাহিনীৰ সৰ্বোচ্চ নিয়ন্ত্ৰণকাৰী সংস্থা। এই আয়োগে লাখ লাখ সৈনিকক নিয়ন্ত্ৰণ কৰে। সেই আয়োগৰ সদস্যৰ সংখ্যা এতিয়া দুজনলৈ হ্ৰাস পাইছে। যাৰ ফলত চীনৰ সেনাই আপাততঃ টাইৱান জয় কৰিব নোৱাৰিব বুলি দাবী কৰিছে প্ৰতিৰক্ষা বিশেষজ্ঞসকলে।