শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

বাংলাদেশক আগত ৰাখি পাকিস্তানৰ সৈতে গোপন অভিসন্ধি চীনৰ! আমেৰিকাৰ প্ৰতিবেদনক লৈ চাঞ্চল্য…

বাংলাদেশৰ আঁৰত চীনে ৰচিছে নেকি বৃহৎ ষড়যন্ত্ৰ? আমেৰিকাৰ এক প্ৰতিবেদনত উন্মোচিত হৈছে চাঞ্চল্যকৰ তথ্য। দেওবাৰে আমেৰিকাৰ প্ৰতিৰক্ষা চোৰাংচোৱা সংস্থাৰ ‘বাৰ্ষিক ভাবুকি মূল্যায়ন’ প্ৰতিবেদন প্ৰকাশ কৰে। এই প্ৰতিবেদন বিশ্বৰ ক’ত কি ষড়যন্ত্ৰ চলি আছে সেই সম্পৰ্কে গোপন তথ্যৰ ভিত্তিত প্ৰস্তুত কৰা হৈছে।

বাংলাদেশক আগত ৰাখি পাকিস্তানৰ সৈতে গোপন অভিসন্ধি চীনৰ! আমেৰিকাৰ প্ৰতিবেদনক লৈ চাঞ্চল্য…
পাকিস্তানৰ সৈতে গোপন অভিসন্ধি চীনৰ!
Trishna Kalita
Trishna Kalita | Updated On: 26 May 2025 16:04 PM

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে আমেৰিকাৰ চোৰাংচোৱা সংস্থাই প্ৰকাশ কৰা এক প্ৰতিবেদনত উন্মোচিত হৈছে চাঞ্চল্যকৰ তথ্য।  আমেৰিকাৰ বাৰ্ষিক প্ৰতিবেদনত  বিশেষ গুৰুত্ব দিয়া হৈছে বাংলাদেশ-চীনৰ ভাবুকি আৰু ষড়যন্ত্ৰক। আমেৰিকাৰ চোৰাংচোৱা সংস্থাই দাবী কৰে যে এই দুয়োখন দেশে কোনো ষড়যন্ত্ৰক জড়িত হৈ আছে।  প্ৰতিবেদনত কোৱা মতে, চীনে প্ৰশিক্ষণ দিছে আৰু বাংলাদেশে খেলিছে। দেশখনে পদ্মা নদীৰ পাৰত নিজাকৈ সামৰিক আন্তঃগাঁথনি নিৰ্মাণ কৰি থকাৰ তথ্যও প্ৰকাশ পাইছে এই প্ৰতিবেদনত।

বাংলাদেশৰ উপৰিও চীনৰ সামৰিক আন্তঃগাঁথনি সম্প্ৰসাৰণৰ লগত জড়িত দেশসমূহৰ তালিকাত ম্যানমাৰ, থাইলেণ্ড, ইণ্ডোনেছিয়া, পাকিস্তান, শ্ৰীলংকা, ইউএই, কিউবা, কেনিয়া, গিনি, ছিচেলছ, তাঞ্জানিয়া, এংগোলা, নাইজেৰিয়া, নামিবিয়া, মোজাম্বিক, গাবন, পপুৱা নিউগিনি, ছোলেমন দ্বীপপুঞ্জ আৰু তাজিকিস্তান আদিক অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াৰ উপৰিও প্ৰতিবেদনত দাবী কৰা হৈছে যে আমেৰিকা আৰু ইয়াৰ মিত্ৰ দেশসমূহক লজ্জিত কৰাৰ লগতে পূব এছিয়াৰ নিৰ্বিবাদ ৰজা হ’বলৈ এই সকলোবোৰ পৰিকল্পনা কৰিছে চীনৰ  ছি জিনপিঙে ।

মন কৰিবলগীয়া যে কেৱল বাংলাদেশেই নহয়, এই প্রতিবেদনত আমেৰিকাৰ চোৰাংচোৱা সংস্থাই উদঙাইছে পাকিস্তানৰ গোপন পৰিকল্পনা৷ তেওঁলোকে কয় যে, চীনৰ সহায়ত  ‘জুই’ জ্বলাইছে পাকিস্তানে। যদিও এই সংঘাত শেষ হৈছে, এতিয়াও তেওঁলোকৰ ঘাঁ শুকুৱা নাই। ।যাৰ বাবে প্ৰতিশোধৰ ষড়যন্ত্ৰ ৰচিছে দেশখনে, আৰু সেই কামত তেওঁলোকক সহযোগ কৰিছে চীনে।

ইফালে আমেৰিকাৰ প্ৰতিবেদন অনুসৰি সীমান্ত সংঘাত অব্যাহত ৰাখিবলৈ নিজৰ পাৰমাণৱিক অস্ত্ৰভাণ্ডাৰ আধুনিকীকৰণ কৰিছে পাকিস্তানে । আনকি চীনৰ পৰা প্ৰয়োজনীয় পাৰমাণৱিক সামগ্ৰী আমদানি কৰি গণধ্বংসী অস্ত্ৰৰ উৎপাদনৰ প্ৰস্তুতি চলাই থকা হৈছে।