শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

পাকিস্তানত ভয়ানক দুৰ্ঘটনাঃ দুই পৃথক বাছ দুৰ্ঘটনাত ৩৭ জনৰ মৃত্যু, আহত কেইবাজনো

আজি পাকিস্তানত সংঘটিত হোৱা দুটাকৈ পৃথক বাছ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছে ১১ জন ভক্তসহ ৩৭ জন লোকে। এই ভয়াৱহ দুৰ্ঘটনা দুটাত আহত হৈছে কেইবাজনো লোক। ইয়াৰে এক দুৰ্ঘটনা পঞ্জাৱ প্ৰদেশত সংঘটিত হোৱাৰ বিপৰীতে আনটো দুৰ্ঘটনা সংঘটিত হয় বেলুচিস্তান প্ৰদেশৰ মাক্ৰাণ উপকূলীয় অঞ্চলত।

পাকিস্তানত ভয়ানক দুৰ্ঘটনাঃ দুই পৃথক বাছ দুৰ্ঘটনাত ৩৭ জনৰ মৃত্যু, আহত কেইবাজনো
প্ৰতিনিধিত্বমূলক ছবি
monjit-dutta
Monjit Dutta | Published: 25 Aug 2024 17:10 PM

দুটাকৈ ভয়াৱহ বাছ দুৰ্ঘটনাই জোকাৰি গৈছে পাকিস্তান। এই দুই পৃথক দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছে ১১ জন ভক্তসহ ৩৭ জন লোকে। আহত হৈছে কেইবাজনো লোক। আজি পুৱাৰ ভাগত সংঘটিত হৈছে এই শোকাৱহ ঘটনা। প্ৰকাশিত খবৰ অনুসৰি পাকিস্তানৰ পঞ্জাৱ প্ৰদেশত সংঘটিত হয় প্ৰথমটো দুৰ্ঘটনা। হাভেলী কহুটাৰ পৰা ৰাৱালপিণ্ডিলৈ গৈ থকাৰ সময়তে দুৰ্ঘটনাত পতিত হয় বাছখন। যাত্ৰীবাহী এই বাছখনত প্ৰায় ৩৫ জন যাত্ৰী আছিল বুলি জানিব পৰা গৈছে।

ৰাৱালপিণ্ডি অভিমুখে গৈ থকাৰ সময়তে পানা দলঙৰ সমীপত বাছখন দুৰ্ঘটনাগ্ৰস্ত হয় আৰু ইয়াৰ ফলত বাছখনত থকা ৩৫ জন যাত্ৰীৰ ভিতৰত প্ৰায় ২৬ জনৰ মৃত্যু হয়। অৱশ্যে কি কাৰণত বাছখন এনে ভয়ানক দুৰ্ঘটনাৰ সন্মুখীন হয়, সেই বিষয়ে এইপৰ্যন্ত জানিব পৰা হোৱা নাই বুলি স্থানীয় সংবাদ মাধ্যমে প্ৰকাশ কৰিছে।

কহুটা ৰাৱালপিণ্ডি জিলাৰে এখন তহচিল। চহৰৰ পৰা এঘণ্টাৰ দূৰত্বত অৱস্থিত এই অঞ্চল। দুৰ্ঘটনাৰ পিছতে স্থানীয় লোকসকলে আৰক্ষী প্ৰশাসনক খবৰ দিয়ে যদিও প্ৰশাসনলৈ অপেক্ষা নকৰি তাৎক্ষণিকভাৱে উদ্ধাৰ অভিযান আৰম্ভ কৰে আৰু বাছখনৰ পৰা নিহত লোকসকলৰ মৃতদেহ উলিয়াই আনে।

স্থানীয় লোকসকলে এই উদ্ধাৰ অভিযান চলাই থকাৰ সময়তে স্থানীয় আৰক্ষী আৰু উদ্ধাৰকাৰী দল ঘটনাস্থলীত উপস্থিত হয়। দুৰ্ঘটনাত আহত লোকসকলক আৰক্ষীয়ে লগে লগে স্থানীয় চিকিৎসালয়লৈ প্ৰেৰণ কৰে। জিলাখনৰ এগৰাকী শীৰ্ষ প্ৰশাসনিক বিষয়াই জানিবলৈ দিয়া মতে দুৰ্ঘটনাত নিহত লোকসকলৰ ভিতৰত বহুকেইজন শিশু আৰু মহিলাও আছে।

আনহাতে আনটো দুৰ্ঘটনা সংঘটিত হয় বেলুচিস্তান প্ৰদেশৰ মাক্ৰাণ উপকূলীয় অঞ্চলত। দুৰ্ঘটনাগ্ৰস্ত বাছখন ইৰাণৰ পৰা পঞ্জাৱ প্ৰদেশলৈ উভতি আহিছিল। বাছখনত প্ৰায় ৭০ গৰাকী ছিয়া তীৰ্থযাত্ৰীক কঢ়িয়াই অনা হৈছিল। আৰক্ষীয়ে সদৰী কৰা মতে এই দুৰ্ঘটনাত ১১ জন তীৰ্থযাত্ৰী নিহত হয়। আনহাতে দুৰ্ঘটনাত প্ৰায় ৩৫ জন লোক আহত হয়।

দুৰ্ঘটনাত পতিত বাছখনৰ অধিকাংশ যাত্ৰী লাহোৰ আৰু গুজৰাণৱালাৰ বাসিন্দা বুলি কৰ্তৃপক্ষই সদৰী কৰিছে। এই দুৰ্ঘটনাৰ বিষয়ে খবৰ লাভ কৰাৰ পিছতে স্থানীয় আৰক্ষী প্ৰশাসনৰ এটা দল ঘটনাস্থলীত উপস্থিত হয় আৰু তাৎক্ষণিকভাৱে উদ্ধাৰ অভিযান আৰম্ভ কৰে। আহত লোকসকলক লগে লগে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় বুলি স্থানীয় এগৰাকী প্ৰশাসনিক বিষয়াই জানিবলৈ দিয়ে।

লক্ষণীয়ভাৱে কিছুদিন পূৰ্বেও পাকিস্তানত আন এক ভয়াৱহ দুৰ্ঘটনা সংঘটিত হৈছিল। তীৰ্থযাত্ৰী কঢ়িয়াই অনা এখন বাছে দুৰ্ঘটনাৰ সন্মুখীন হোৱাৰ ফলত প্ৰায় ৩৫ জন লোক নিহত হৈছিল আৰু ১৫ জন লোক আহত হৈছিল। এই বাছখনতো ইৰাণৰ পৰা তীৰ্থযাত্ৰী কঢ়িয়াই অনা হৈছিল।