শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

ব্ৰাজিলত আৰক্ষীৰ সৰ্ববৃহৎ অভিযান, এই পৰ্যন্ত ১৩০ জনৰ মৃত্যু, উচ্চতম ন্যায়ালয়ে বিচাৰিছে উত্তৰ

ব্ৰাজিলৰ ইতিহাসৰ অন্যতম মাৰাত্মক আৰক্ষী অভিযানৰ এই “গণহত্যা”ক লৈ  উদ্বেগ প্ৰকাশ কৰিছে ৰাষ্ট্ৰসংঘ আৰু মানৱ অধিকাৰ সংস্থাসমূহে। কৰ্তৃপক্ষই "নাৰ্কো-সন্ত্ৰাসবাদ"ৰ বিৰুদ্ধে যুঁজি থকা বুলি দাবী কৰিছে যদিও ন্যায়ৰ দাবী জনাইছে নাগৰিকে ।

ব্ৰাজিলত আৰক্ষীৰ সৰ্ববৃহৎ অভিযান, এই পৰ্যন্ত ১৩০ জনৰ মৃত্যু, উচ্চতম ন্যায়ালয়ে বিচাৰিছে উত্তৰ
Brazil Police Raid Rio Favela Deaths Excessive
trishna-kalita
Trishna Kalita | Updated On: 30 Oct 2025 09:13 AM

ব্ৰাজিলৰ ৰিঅ’ ডি জেনেইৰ’ত আৰক্ষীয়ে ড্ৰাগছ গেং ৰেড কমাণ্ডৰ বিৰুদ্ধে এতিয়ালৈকে সৰ্ববৃহৎ অভিযান আৰম্ভ কৰে। মঙলবাৰে পুৱা ২৫০০ আৰক্ষী বিষয়াই ৰাজধানী ৰিঅ’ ডি জেনেইৰ’ৰ কেইবাটাও অঞ্চলত একেলগে হেলিকপ্টাৰেৰে অভিযান চলায়।  এই অভিযানত ১৩০ জন লোকৰ মৃত্যু হৈছে, য’ত চাৰিজন আৰক্ষীও আছে। ইফালে আৰক্ষীক বল প্ৰয়োগ কৰাৰ অভিযোগ উত্থাপন কৰি ৰাজ্যপালৰ পদত্যাগৰ দাবী জনাই প্ৰতিবাদ সাব্যস্ত কৰিছে জনতাই। ব্ৰাজিলৰ উচ্চতম ন্যায়ালয়ে এতিয়া সমগ্ৰ ঘটনাৰ প্ৰতিবেদন বিচাৰিছে।

ব্ৰাজিলৰ ইতিহাসৰ অন্যতম মাৰাত্মক আৰক্ষী অভিযানৰ এই “গণহত্যা”ক লৈ  উদ্বেগ প্ৰকাশ কৰিছে ৰাষ্ট্ৰসংঘ আৰু মানৱ অধিকাৰ সংস্থাসমূহে। কৰ্তৃপক্ষই “নাৰ্কো-সন্ত্ৰাসবাদ”ৰ বিৰুদ্ধে যুঁজি থকা বুলি দাবী কৰিছে যদিও ন্যায়ৰ দাবী জনাইছে নাগৰিকে ।

আৰক্ষীৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ উত্তৰত কোৱা হৈছে যে, আৰক্ষীৰ দল আগবাঢ়ি যোৱাৰ লগে লগে ৰেড কমাণ্ড গেঙৰ সদস্যই গুলীচালনা কৰে। গেংটোৱে জ্বলন্ত বেৰিকেড স্থাপন কৰাৰ লগতে ড্ৰ’নৰ পৰা বোমা নিক্ষেপ কৰি আৰক্ষীক বাধা দিয়াৰ চেষ্টা কৰে।

ব্ৰাজিলৰ ৰাজপথত মৃতদেহ

আৰক্ষীৰ অভিযানত এতিয়ালৈকে ১৩০ জনতকৈ অধিক লোকৰ মৃত্যু হৈছে। ৰাজপথত মৃতদেহ ৰাখি প্ৰতিবাদ সাব্যস্ত কৰে জনসাধাৰণে। এই আৰক্ষী অভিযান ব্ৰাজিলৰ শেহতীয়া ইতিহাসৰ অন্যতম হিংসাত্মক অভিযান আছিল। ফলস্বৰূপে মানৱ অধিকাৰ সংগঠনসমূহে এই মৃত্যুৰ তদন্তৰ দাবী জনাইছে।

আৰক্ষীৰ অভিযান আৰম্ভ হোৱাৰ পৰাই আলোচনাৰ বিষয় হৈ পৰিছে। মৃতকৰ সংখ্যা আৰু মৃতদেহৰ অৱস্থাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে আদালতে। ইয়াৰ উপৰিও মৃতদেহবোৰ টুকুৰাত বিভক্ত হোৱাৰ লগতে ছুৰীৰে আঘাত কৰাৰ খবৰ পোৱা গৈছে।

কাষ্ট্ৰোক আৰক্ষীৰ এই কাৰ্য্যৰ বিষয়ে তথ্য দিবলৈ নিৰ্দেশ প্ৰদান কৰিছে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ আলেকজেণ্ডাৰ ডি ম’ৰেছে। অহা সোমবাৰে ৰিঅ’ত ৰাজ্যৰ গৱৰ্ণৰ আৰু সামৰিক আৰু অসামৰিক আৰক্ষী অধীক্ষকৰ সৈতেও শুনানিৰ দিন ধাৰ্য কৰা হৈছে।

জনতাৰ ক্ষোভ

আৰক্ষীৰ এই কাৰ্যক লৈ সকলোৱে ক্ষুব্ধ হৈ পৰা বুলি জানিব পৰা গৈছে, যাৰ ফলত আৰম্ভ হৈছে স্থানীয় প্ৰতিবাদ। বাসিন্দাসকলে কয় যে, এইটো আৰক্ষীৰ অভিযান নহয় বৰঞ্চ এক হত্যাকাণ্ড। ৫৬ বছৰীয়া কৰ্মী ৰুট চেলছে কয়, “আমি মৃত্যুদণ্ড পাব পাৰোনে? আমাক হত্যা কৰা বন্ধ কৰক!” ৰিঅ’ৰ উত্তৰ অঞ্চলৰ দৰিদ্ৰ অঞ্চল পেনহাৰ পৰা বহু বাসিন্দাই মটৰ চাইকেলেৰে গুয়ানাবাৰা প্ৰাসাদত উপস্থিত হৈছিল।

আৰক্ষীয়ে কি ক’লে?

অভিযান সন্দৰ্ভত সোধা প্ৰশ্নৰ পিছত আৰক্ষীয়ে কয় যে, তেওঁলোকৰ অভিযান ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে, যিসকল অস্ত্ৰৰে সজ্জিত। যিসকল বনাঞ্চলতো বৃহৎ সংখ্যক সক্ৰিয় হৈ আছে। আৰক্ষীয়ে জনোৱা মতে, বিগত কেইমাহমানৰ পৰা ৰেড কমাণ্ডে নতুন নতুন অঞ্চল দখল কৰিবলৈ অহৰহ চেষ্টা চলাই আহিছে।

কেৱল এয়াই নহয়, ই আন এটা সংগঠন থাৰ্ড পিউৰ কমাণ্ড (TCP)ৰ ভূখণ্ডতো অনুপ্ৰৱেশ কৰিছিল, যাৰ ফলত হিংসাত্মক ঘটনা সংঘটিত হৈছিল। আৰক্ষীয়ে জনোৱা মতে, ইয়াক বন্ধ কৰিবলৈ কমপ্লেক্সো ডু আলেমাও আৰু কমপ্লেক্সো দা পেনহাৰ ৰেড কমাণ্ডৰ ঘাটিত আক্ৰমণ চলোৱা হয়। আমাৰ লক্ষ্য আছিল ৰেড কমাণ্ডৰ ঘাটিবোৰ ধ্বংস কৰা।