5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

ভয়ংকৰ নাও দুৰ্ঘটনা! প্ৰাণ হেৰুৱালে ২৭ জনে, এতিয়াও নিৰুদ্দেশ শতাধিক লোক

এক ভয়ংকৰ নাও দুৰ্ঘটনাই জোকাৰি তুলিছে আফ্ৰিকান ৰাষ্ট্ৰ নাইজেৰিয়া। উত্তৰ নাইজেৰিয়াত নাইজাৰ নদীৰ বুকুৰে খাদ্য সামগ্ৰী কঢ়িয়াই নিয়া এখন নাও নদীত উলটি বাগৰি পৰাৰ ফলত ২৭ জন লোকে প্ৰাণ হেৰুওৱাৰ লগতে শতাধিক লোক নিৰুদ্দিষ্ট হৈ আছে।

ভয়ংকৰ নাও দুৰ্ঘটনা! প্ৰাণ হেৰুৱালে ২৭ জনে, এতিয়াও নিৰুদ্দেশ শতাধিক লোক
প্ৰতিনিধিত্বমূলক ছবি
monjit-dutta
Monjit Dutta | Published: 30 Nov 2024 11:37 AM

আফ্ৰিকান ৰাষ্ট্ৰ নাইজেৰিয়াত সংঘটিত হৈছে এক ভয়ংকৰ নাও দুৰ্ঘটনা। এখন খাদ্য সামগ্ৰী পৰিবাহী নাও নদীৰ মাজত বাগৰি পৰাৰ ফলত শোকাৱহভাৱে প্ৰাণ হেৰুৱাইছে ২৭ জন লোকে। এই ভয়ংকৰ দুৰ্ঘটনাত লগতে শতাধিক লোক নিৰুদ্দেশ হৈ থকা বুলি জানিব পৰা গৈছে। উত্তৰ নাইজেৰিয়াত শুকুৰবাৰে সংঘটিত হৈছে এই হৃদয় বিদাৰক ঘটনা। দুৰ্ঘটনাগ্ৰস্ত নাওখনে নাইজাৰ নদীৰ বুকুৰে বজাৰলৈ খাদ্য সামগ্ৰী কঢ়িয়াই নিছিল বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছে।

এনে হৃদয় বিদাৰক ঘটনাই সমগ্ৰ দেশখনকে জোকাৰি তুলিছে। নাইজাৰৰ ৰাজ্যিক জৰুৰীকালীন ব্যৱস্থাপনা সংস্থাৰ মুখপাত্ৰ ইব্ৰাহিম আউডুৱে ঘটনা সন্দৰ্ভত জানিবলৈ দিয়া মতে চুবুৰীয়া কোগী ৰাজ্যৰ পৰা নাইজাৰ ৰাজ্য অভিমুখে আহিছিল নাওখন। দুৰ্ঘটনাগ্ৰস্ত নাওখনত প্ৰায় ২০০ জন যাত্ৰী আছিল বুলি বিষয়াগৰাকীয়ে লগতে সদৰী কৰে।

ইফালে কোগী প্ৰদেশৰ ৰাজ্যিক জৰুৰীকালীন সেৱাৰ মুখপাত্ৰ চেণ্ড্ৰা মোজেছে ঘটনা সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত দিয়া ভাষ্য মতে, শুকুৰবাৰে সন্ধিয়ালৈকে উদ্ধাৰকাৰী দলে নদীখনৰ পৰা ২৭টা মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। আনহাতে উদ্ধাৰকাৰী দলে এতিয়াও ঘটনাস্থলীত নিৰুদ্দিষ্ট লোকসকলৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে বুলি তেওঁ জানিবলৈ দিয়ে।

এই ভয়ংকৰ দুৰ্ঘটনাৰ প্ৰকৃত কাৰণ সম্পৰ্কে এইপৰ্যন্ত কৰ্তৃপক্ষই কোনো নিশ্চিত তথ্য প্ৰদান কৰা নাই যদিও স্থানীয় সংবাদ মাধ্যমে নাওখনত অতিৰিক্ত বোজা থকাৰ বাবেই এনে ঘটনা সংঘটিত হোৱা বুলি খবৰ প্ৰকাশ কৰিছে। উল্লেখ্য যে নাইজেৰিয়াৰ দুৰ্গম অঞ্চলত নাও পৰিবহণৰ প্ৰধান মাধ্যম হিচাপে ব্যৱহৃত হৈ আহিছে।

আন সহজ তথা ভাল পথৰ বিকল্পৰ অভাৱৰ বাবে স্থানীয় লোকসকলে নাৱৰ দ্বাৰা যাতায়তকে অধিক প্ৰাধান্য দি আহিছে। এনে পৰিস্থিতিত নাৱত অতিমাত্ৰা ভিৰ হোৱাটো তেনে অঞ্চলসমূহত এক সাধাৰণ দৃশ্য। অধিক বোজা আৰু সঠিক নিৰাপত্তা ব্যৱস্থাৰ অভাৱৰ ফলত প্ৰায়ে এনে দুৰ্ঘটনা সংঘটিত হৈছে নাইজেৰিয়াত।

নাইজাৰ প্ৰদেশত নাইজেৰিয়াৰ ৰাষ্ট্ৰীয় জৰুৰীকালীন ব্যৱস্থাপনা সংস্থাৰ কাৰ্যকলাপৰ দায়িত্বত থকা জাষ্টিন উৱাজুৰুউনীয়ে শুকুৰবাৰৰ এই শোকাৱহ দুৰ্ঘটনা সন্দৰ্ভত জানিবলৈ দিয়া মতে দুৰ্ঘটনাৰ পিছত উদ্ধাৰ কৰ্মীসকলে নাওখনৰ স্থান নিৰ্ণয় কৰিবলৈ কেইবা ঘণ্টা ধৰি চেষ্টা চলাবলগা হয়। দুৰ্ঘটনাৰ স্থান নিৰ্ণয়ৰ পিছতে প্ৰশাসনৰ উদ্ধাৰকাৰী দল লগে লগে উদ্ধাৰ অভিযানত নামি পৰে।

এতিয়াও ঘটনাস্থলীত উদ্ধাৰকাৰী দলে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে বুলি তেওঁ লগতে কয়। শতাধিক লোক এতিয়াও নিৰুদ্দিষ্ট হৈ থকাৰ প্ৰতি লক্ষ্য ৰাখি ঘটনাত নিহতৰ সংখ্যা যথেষ্ট বৃদ্ধি পোৱাৰ সম্ভাৱনা প্ৰকাশ পাইছে। নিৰুদ্দিষ্ট লোকসকলৰ ভিতৰত অধিকাংশই মহিলা বুলি জানিব পৰা গৈছে।

Latest News