ভাৰত-পাক সংঘাতৰ মাজতে চৰ্চাত বাংলাদেশঃ নিষিদ্ধ হ’ল শ্বেখ হাছিনাৰ আৱামী লীগ
বাংলাদেশৰ সংবাদ মাধ্যম প্ৰথম আলোৰ এক প্ৰতিবেদন অনুসৰি আন্তঃৰাষ্ট্ৰীয় ন্যায়াধিকৰণত বিচাৰ সমাপ্ত নোহোৱালৈকে আৱামী লীগৰ সকলো কাৰ্যকলাপ নিষিদ্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। শনিবাৰে নিশা অন্তৱৰ্তীকালীন চৰকাৰৰ কাৰ্যনিৰ্বাহক পৰিষদৰ বিশেষ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। মুখ্য উপদেষ্টা মহম্মদ ইউনুছৰ সভাপতিত্বত এই বৈঠক অনুষ্ঠিত হৈছিল।

ভাৰত-পাকিস্তানৰ সংঘাতৰ মাজতে চৰ্চালৈ আহিছে এইবাৰ আন এখন চুবুৰীয়া দেশ বাংলাদেশ। দেশখনৰ পূৰ্বৰ শাসকীয় দল আৱামী লীগ নিষিদ্ধ কৰাক লৈ দাবী উত্থাপন হৈ আহিছিল। এই বিষয়ত বৈষম্য বিৰোধী ছাত্ৰ কৰ্মীসকলে প্ৰতিবাদী সভা অনুষ্ঠিত কৰি আহিছে। সেই সময়ত মহম্মদ ইউনুছ নেতৃত্বাধীন অন্তৱৰ্তীকালীন চৰকাৰে এই বিষয়ত বিবৃতি যোগে পিছত ঘোষণা কৰা হ’ব বুলি জানিবলৈ দিছিল। এতিয়া বাংলাদেশ চৰকাৰে শ্বেখ হাছিনাৰ আৱামী লীগৰ কাৰ্যকলাপ নিষিদ্ধ কৰাৰ সিদ্ধান্ত লোৱা বুলি জানিব পৰা গৈছে।
বাংলাদেশৰ সংবাদ মাধ্যম প্ৰথম আলোৰ এক প্ৰতিবেদন অনুসৰি আন্তঃৰাষ্ট্ৰীয় ন্যায়াধিকৰণত বিচাৰ সমাপ্ত নোহোৱালৈকে আৱামী লীগৰ সকলো কাৰ্যকলাপ নিষিদ্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। শনিবাৰে নিশা অন্তৱৰ্তীকালীন চৰকাৰৰ কাৰ্যনিৰ্বাহক পৰিষদৰ বিশেষ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। মুখ্য উপদেষ্টা মহম্মদ ইউনুছৰ সভাপতিত্বত এই বৈঠক অনুষ্ঠিত হৈছিল।
জানিব পৰা মতে, নিশা ৮ বজাৰ পৰা মুখ্য উপদেষ্টা ইউনুছৰ বাসগৃহত সভা আৰম্ভ হৈছিল আৰু ১০:৪৫ বজালৈকে বৈঠক অনুষ্ঠিত হৈছিল। আইনী উপদেষ্টা আছিফ নাজৰুলে প্ৰথমে এই বিষয়ে অৱগত কৰে। আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধিকৰণত বিচাৰ সম্পূৰ্ণ নোহোৱালৈকে বাংলাদেশৰ আৱামী লীগ আৰু ইয়াৰ নেতাসকলৰ সকলো কাম-কাজ নিষিদ্ধ কৰাৰ সিদ্ধান্ত লোৱা হৈছে।
এই সিদ্ধান্ত সন্ত্ৰাসবাদ বিৰোধী আইনৰ অধীনত দেশৰ নিৰাপত্তা আৰু সাৰ্বভৌমত্ব ৰক্ষাৰ বাবে, ‘জুলাই আন্দোলন’ৰ নেতা-কৰ্মীসকলক নিৰাপত্তা প্ৰদানৰ বাবে, আৰু সৰ্বোপৰি ন্যায়াধিকৰণৰ সাক্ষী-বাদীসকলক সুৰক্ষা প্ৰদানৰ বাবে গ্ৰহণ কৰা হৈছে বুলি উল্লেখ কৰা হৈছে। বৈঠকৰ অন্তত সংবাদ মাধ্যমক সম্বোধন কৰে আছিফ নাজৰুলে। এই সন্দৰ্ভত প্ৰয়োজনীয় চাৰ্কুলাৰ পৰৱৰ্তী কৰ্মদিনত জাৰি কৰা হ’ব বুলি কোৱা হৈছে।
তদুপৰি অহা ৩০ কৰ্মদিনৰ ভিতৰত ‘জুলাই আন্দোলন’ৰ ঘোষণা চূড়ান্ত কৰি প্ৰকাশ কৰাৰ সিদ্ধান্তও উপদেষ্টা পৰিষদৰ বৈঠকত লোৱা হয়। উল্লেখ্য যে বাংলাদেশত ৩ দিন ধৰি আৱামী লীগ নিষিদ্ধ কৰাৰ দাবীত বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হৈছিল। বিভিন্ন ৰাজনৈতিক দল-সংগঠনৰ নেতা-কৰ্মীকে ধৰি ছাত্ৰ-ছাত্ৰীসকল ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিছিল।