শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

ভাৰতীয়ৰ ক্ষোভৰ আগত নতশিৰ বাংলাদেশৰ ইউনুছ চৰকাৰ! দীপু দাসৰ পৰিয়ালক সাক্ষাৎ

বাংলাদেশৰ শিক্ষা উপদেষ্টাই মঙলবাৰে দীপু দাসৰ পৰিয়ালক সাক্ষাৎ কৰে। এই কঠিন সময়ত তেওঁ পৰিয়ালক চৰকাৰৰ সহানুভূতি আৰু সহায়ৰ আশ্বাস দিয়ে। ১৮ ডিচেম্বৰত দীপুক নিৰ্মমভাৱে হত্যা কৰা হৈছিল। ওছমান হাদীৰ মৃত্যুৰ পিছতে সমগ্ৰ বাংলাদেশত প্ৰতিবাদৰ সৃষ্টি হয়। এই অস্থিৰতাৰ মাজতে দীপুক হত্যা কৰা হৈছিল।

ভাৰতীয়ৰ ক্ষোভৰ আগত নতশিৰ বাংলাদেশৰ ইউনুছ চৰকাৰ! দীপু দাসৰ পৰিয়ালক সাক্ষাৎ
দীপু দাসৰ পৰিয়ালক সাক্ষাৎ বাংলাদেশৰ শিক্ষামন্ত্ৰীৰ
trishna-kalita
Trishna Kalita | Updated On: 24 Dec 2025 10:03 AM

বাংলাদেশৰ হিংসাত্মক পৰিস্থিতিৰ মাজতে হিন্দু নাগৰিক দীপু দাসক নিৰ্মমভাৱে হত্যা কৰা হয়। এই ঘটনাই ভাৰতীয়সকলৰ মাজত বাংলাদেশৰ প্ৰতি ক্ষোভৰ সৃষ্টি কৰিছে। দিল্লীকে ধৰি কেইবাঠাইতো অব্য়াহত আছে প্ৰতিবাদ। ভাৰত চৰকাৰেও বাংলাদেশৰ ওচৰত তীব্ৰ আপত্তি দাখিল কৰে। এই খঙৰ প্ৰভাৱত বাংলাদেশৰ অন্তৱৰ্তীকালীন নম্ৰ হ’বলৈ বাধ্য হৈছে বাংলাদেশ চৰকাৰে। মঙলবাৰে দীপুৰ পৰিয়ালক সাক্ষাৎ কৰে শিক্ষা উপদেষ্টা চি আৰ আবৰাৰে। বাংলাদেশ চৰকাৰৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছৰ কাৰ্যালয়ে ইনষ্টাগ্ৰাম পোষ্টৰ জৰিয়তে এই কথা ঘোষণা কৰিছে।

ইউনুছৰ কাৰ্যালয়ে ফটোখন শ্বেয়াৰ কৰি লিখিছে, “দীপু চন্দ্ৰ দাসৰ হত্যাত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে তেওঁৰ পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছো। চৰকাৰৰ হৈ শিক্ষা উপদেষ্টা অধ্যাপক চি আৰ আবৰাৰে মঙলবাৰে মাইমেনসিংহত ভুক্তভোগী পৰিয়ালৰ সৈতে সাক্ষাৎ কৰি এই জটিল সময়ত চৰকাৰৰ সহানুভূতি আৰু সমৰ্থনৰ আশ্বাস দিয়ে। এই বৈঠকৰ সময়ত তেওঁ দীপু চন্দ্ৰ দাসৰ পিতৃ ৰবিলাল দাসৰ লগত বাৰ্তালাপ কৰে।”

Deepu Family

পৰিয়াললৈ আৰ্থিক সাহায্য

শিক্ষা উপদেষ্টাগৰাকীয়ে পুনৰ কয় যে, এই হত্যাকাণ্ড এক জঘন্য অপৰাধমূলক কাণ্ড আৰু বাংলাদেশী সমাজত ইয়াৰ কোনো স্থান নাই। তেওঁ কয় যে অভিযোগ, উৰাবাতৰি বা বিশ্বাসৰ পাৰ্থক্য কেতিয়াও হিংসাৰ অজুহাত হ’ব নোৱাৰে, আৰু আইনখন নিজৰ হাতত লোৱাৰ অধিকাৰো কাৰো নাই। তেওঁ পৰিয়ালটোক আশ্বাস দিয়ে যে কৰ্তৃপক্ষই যথাযথ প্ৰক্ৰিয়াৰ জৰিয়তে ন্যায় নিশ্চিত কৰিব।

এই ঘটনাত এতিয়ালৈকে ১২ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। ইউনুছে কয় যে এনে হিংসাত্মক কাৰ্য আইনৰ সম্পূৰ্ণ শক্তিৰে মোকাবিলা কৰা হ’ব। ধৰ্ম, জাতি, পটভূমি নিৰ্বিশেষে সকলো নাগৰিকৰ সুৰক্ষা, মৰ্যাদা, আৰু সম সুৰক্ষা নিশ্চিত কৰাৰ বাবে চৰকাৰ সম্পূৰ্ণৰূপে প্ৰতিশ্ৰুতিবদ্ধ বুলিও তেওঁ কয়।

তেওঁ পৰিয়ালটোক কয় যে, চৰকাৰে সকলো সম্প্ৰদায়, প্ৰতিষ্ঠান আৰু নেতাক হিংসাক নাকচ কৰিবলৈ, বিভাজন বা অশান্তিৰ সৃষ্টিৰ প্ৰচেষ্টাৰ বিৰোধিতা কৰিবলৈ আৰু সংযম, মানৱতা, আইনৰ প্ৰতি সন্মান বজাই ৰাখিবলৈ আহ্বান জনায়। ইফালে, অবৰাৰে দীপু চন্দ্ৰ দাসৰ পৰিয়ালক আৰ্থিক সাহায্য প্ৰদান কৰাৰ লগতে ভৱিষ্যতেও সংশ্লিষ্ট কৰ্তৃপক্ষই তেওঁলোকৰ সৈতে অহৰহ যোগাযোগত থাকিব বুলি কয়।

 ভাৰতৰ ক্ষোভ

২৫ বছৰীয়া দিপুৰ হত্যাকাণ্ডৰ পিছতে ভাৰতে বাংলাদেশৰ বিৰুদ্ধে তীব্ৰ বিৰোধিতা প্ৰকাশ কৰিছে। মঙলবাৰে বাংলাদেশৰ উচ্চায়ুক্ত ৰিয়াজ হামিদুল্লাক তলব কৰে। ঢাকাত থকা ভাৰতীয় উচ্চায়ুক্ত প্ৰণয় বৰ্মাক বাংলাদেশৰ বৈদেশিক মন্ত্ৰালয়লৈ মাতি অনাৰ কেইঘণ্টামান পিছতে নতুন দিল্লীয়ে এই পদক্ষেপ গ্ৰহণ কৰে। বাংলাদেশৰ বৈদেশিক মন্ত্ৰালয়ে ভাৰতীয় উচ্চায়ুক্তক মাতি অনাৰ অন্তত কয় যে ভাৰতত বাংলাদেশৰ বিভিন্ন কূটনৈতিক অভিযানৰ চৌহদৰ বাহিৰত হিংসাত্মক প্ৰতিবাদক লৈ বাংলাদেশেও গভীৰ উদ্বেগ প্ৰকাশ কৰিছে।

শেহতীয়াকৈ চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশত ছাত্ৰ নেতা ওছমান হাদীৰ হত্যাকাণ্ডৰ প্ৰতিক্ৰিয়া স্বৰূপে সমগ্ৰ বাংলাদেশত প্ৰতিবাদৰ সৃষ্টি হয়। ইফালে মৈমনসিঙত দীপু চন্দ্ৰ দাস নামৰ হিন্দু লোকক হত্যা কৰা হয়। তেতিয়াৰ শ্বেখ হাছিনা চৰকাৰৰ পতন ঘটা চৰকাৰ বিৰোধী প্ৰতিবাদৰ বিশিষ্ট ব্যক্তি ওছমান হাদী আছিল।