নাই বিদ্যুৎ, নাই টকা! সহায় বিচাৰি আদানীৰ ওচৰত বাংলাদেশৰ মহম্মদ ইউনুছ চৰকাৰ…
পুনৰ সহায় লাগে বাংলাদেশক! দীৰ্ঘদিন ধৰি টকা পৰিশোধ নকৰাৰ বাবে যোৱা অক্টোবৰত মাহত গৌতম আদানীয়ে বাংলাদেশলৈ বিদ্যুতৰ যোগান হ্ৰাস কৰি দিছিল। কিন্তু এতিয়া সহায় লাগে চুবুৰীয়া ৰাষ্ট্ৰখনক।
ভাৰতৰ বিশিষ্ট উদ্যোগপতি গৌতম আদানীৰ ওচৰত পুনৰ সহায়ৰ হাত পাতিবলগীয়া লৈছে বাংলাদেশৰ অন্তৱৰ্তীকালীন মহম্মদ ইউনুছ চৰকাৰে। যোৱা কেইটামান মাহৰ পৰা বিদ্যুতক লৈ গৌতম আদানীৰ কোম্পানী আৰু বাংলাদেশৰ ইউনুছ চৰকাৰৰ মাজত বাদ-বিবাদ অব্যাহত আছে। দীৰ্ঘদিন ধৰি বাকী থকা ধন পৰিশোধ নকৰাৰ বাবে আদানীৰ কোম্পানীয়ে বাংলাদেশলৈ বিদ্যুৎ যোগান যথেষ্ঠখিনি হ্ৰাস কৰি দিছিল। ইয়াৰ বিপৰীতে বিদ্যুতৰ চাহিদা পূৰণৰ বাবে নতুন কোম্পানী বিচাৰি উলিওৱাৰ দৰে ডাঙৰ কথা কৈছিল অন্তৱৰ্তীকালীন চৰকাৰৰ শীর্ষ দলে। ।
কিন্তু বাংলাদেশৰ সকলো কথা, দপদপনি যেন ফুটুকাৰ ফেনলৈ ৰূপান্তৰিত হ’ল। শীতকাল পাৰ হৈ যোৱাৰ লগে লগে সুৰ সলনি হ’ব ধৰি চুবুৰীয়া ৰাষ্ট্ৰখনৰ। আদানী গোটৰ প্ৰতি বাংলাদেশৰ সুৰ কোমল হৈ পৰিছে। কিয়নো পুনৰ বিদ্যুৎ লাগে দেশখনত।শেহতীয়াকৈ পোহৰলৈ অহা তথ্য অনুসৰি ইউনুছ চৰকাৰে পুনৰ আদানীৰ ওচৰত বিদ্যুৎ যোগানৰ বাবে আবেদন জনাইছিল আৰু এই আবেদন আদানীয়ে ইতিমধ্যে গ্ৰহণ কৰিছে।
সংবাদ সংস্থা ৰয়টাৰৰ তথ্য অনুসৰি বাংলাদেশে আদানীক ১৬০০ মেগাৱাট বিদ্যুৎ যোগানৰ বাবে অনুৰোধ জনাইছিল। ইয়াৰ বিপৰীতে আদানীয়েও এই প্ৰস্তাৱত সন্মতি প্ৰদান কৰিছে। অৱশ্যে বাংলাদেশৰ আন এক অনুৰোধ গৌতম আদানীয়ে প্ৰত্যক্ষভাৱে নাকচ কৰিছে। বাংলাদেশে বিচাৰিছিল যে বিদ্যুৎ যোগানৰ ক্ষেত্ৰত আদানীয়ে তেওঁলোকক কিছু ৰেহাই প্ৰদান কৰক। কিন্তু আদানীয়ে স্পষ্ট কৰি দিছে যে কোনো ধৰণৰ ৰেহাই সম্ভৱ নহয়। যাৰ পাছত এতিয়া বাংলাদেশে সম্পূৰ্ণ মূল্যত বিদ্যুৎ ক্ৰয় কৰিব লাগিব।
উল্লেখ কৰা প্ৰয়োজন যে, আদানী পাৱাৰে ২০১৭ চনত বাংলাদেশৰ সৈতে চুক্তি স্বাক্ষৰ কৰিছিল। চুক্তি অনুসৰি আদানী পাৱাৰে বাংলাদেশক ১৬০০ মেগাৱাট বিদ্যুৎ যোগান ধৰিব। এই বিদ্যুৎ ঝাৰখণ্ডৰ গোড্ডাত উৎপাদিত হয়। যোৱা অক্টোবৰ মাহত বাকী থকা ধন পৰিশোধ নকৰাৰ বাবে বাংলাদেশত বিদ্যুৎ যোগান আধালৈ কৰ্তন কৰা হৈছিল। যাৰ বাবে যথেষ্ঠ সমস্যাৰ সন্মুখীন হৈছিল চুবুৰীয়া ৰাষ্ট্ৰখন।