প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰিব বিচাৰে ইউনুছে, সহাঁৰি দিয়া নাই ভাৰতে…
মহম্মদ ইউনুছে বাংলাদেশৰ ৰহিংগীয়া শৰণাৰ্থী বিষয়ত প্ৰধানমন্ত্ৰী মোদীৰ পৰাও সহায় বিচৰাৰ ইচ্ছা প্ৰকাশ কৰিছে। উল্লেখ্য় যে, ছেপ্টেম্বৰৰ শেষত অনুষ্ঠিত হ’বলগীয়া UNGA (United Nations General Assembly) কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ নিউয়ৰ্কলৈ যাব প্ৰধানমন্ত্ৰী মোদী আৰু তেতিয়াই দুয়োজন নেতাৰ সাক্ষাৎ হোৱাৰ সম্ভাৱনা আছে ।
ভাৰতৰ সৈতে আলোচনাত মিলিত হ’ব বিচাৰে বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰে । ইতিমধ্যে এই বাৰ্তা ঢাকাৰ পৰা নতুন দিল্লীলৈ প্ৰেৰণ কৰা হৈছে । ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী মহম্মদ ইউনুছ আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সাক্ষাৎ হোৱাৰ সম্ভাৱনা আছে। মহম্মদ ইউনুছে স্পষ্ট কৰি কয় যে, ছাৰ্কৰ দেশসমূহৰ সংগঠন শক্তিশালী কৰাৰ বাবে ভাৰতৰ সৈতে আলোচনা কৰাটো প্ৰয়োজনীয়। কিন্তু মনকৰিবলগীয়া কথাটো হ’ল চুবুৰীয়া দেশৰ এই অনুৰোধৰ প্ৰতি এতিয়াও কোনো ধৰণৰ সঁহাৰি দিয়া নাই ভাৰতে।
মহম্মদ ইউনুছে বাংলাদেশৰ ৰহিংগীয়া শৰণাৰ্থী বিষয়ত প্ৰধানমন্ত্ৰী মোদীৰ পৰাও সহায় বিচৰাৰ ইচ্ছা প্ৰকাশ কৰিছে। উল্লেখ্য় যে, ছেপ্টেম্বৰৰ শেষত অনুষ্ঠিত হ’বলগীয়া UNGA (United Nations General Assembly) কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ নিউয়ৰ্কলৈ যাব প্ৰধানমন্ত্ৰী মোদী আৰু তেতিয়াই দুয়োজন নেতাৰ সাক্ষাৎ হোৱাৰ সম্ভাৱনা আছে ।
ইফালে, সূত্ৰৰ উদ্ধৃতি দি হিন্দুস্তান টাইমছে লিখিছে যে, চলিত সপ্তাহৰ আৰম্ভণিতে ভাৰতীয় সংবাদ মাধ্যমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ইউনুছে কৰা মন্তব্যৰ পিছত মোদী আৰু ইউনুছৰ মাজত সাক্ষাৎ হোৱাৰ সম্ভাৱনা নাই যেন লাগে। মহম্মদ ইউনুছে পিটিআইৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ভাৰতত থকা অৱস্থাত বাংলাদেশ সন্দৰ্ভত মন্তব্য কৰা শ্বেখ হাছিনাক সমালোচনা কৰিছিল।
ইউনুছে কয় যে, ভাৰতে যদি হাছিনাক ৰাখে তেন্তে চৰ্ত হ’ব যে তেখেতৰ মুখ বন্ধ কৰি ৰাখিব লাগিব। ভাৰতত বহি তেখেতে কথা কোৱা আৰু নিৰ্দেশনা দিয়াটো কোনেও ভাল নাপায়। এইয়া বাংলাদেশ বা ভাৰতৰ বাবে ভাল কথা নহয় বুলি কৈছিল ইউনুছে । ইউনুছে স্পষ্টকৈ কয় যে, শ্বেখ হাছিনাই ভাৰতত মৌনতা অৱলম্বন কৰা উচিত, কাৰণ তেওঁক তাত আশ্ৰয় দিয়া হৈছে । কিন্তু ইয়াৰ বিপৰীতে শ্বেখ হাছিনাই ভাৰতৰ পৰাই প্ৰচাৰ চলাই থকা বুলি মন্তব্য প্ৰকাশ কৰিছিল ইউনুছে।
ইউনুছে প্ৰকাশ কৰা এই মন্তব্যক লৈ কোনো ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই ভাৰতে । বিশ্লেষক সকলৰ মনতে ইউনুছৰ এই মন্তব্যই দুয়োখন দেশৰ সম্ভাৱনাময় ভাল সম্পৰ্কত প্ৰভাৱ পেলাব আৰু পূৰ্বৰ সম্পৰ্কক ক্ষতি কৰিব ।