শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

শ্বেখ হাছিনা নহয়, এইগৰাকী কাৰাবন্দী মহিলাই খেল ওলোটাব বাংলাদেশত, হ’ব পাৰে আৱামী লীগৰ নতুন নেত্ৰী

বাংলাদেশৰ কালেৰ কথা কাকতত প্ৰকাশিত বাতৰি অনুসৰি, শ্বেখ হাছিনাৰ আৱামী লীগে অচিৰেই নতুন ভাৰপ্ৰাপ্ত সভাপতি নিযুক্তি দিব। ভাৰপ্ৰাপ্ত সভাপতিগৰাকীৰ প্ৰাথমিক কাম হ’ব ঢাকাত চৰকাৰৰ বিৰুদ্ধে বিদ্ৰোহৰ ভেটি প্ৰস্তুত কৰা। ভাৰপ্ৰাপ্ত সভাপতি পদৰ দৌৰত আগশাৰীৰ নাম হৈছে চেলিনা হায়াত আইভী।

শ্বেখ হাছিনা নহয়, এইগৰাকী কাৰাবন্দী মহিলাই খেল ওলোটাব বাংলাদেশত, হ’ব পাৰে আৱামী লীগৰ নতুন নেত্ৰী
বাংলাদেশত খেল উলোটাব এইগৰাকী মহিলাই
raj-saikia
Raj Saikia | Published: 19 Nov 2025 16:25 PM

বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই মৃত্যুদণ্ডক ৰাজনৈতিক সুযোগলৈ ৰূপান্তৰিত কৰাৰ প্ৰস্তুতি চলাইছে। হাছিনাই নিজেই এই পদক্ষেপত দিল্লীৰ পৰা সক্ৰিয়ভাৱে কাম কৰি আছে। তেওঁৰ বিৰুদ্ধে দিয়া ৰায়ক অজুহাত হিচাপে ব্যৱহাৰ কৰি ৰাজপথত সমৰ্থকক সংগঠিত কৰাৰ চেষ্টা কৰিছে হাছিনাই। ইয়াৰ বাবে তেওঁ এক বিস্তৃত পৰিকল্পনা ৰচনা কৰিছে।

বাংলাদেশৰ কালেৰ কথা কাকতত প্ৰকাশিত বাতৰি অনুসৰি, শ্বেখ হাছিনাৰ আৱামী লীগে অচিৰেই নতুন ভাৰপ্ৰাপ্ত সভাপতি নিযুক্তি দিব। ভাৰপ্ৰাপ্ত সভাপতিগৰাকীৰ প্ৰাথমিক কাম হ’ব ঢাকাত চৰকাৰৰ বিৰুদ্ধে বিদ্ৰোহৰ ভেটি প্ৰস্তুত কৰা। ভাৰপ্ৰাপ্ত সভাপতি পদৰ দৌৰত আগশাৰীৰ নাম হৈছে চেলিনা হায়াত আইভী।

চেলিনা হায়াত আইভী কোন?

আৱামি লীগৰ নেত্ৰী চেলিনাক শ্বেখ হাছিনাৰ ঘনিষ্ঠ বুলি গণ্য কৰা হয়। নাৰায়ণগঞ্জৰ প্ৰাক্তন মেয়ৰ চেলিনা বৰ্তমান কাৰাগাৰত আছে। জুলাই মাহৰ বিদ্ৰোহৰ সময়ত মানুহৰ ওপৰত অত্যাচাৰৰ অভিযোগ। চেলিনাক ঢাকা উচ্চ ন্যায়ালয়ে জামিন প্ৰদান কৰিছে যদিও এতিয়াও জেলৰ পৰা মুক্তি পোৱা নাই তেওঁ।

কোৱা হৈছে যে চেলিনাক আৱামি লীগৰ নেতৃত্বৰ দায়িত্ব দি হাছিনাই সহানুভূতি আদায় কৰিবলৈ চেষ্টা কৰিছে। ৫৯ বছৰীয়া চেলিনাই উত্তৰাধিকাৰী সূত্ৰে ৰাজনৈতিক পদ লাভ কৰিছে। বাংলাদেশত বিৰোধী দলত থকাৰ পৰাই শ্বেখ হাছিনাৰ সৈতে কাম কৰি আহিছে তেওঁ।

লগতে কোৱা হৈছে যে যদি ছেলিনাই নেতৃত্বৰ বাঘজৰী নলয় তেন্তে প্ৰাক্তন অধ্যক্ষ শ্বিৰিন শাৰ্মিন চৌধুৰী বা প্ৰাক্তন সাংসদ ছাবিৰ হোছেইন চৌধুৰী আৱামী লীগৰ ভাৰপ্ৰাপ্ত সভাপতি হ’ব পাৰে।

সক্ৰিয় হৈছে আৱামী লীগৰ কৰ্মী

শ্বেখ হাছিনাৰ মৃত্যুদণ্ডৰ ৰায়ৰ পিছতো আৱামী লীগৰ কৰ্মীসকল সক্ৰিয় হৈ আছে। যোৱা দুদিনত আৱামী লীগৰ ১৬০০ কৰ্মীক গ্ৰেপ্তাৰ কৰা হৈছে। আৱামি লীগৰ কৰ্মীসকল ঢাকা, মৈমনচিং ৰোড, গোপালগঞ্জ আৰু গাজীপুৰত বেছি সক্ৰিয়। শেহতীয়াকৈ শ্বেখ হাছিনাই ভিডিঅ’ বাৰ্তাযোগে আৱামী লীগক দমন কৰিব নোৱাৰি বুলি উল্লেখ কৰিছে। যদি ইউনুছৰ চৰকাৰে তেনে কৰাৰ চেষ্টা কৰে তেন্তে উফৰাই দিয়া হ’ব বুলিও হুংকাৰ দিছে। ইফালে মুখ্য উপদেষ্টা মহম্মদ ইউনুছে কয় যে বাংলাদেশত আৱামী লীগক নিষিদ্ধ কৰা হৈছে।

চৰকাৰ উফৰাই দিয়াৰ হুংকাৰ হাছিনাৰ পুত্ৰৰ

ব্ৰিটেইনত থকা শ্বেখ হাছিনাৰ পুত্ৰ ছাজিদ ৱাজিদে মঙলবাৰে (১৮ অক্টোবৰ) এক বিবৃতি প্ৰকাশ কৰে। তেওঁ কয়, “মোৰ মাক এটা পৰিকল্পনাৰ অংশ হিচাপে দোষী সাব্যস্ত কৰা হৈছে। আমি ৰায়দানৰ বিষয়ে আগতেই জানিছিলোঁ।” ছাজিদে ক’লে, “আমি সোনকালে উভতি আহিম। আমি ইউনুছৰ চৰকাৰ উফৰাই বাংলাদেশত পুনৰ ক্ষমতা দখল কৰিম।”

ইয়াৰ পূৰ্বেও কেইবাবাৰো ইউনুছ চৰকাৰক সমালোচনা কৰি আহিছে ছাজিদে। বাংলাদেশত ছাজিদক হাছিনাৰ ৰাজনৈতিক উত্তৰাধিকাৰী হিচাপে গণ্য কৰা হয়। শ্বেখ হাছিনা ক্ষমতাত থকাৰ সময়ত ছাজিদে চৰকাৰৰ উপদেষ্টা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।