শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

মৃত্যুদণ্ডৰ ৰায় দিলেও ফাঁচী নহ’বও পাৰে শ্বেখ হাছিনাৰ! এতিয়াও বাংলাদেশত ফাঁচীৰ ক্ষণ গণিছে ৯৪ গৰাকী মহিলাই

গণহত্যাৰ অভিযোগত বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধীকণে ফাঁচীৰ ৰায় দিয়ে শ্বেখ হাছিনাৰ বিৰুদ্ধে। বৰ্তমান ভাৰতত আছে হাছিনা। কিন্তু মৃত্যুদণ্ডৰ ৰায় দিলেও শ্বেখ হাছিনাৰ ফাঁচী নহ'বও পাৰে। হাছিনাৰ পূৰ্বে ৯৪ গৰাকী মৃত্যুদণ্ড লাভ কৰা মহিলাই অপেক্ষা কৰিছে ফাঁচীৰ বাবে। চাওক সবিশেষ-

মৃত্যুদণ্ডৰ ৰায় দিলেও ফাঁচী নহ’বও পাৰে শ্বেখ হাছিনাৰ! এতিয়াও বাংলাদেশত ফাঁচীৰ ক্ষণ গণিছে ৯৪ গৰাকী মহিলাই
শ্বেখ হাছিনাৰ মৃত্যুদণ্ড
raj-saikia
Raj Saikia | Published: 18 Nov 2025 13:49 PM

বাংলাদেশৰ আন্তৰ্জাতিক ন্যায়াধিকৰণ আদালতে প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰিছে। কিন্তু এই শাস্তি কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত এক অসুবিধাৰ সন্মুখীন হ’ব বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰ বা আগন্তুক সময়ত নিৰ্বাচিত হ’বলগীয়া চৰকাৰ। কিয়নো দেশখনত মহিলাক ফাঁচী দিয়াৰ কোনো স্থান নাই বুলি বাংলাদেশৰ স্থানীয় সংবাদ মাধ্যমত বাতৰি প্ৰকাশ পাইছে।

কালেৰ কথা নামৰ স্থানীয় কাকতখনৰ তথ্য অনুসৰি ১৯৭১ চনৰ পৰা ১০০ৰো অধিক মহিলাক মৃত্যুদণ্ডৰ ৰায় প্ৰদান কৰা হৈছে যদিও কোনো এগৰাকীকে ফাঁচী দিয়া হোৱা নাই। বৰ্তমান ৯৪ গৰাকী মহিলা কয়দীয়ে ফাঁচীৰ ক্ষণ গণিছে কাৰাগাৰত।

কাৰাগাৰত থকা মহিলাসকলৰ বাবে কোনো ফাঁচীকাঠৰ ব্যৱস্থা নাই

বাতৰি কাকতখনৰ মতে গাজীপুৰত মহিলাৰ বাবে সুকীয়া কাৰাগাৰ নিৰ্মাণ কৰা হৈছে যদিও তাত কোনো ফাঁচীকাঠ নাই। গাজীপুৰ কাৰাগাৰত ফাঁচীকাঠ কিয় নিৰ্মাণ কৰা নহ’ল সেই প্ৰশ্নৰ উত্তৰত প্ৰাক্তন কাৰাগাৰ মহাপৰিদৰ্শক ব্ৰিগেডিয়াৰ জাকিৰ হাছানে কয় যে ইয়াৰ পূৰ্বে কোনো মহিলাক ফাঁচী দিয়া হোৱা নাছিল।

জাকিৰে কয়, “আমি সকলোৱে ধৰি লৈছিলো যে ভৱিষ্যতেও নাৰীৰ লগত একেধৰণৰ ব্যৱহাৰ হ’ব, গতিকে মহিলাৰ কাৰাগাৰত ফাঁচীকাঠ নিৰ্মাণ কৰা নহ’ল। বাংলাদেশত বেছিভাগ মৃত্যুদণ্ড ৰাষ্ট্ৰপতিৰ ওচৰ পোৱাৰ সময়লৈকে যাৱজ্জীৱন কাৰাদণ্ডলৈ হ্ৰাস কৰা হয়।”

বাংলাদেশত মৃত্যুদণ্ডৰ অৰ্থ হ’ল ফাঁচী

বাংলাদেশত মৃত্যুদণ্ডৰ ব্যৱস্থা মাত্ৰ এটা পদ্ধতিৰে কৰিব পাৰি: ফাঁচী। ১৮৯৮ চনৰ ফৌজদাৰী বিধি আইন অনুসৰি মৃত্যুদণ্ডৰ শাস্তি পোৱা ব্যক্তিক ফাঁচী দিয়া হয়। বাংলাদেশত আন কিছুমান মুছমান দেশৰ দৰে গুলীচালনা, বিদ্যুৎস্পৃষ্ট, বা মাৰাত্মক বেজীৰে মৃত্যুদণ্ড দিয়া নহয়।

শ্বেখ হাছিনাক ভাৰতৰ পৰা ঘূৰাই নিয়াৰ প্ৰস্তুতি

আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধিকৰণ আদালতৰ এই সিদ্ধান্তৰ পিছতে বাংলাদেশ চৰকাৰৰ প্ৰথম প্ৰচেষ্টা হৈছে শ্বেখ হাছিনাক ঢাকালৈ ঘূৰাই অনা। বৰ্তমান ভাৰতৰ ৰাজধানী দিল্লীত বসবাস কৰি আছে শ্বেখ হাছিনাই। বাংলাদেশ চৰকাৰে এই সন্দৰ্ভত ভাৰত চৰকাৰলৈ পত্ৰও লিখিছে। বাংলাদেশ চৰকাৰে অনাগত দিনত ইন্টাৰপলৰ সহায়ো লাভ কৰিব। এই বিষয়টো আন্তঃৰাষ্ট্ৰীয় মঞ্চত উত্থাপন কৰিবলৈও সাজু হৈছে বাংলাদেশ।