শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

আকৌ হিংসাৰ জুইত জ্বলিছে বাংলাদেশ! শ্বেখ মুজিবুৰ ৰহমানৰ বাসগৃহত আক্ৰমণ…

খবৰ পোৱা মতে কিছু প্ৰতিবাদকাৰীয়ে বাসগৃহ আৰু এটা সংগ্ৰহালয়তো প্ৰৱেশ কৰিছিল। তাৰ পিছত তেওঁলোকে বেলকনীত উঠি ধ্বংসকাৰ্য আৰম্ভ কৰে । এইটো খবৰ পোৱা গৈছে যে বাসগৃহত অগ্নিসংযোগো কৰে ক্ষুদ্ধ প্ৰতিবাদকাৰীয়ে। ইয়াৰ কেইবাটাও ভিডিঅ' আৰু ফটো দ্ৰুতগতিত সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।

আকৌ হিংসাৰ জুইত জ্বলিছে বাংলাদেশ! শ্বেখ মুজিবুৰ ৰহমানৰ বাসগৃহত আক্ৰমণ…
আকৌ এবাৰ উত্তপ্ত হৈ পৰিছে বাংলাদেশ
trishna-kalita
Trishna Kalita | Updated On: 06 Feb 2025 10:46 AM

আকৌ এবাৰ উত্তপ্ত হৈ পৰিছে বাংলাদেশ। বাংলাদেশত অভ্যুত্থানৰ পিছত ক্ষমতালৈ অহা মহম্মদ ইউনুছৰ শাসনত প্ৰতিবাদকাৰীসকলে  সৃষ্টি কৰিছে বিশৃংখলতা।প্ৰতিবাদকাৰীসকলে বুধবাৰে বাংলাদেশৰ প্ৰতিষ্ঠাপক শ্বেখ মুজিবুৰ ৰহমানৰ  ধনমণ্ডি-৩২ বাসগৃহত  প্ৰৱেশ কৰি তাণ্ডৱ আৰম্ভ কৰে। আচৰিত কথাটো হ’ল যে ছ’চিয়েল মিডিয়াত ‘বুলডোজাৰ শোভাযাত্ৰা’ ঘোষণা কৰাৰ পিছত এই ঘটনা সংঘটিত হয়।

এই ঘটনাটো সংঘটিত হোৱাৰ সময়ত সুৰক্ষা বাহিনী উপস্থিত আছিল যিয়ে উচ্ছৃংখল জনতাক বুজাবলৈ চেষ্টা কৰিছিল। অৱশ্যে এই সকলো প্ৰচেষ্টা বিফল হৈছিল। খবৰ পোৱা মতে  কিছু প্ৰতিবাদকাৰীয়ে বাসগৃহ আৰু এটা সংগ্ৰহালয়তো প্ৰৱেশ কৰিছিল। তাৰ পিছত তেওঁলোকে বেলকনীত উঠি ধ্বংসকাৰ্য আৰম্ভ কৰে । এইটো খবৰ পোৱা গৈছে যে বাসগৃহত অগ্নিসংযোগো কৰে ক্ষুদ্ধ প্ৰতিবাদকাৰীয়ে। ইয়াৰ কেইবাটাও ভিডিঅ’ আৰু ফটো দ্ৰুতগতিত সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।

 

শ্বেখ হাছিনাৰ ভাষণৰ বিৰুদ্ধে প্ৰতিবাদ

উল্লেখ্য যে, বুধবাৰে বাংলাদেশক উদ্দেশ্যি ভাৰ্ছুৱেলী ভাষণ প্ৰদান কৰিছিল প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাই। তাৰ পাছতে বাংলাদেশত আৰম্ভ হয় প্ৰতিবাদত। এই সময়ছোৱাত প্ৰতিবাদকাৰীসকলে ধনমণ্ডী-৩২ ত ‘বুলডোজাৰ শোভাযাত্ৰা’ৰ ঘোষণা কৰে। প্ৰথমতে, প্ৰতিবাদকাৰীসকলে নিশা ৯ বজাত বুলডোজাৰেৰে বাসগৃহ ভাঙি পেলোৱাৰ ভাবুকি প্ৰদান কৰে।

একনায়কত্ব আৰু ফেচিবাদৰ প্ৰতীক হিচাপে বৰ্ণনা

অৱশ্যে, প্ৰতিবাদকাৰীসকলে পৰিকল্পনা সলনি কৰে আৰু নিশা 8 বজাৰ ভিতৰতে তাত উপস্থিত হয়। তেওঁলোকে প্ৰতিষ্ঠাপকৰ বাসগৃহৰ মূল দুৱাৰ ভাঙি বাসগৃহত প্ৰৱেশ কৰি হুলস্থূলৰ সৃষ্টি কৰে। ঢাকা ট্ৰিবিউনৰ এক প্ৰতিবেদন অনুসৰি, প্ৰতিবাদকাৰীসকলে ঘোষণা কৰিছিল যে এই ঘৰটো একনায়কত্ব আৰু ফেচিবাদৰ প্ৰতীক। তেওঁলোকে দেশৰ পৰা ‘মুজিববাদ’ আৰু ফেচিবাদৰ সকলো চিহ্ন মচি পেলাব।

 

প্ৰতিবাদকাৰীসকলে প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাৰ ফাঁচীৰ দাবী জনাই। কেইজনো প্ৰতিবাদকাৰী বাসগৃহটোৰ দ্বিতীয় মহলালৈ উঠি গৈছিল। তাৰ পাছত উত্তেজিত লোকসকলে  বাংলাদেশৰ প্ৰতিষ্ঠাপকৰ ফটো আৰু ঘৰৰ অন্যান্য অংশ হাতুৰী কাঠৰ তক্তা আদিৰে ধ্বংস কৰে। খবৰ অনুসৰি আক্ৰমণটোৱে বাসগৃহটোৰ সম্পত্তিৰ যথেষ্ট ক্ষতি কৰিছিল। ইয়াৰ পূৰ্বে, ছাত্ৰ আন্দোলনৰ সমন্বয়ক হাসনাত আব্দুল্লাই এটা ফেচবুক পোষ্টত কৈছিল যে আজি নিশা বাংলাদেশৰ ভূমি ফেচিবাদৰ পৰা মুক্ত হ’ব।