শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

আপোনাৰ ঘৰত এনে সমস্যাই দেখা দিছে নেকি? হওক সাৱধান, হ’ব পাৰে কোনো দুৰ্যোগৰ সংকেত!

শকুন শাস্ত্ৰত জীৱনৰ শুভ লক্ষণৰ লগতে সংকট বা দুৰ্ভাগ্যৰ পূৰ্বৰ লক্ষণৰ বিষয়েও বৰ্ণনা কৰা হৈছে। এই লক্ষণসমূহ সময়ত চিনাক্ত কৰিব পাৰিলে নিজৰ লগতে ঘৰখনক কোনো বৃহৎ দুৰ্যোগৰ পৰা ৰক্ষা কৰিব পৰা যায়। এই লক্ষণসমূহৰ বিষয়ে অধিক জানো আহক।

আপোনাৰ ঘৰত এনে সমস্যাই দেখা দিছে নেকি? হওক সাৱধান, হ’ব পাৰে কোনো দুৰ্যোগৰ সংকেত!
প্ৰতিনিধিত্বমূলক ছবিImage Credit source: Unsplash
monjit-dutta
Monjit Dutta | Updated On: 21 Nov 2025 15:34 PM

কোৱা হয়, সুখ-দুখৰ সমষ্টিয়েই জীৱন। প্ৰতিজন ব্যক্তিয়ে জীৱনত কোনো সময়ত সুখ তথা আনন্দ আৰু কোনো সময়ত দুখ তথা কষ্টৰ অনুভৱ কৰে। এয়া নিতান্তই এক স্বাভাৱিক কথা। কিন্তু কেতিয়াবা ব্যক্তিৰ জীৱনত বা ঘৰখনত ধাৰাবাহিকভাৱে বিভিন্ন সমস্যাই গা কৰি উঠে। এনে সমস্যাসমূহক সাময়িক বুলি উলাই কৰা উচিত নহয়। ধৰ্মশাস্ত্ৰত কিছুমান বিশেষ সমস্যাৰ বৰ্ণনা কৰা হৈছে। এই সমস্যাসমূহ ধাৰাবাহিকভাৱে ঘটি থাকিলে সম্ভাৱ্য কোনো গুৰুতৰ সংকটৰ সংকেত দিয়ে বুলি কোৱা হৈছে।

শকুন শাস্ত্ৰত জীৱনৰ শুভ লক্ষণৰ লগতে সংকট বা দুৰ্ভাগ্যৰ পূৰ্বৰ লক্ষণৰ বিষয়েও বৰ্ণনা কৰা হৈছে। এই লক্ষণসমূহ সময়ত চিনাক্ত কৰিব পাৰিলে নিজৰ লগতে ঘৰখনক কোনো বৃহৎ দুৰ্যোগৰ পৰা ৰক্ষা কৰিব পৰা যায়। এই লক্ষণসমূহৰ বিষয়ে অধিক জানো আহক।

পোহনীয়া জন্তুৰ মৃত্যু

যদি কোনো পোহনীয়া জন্তু সঘনাই অসুস্থ হৈ পৰে বা গুৰুতৰ ৰোগত হঠাৎ মৃত্যু হয়, তেতিয়া সাৱধান হ’ব লাগে। এয়া আপোনাৰ ঘৰ বা নিজ জীৱনত সংকট বা দুৰ্ভাগ্যৰ পূৰ্ব সংকেত। এনে পৰিস্থিতিত দান-বৰঙণি কৰিব লাগে।

ঘৰৰ মুৰব্বী আৰু পৰিয়ালৰ সদস্যৰ সন্মান হানি

হঠাৎ যদি ঘৰৰ মুৰব্বী আৰু অন্যান্য সদস্যৰ সন্মান হানি হয়, মানহানিৰ অভিযোগ উত্থাপন হয়, সেয়া পূৰ্বপুৰুষৰ অসন্তুষ্টি, ঘৰত বাস্তুৰ ডাঙৰ দোষ বা ৰাশিফলৰ গ্ৰহৰ দোষৰ ফল হ’ব পাৰে।

অবিৰত আৰ্থিক লোকচান

ধাৰাবাহিকভাৱে আৰ্থিক লোকচান বা কোনো ব্যক্তি ঋণী হোৱাটোৱে পৰিয়ালটোৰ বাবে সম্ভাৱ্য দুৰ্ভাগ্যৰ ইংগিত দিয়ে। এনে পৰিস্থিতিত পৰিস্থিতিৰ গুৰুত্ব বুজি সঠিক ব্যৱস্থা গ্ৰহণ কৰিব লাগে।

দৈনিক কাজিয়া

ঘৰখনত যদি নিতৌ কাজিয়া আৰু উত্তেজনাৰ সৃষ্টি হয়, এয়া পৰিয়ালটোৰ বাবে অশুভ সংকেত বুলি গণ্য কৰা হয়। দৈনিক কাজিয়া আৰু উত্তেজনাই জীৱনৰ সম্ভাৱ্য দুৰ্ভাগ্য আৰু সংকটৰ ইংগিত দিব পাৰে।

বিশেষ দ্ৰষ্টব্যঃ এই লেখাত উল্লেখ কৰা তথ্যসমূহ ধৰ্মীয় তথা লোক বিশ্বাসৰ ওপৰত আধাৰিত। TV9 Assam-এ এয়া নিশ্চিত কৰা নাই।