শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

আলফা (স্বা)সেনাধ্যক্ষ পৰেশ বৰুৱাক মৃত্যুদণ্ডৰ পৰা ৰেহাই বাংলাদেশ আদালতৰ…

চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশত সংঘটিত হৈ থকা হিংসাত্মক ঘটনাৰ মাজতেই পোহৰলৈ আহিছে এক ডাঙৰ খবৰ। দেশখনৰ আদালতে মৃত্যুদণ্ডৰ ৰায়ৰ পৰা ৰেহাই দিয়ে আলফা (স্বা) সেনাধ্যক্ষ পৰেশ বৰুৱাক। দেশখনৰ ন্যায়ালয়ৰ এই ৰায়ৰ পাছতেই এতিয়া ভাৰতত বৃদ্ধি পাইছে উদ্বেগ।

আলফা (স্বা)সেনাধ্যক্ষ পৰেশ বৰুৱাক মৃত্যুদণ্ডৰ পৰা ৰেহাই বাংলাদেশ আদালতৰ…
আলফা (স্বা)Image Credit source: social media
barasha-sarma
Barasha Sarma | Updated On: 19 Dec 2024 15:15 PM

আলফা (স্বা)ৰ সেনাধক্ষ্য পৰেশ বৰুৱা সন্দৰ্ভত এক ডাঙৰ ৰায় প্ৰদান কৰিছে বাংলাদেশ আদালতে। বাংলাদেশৰ উচ্চ ন্যায়ালয়ে চট্টগ্ৰাম অস্ত্ৰ সৰবৰাহৰ গোচৰ সন্দৰ্ভত ৰায়দান কৰি পৰেশ বৰুৱাৰ শাস্তি মৃত্যুদণ্ডৰ পৰা যাৱজ্জীৱন কাৰাদণ্ডলৈ হ্ৰাস কৰাৰ নিৰ্দেশ দিয়ে। ইযাৰ লগতে এজন মন্ত্ৰীকে ধৰি ৬ জনক দোষমুক্ত ঘোষণা কৰে। বাংলাদেশত চলি থকা হিংসাত্মক পৰিস্থিতিৰ মাজতে দেশখনৰ ন্যায়ালয়ে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। ন্যায়াধীশ মুস্তাফা জামান ইছলাম আৰু নাছৰিন আখতাৰৰ বিচাৰপীঠে চট্টগ্ৰাম অস্ত্ৰ সৰবৰাহৰ গোচৰৰ প্ৰতিবাদকাৰীৰ আবেদন শুনানি গ্ৰহণ কৰি এই ৰায় প্ৰদান কৰে।

কেতিয়া গ্ৰেপ্তাৰ হৈছিল

উল্লেখ কৰা প্ৰয়োজন যে, ২০০৪ চনত বাংলাদেশৰ বি এন পি-জমাত মিত্ৰজোঁটৰ চৰকাৰৰ দিনত বাংলাদেশ আৰক্ষীয়ে নিশাৰ ভাগত চট্টগ্ৰামৰ কৰ্ণাফুলি নদীৰ পাৰৰ জেট ঘাটৰ পৰা ১০খন অস্ত্ৰ ভৰ্তি ট্ৰাক উদ্ধাৰ কৰিছিল। এই ঘটনাৰ ওপৰত তদন্ত কৰাত পৰৱৰ্তী সময়ত পোহৰলৈ আহিছিল যে ভাৰত বিৰোধী কাৰ্যকলাপৰ বাবে চীনত নিৰ্মিত অস্ত্ৰ শস্ত্ৰ সৰবৰাহ কৰা হৈছিল।

এই ঘটনাত আলফ(স্বা)ৰ সেনাধ্যক্ষ পৰেশ বৰুৱা, বি এন পি নেতা লুটফুজ্জামান বাবৰকে ধৰি মুঠ ৫০ জনলোক জড়িত হৈ থকাৰ অভিযোগ উত্থাপন হৈছিল। সেই গোচৰতেই পৰেশ বৰুৱাক আদালতে মৃত্যুদণ্ড বিহিছিল আদালতে। কিন্তু শেহতীয়াকৈ বাংলাদেশ আদালতে তেওঁৰ শাস্তিৰ পৰিমাণ হ্ৰাস কৰি যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায় প্ৰদান কৰে। ইয়াৰ লগতে দেশখনৰ প্ৰাক্তন মন্ত্ৰী তথা বি এন পি নেতা লুটফুজ্জামান বাবৰ দোষমুক্ত ঘোষণা কৰে। চলিত মাহত অন্য এটা গোচৰত তেওঁক দোষমুক্ত ঘোষণা কৰা হৈছিল।

বৃদ্ধি ভাৰতৰ চিন্তা

মন কৰিবলগীয়া যে, বাংলাদেশত চলি থকা উত্তেজনাৰ মাজতেই পোহৰলৈ অহা এই খবৰ ভাৰতৰ বাবে উদ্বেগৰ কাৰণ হৈ পৰিছে। বিগত কেইবাবছৰ ধৰি পৰেশ বৰুৱাই উত্তৰ-পূৱত সন্ত্ৰাসবাদী কাৰ্যকলাপ সংঘটিত কৰি আহিছে। এনে পৰিস্থিতিত একাংশই আশংকা কৰিছে যে ভাৰতত সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনা বৃদ্ধি হ’ব পাৰে।এই প্ৰসংগত আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক বিশেষজ্ঞ ৰাজাগোপাল ধৰ চক্ৰৱৰ্তীয়ে পুনৰ কয়, “এই সিদ্ধান্তৰ জৰিয়তে কাৰ্যকৰীভাৱে স্পষ্ট হৈ পৰিছে যে বৰ্তমান ভাৰত বিৰোধীসকলেহে বাংলাদেশৰ পৰা সন্মানৰ যোগ্য।”

শ্বেখ হাছিনা চৰকাৰৰ পতনৰ পাছতেই ভাৰত- বাংলাদেশৰ মাজৰ সম্পৰ্কৰ অধিক অৱনতি ঘটিছে।  চুবুৰীয়া দেশখনত হিন্দু বিৰোধী শক্তি গা কৰি উঠাৰ লগে লগে হাজাৰ হাজাৰ হিন্দুৰ ওপৰত অত্যাচাৰ চলোৱা হৈছে। প্ৰায় প্ৰতিদিনেই দেশখনৰ পৰা হিংসাত্মক ঘটনাৰ খবৰ পোহৰলৈ আহে। ইয়াৰ মাজতে পৰেশ বৰুৱা সন্দৰ্ভত বাংলাদেশ আদালতৰ এই ৰায়ে যথেষ্ঠ গুৰুত্ব বহন কৰিছে। উল্লেখ কৰা প্ৰয়োজন যে, কিছুদিন পূৰ্বে ভাৰতৰ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে আলফাৰ ওপৰত পুনৰ ৫ বছৰৰ নিষেধাজ্ঞা জাৰি কৰিছিল।

 

 

অন্য খবৰ পঢ়কঃ পুনৰ ৫ বছৰৰ বাবে আলফাৰ ওপৰত নিষেধাজ্ঞা জাৰি কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ