শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ব্যৱসায়িক দৃষ্টিৰে বুজালে বাংলাদেশৰ অধিকাৰ কি? বংগোপসাগৰকলৈ পুনৰ সৰৱ ইউনুছ…

বংগোপসাগৰৰ বাণিজ্যিক সম্ভাৱনীয়তাক গুৰুত্ব দি আহিছে ইউনুছে। সেইবাবেই মহম্মদ ইউনুছে হয়তো আকৌ এবাৰ ক'লে বংগোপসাগৰৰ এটা অংশ বাংলাদেশৰ। যিটো অংশক কেতিয়াও গুৰুত্ব দিয়া হোৱা নাই।

ব্যৱসায়িক দৃষ্টিৰে বুজালে বাংলাদেশৰ অধিকাৰ কি? বংগোপসাগৰকলৈ পুনৰ সৰৱ ইউনুছ…
বংগোপসাগৰকলৈ ইউনুছৰ মন্তব্যImage Credit source: GettyImage
manas-borah
Manas Borah | Updated On: 09 Aug 2025 13:32 PM

বংগোপসাগৰৰ পৰা দৃষ্টি আঁতৰাব পৰা নাই বাংলাদেশৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছে। দেশখনৰ ভাঙি যোৱা অৰ্থনীতিক জোৰা লগাবলৈ বংগোপসাগৰৰ বাণিজ্যিক সম্ভাৱনীয়তাক গুৰুত্ব দি আহিছে ইউনুছে। সেইবাবেই মহম্মদ ইউনুছে হয়তো আকৌ এবাৰ বংগোপসাগৰৰ এটা অংশ বাংলাদেশৰ বুলি দাবী কৰিছে। যিটো অংশক কেতিয়াও গুৰুত্ব দিয়া হোৱা নাই।

ইউনুছৰ এই মন্তব্য পাছতে পুনৰ বংগোপসাগৰৰ প্ৰসংগই চৰ্চা লাভ কৰিছে ভাৰতত। “বংগোপসাগৰৰ এটা অংশ আমাৰ দেশৰ…”, দেশখনৰ গণ অভ্যুত্থানৰ বৰ্ষপূৰ্তিৰ উপলক্ষে এই মন্তব্য প্ৰকাশ কৰে বাংলাদেশৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছে ।

দেশবাসীৰ সন্মুখত বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টাগৰাকীয়ে দাবী কৰে, “বংগ উপসাগৰৰ এটা অংশ আমাৰ দেশৰ বুলি আমি প্ৰায়ে পাহৰি যাওঁ। যাৰ আকাৰ আমাৰ দেশৰ মুঠ মাটিকালিতকৈ বহু বেছি। কিন্তু আমি ব্যৱসায়িক কামত সদায় দেশৰ মাটি সৰ্বাধিক ব্যৱহাৰ কৰো। বংগ উপসাগৰৰ সেই অংশটোক কেতিয়াও দিয়া কোনো গুৰুত্ব নহয়।”

কিন্তু যোৱা বছৰ জুলাই মাহত দেশখনত হোৱা গণ অভ্যুত্থানৰ বৰ্ষপূৰ্তিত ইউনুছে বংগোপসাগৰ বিষয়ক কিয় গুৰুত্ব দিলে? অন্তৱৰ্তীকালীন চৰকাৰ গঠনৰ পিছৰে পৰা ইউনুছে বংগোপসাগৰৰ বাণিজ্যিক সম্ভাৱনীয়তাক গুৰুত্ব প্ৰদান কৰি আহিছে। সেই অনুসৰি অৰ্থনৈতিক চিন্তা-চেতনাৰে তেওঁ চীনৰ সৈতে যোগাযোগ কৰিছিল। ক’ব পাৰি যে, ইয়াৰ পৰাই বংগোপসাগৰ বিষয়টোকলৈ বিতৰ্ক আৰম্ভ হৈছিল।

চীন ভ্ৰমণৰ সময়ত মুখ্য উপদেষ্টাগৰাকীয়ে ভাৰতৰ উত্তৰ-পূব অঞ্চলটোক “লেণ্ড লক অঞ্চল” বুলি অভিহিত কৰি নিজকে “বংগ উপসাগৰৰ অভিভাৱক” বুলি দাবী কৰিছিল। ইয়াৰ পৰাই আৰম্ভ হয় বিতৰ্কৰ। সেই সময়ত বিশ্বৰ ৰাজনীতিত ইউনুছক লৈ ক্ষোভৰ সৃষ্টি হৈছিল। কিন্তু সেই ক্ষোভৰ প্ৰতি সঁহাৰি জনাই বাংলাদেশৰ পৰা বিশেষ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা দেখা নগ’ল। ইয়াৰ কেইমাহমানৰ পাছতে ইউনুছে পুনৰ বংগোপসাগৰৰ কথা কোৱা শুনা গৈছে ।

প্ৰায়ে তেওঁ দাবী কৰি আহিছে যে, বাংলাদেশৰ ভাঙি যোৱা অৰ্থনীতি জোৰা লগাবলৈ হ’লে চিন্তা-চৰ্চাৰ কিছু মৌলিক পৰিৱৰ্তন আনিব লাগিব। তেওঁ বিচাৰে, সেই দেশখনৰ বাবে নদী-সাগৰ বিশাল সম্পদ। এই সম্পদসমূহ ব্যৱহাৰ কৰি অৰ্থনীতি গঢ় দিয়াটো প্ৰয়োজন। তেওঁৰ শেহতীয়া মন্তব্যই কি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে সেয়া হ’ব লক্ষণীয়।