ৰাজনৈতিক অস্থিৰতাৰ মাজতে ইউনুছৰ বিদেশ ভ্ৰমণ, চীনৰ শত্ৰু ৰাষ্ট্ৰৰ পৰা ল’ব ঋণ, স্বাক্ষৰ কৰিব বুজাবুজিৰ চুক্তিত …
Yunus Visit Japan: এফালে যদি ৰাজনৈতিক অস্থিৰতা, আনফালে ৰাইজৰ মাজত সৃষ্টি হৈছে ব্যাপক ক্ষোভ। শেহতীয়াকৈ ইউনুছ চৰকাৰৰ বিৰুদ্ধে ধৰ্মঘটৰ আহ্বান জনাইছিল চৰকাৰী কৰ্মচাৰীসকলে । ইয়াৰ মাজতে চলি আছে প্ৰতিবাদী কাৰ্যসূটী। এতিয়া এই অচলাৱস্থাৰ মাজতে বিদেশ ভ্ৰমণৰ পৰিকল্পনা কৰিছে বাংলাদেশৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছে।

অন্ত পৰিল নেকি বাংলাদেশৰ ৰাজনৈতিক অস্থিতাৰ? পদত্যাগৰ পলম হোৱা ক্ষেত্ৰত সাময়িকভাৱে স্থিতিশীলতা দেখা গৈছে যদিও অন্তৱৰ্তীকালীন চৰকাৰৰ ভৱিষ্যত এতিয়াও সংকতত থকা বুলি প্ৰকাশ কৰিছে সূত্ৰই। এফালে পদ্মা নদীৰ পাৰত দেখা গৈছে দেশত ৰাজনৈতিক ক্ষোভ, ইফালে সমৰ্থনৰ বাৰ্তা দিয়াৰ পিছতো এতিয়াও পৰিস্থিতি উত্তেজনাপূৰ্ণ বুলি উল্লেখ কৰিছে বহুজনে।
এফালে যদি ৰাজনৈতিক অস্থিৰতা, আনফালে ৰাইজৰ মাজত সৃষ্টি হৈছে ব্যাপক ক্ষোভ। শেহতীয়াকৈ ইউনুছ চৰকাৰৰ বিৰুদ্ধে ধৰ্মঘটৰ আহ্বান জনাইছিল চৰকাৰী কৰ্মচাৰীসকলে । ইয়াৰ মাজতে চলি আছে প্ৰতিবাদী কাৰ্যসূটী। এতিয়া এই অচলাৱস্থাৰ মাজতে বিদেশ ভ্ৰমণৰ পৰিকল্পনা কৰিছে বাংলাদেশৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছে।
এই সন্দৰ্ভত ভাৰপ্ৰাপ্ত বৈদেশিক সচিব নুৰুল আলম ছিদ্দিকিয়ে কয়, “মুখ্য উপদেষ্টা মহম্মদ ইউনুছে মঙলবাৰে চাৰিদিনীয়া ভ্ৰমণসূচীৰে জাপানলৈ ৰাওনা হ’ব। শেহতীয়াকৈ তেওঁ বিনিয়োগ আকৰ্ষণ কৰিবলৈ চীনলৈ গৈছিল। কিন্তু এইবাৰ জিংপিঙৰ শত্ৰু দেশলৈ গৈছে ইউনুছে ।
অহা ২৯ আৰু ৩০ মে’ত জাপানৰ ৰাজধানী টকিঅ’ত অনুষ্ঠিত হ’ব নিক্কেই ফ’ৰাম সন্মিলন।বাংলাদেশৰ সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি সেই ব্যৱসায়িক সন্মিলনত অংশগ্ৰহণ কৰিবলৈ ওলাইছে ইউনুছে। ইয়াৰ উপৰিও তেওঁ জাপানৰ পৰা ১ বিলিয়ন মাৰ্কিন ডলাৰৰ কম সুতৰ ঋণ লোৱাৰ পৰিকল্পনা কৰিছে। এই প্ৰসংগত বৈদেশিক সচিবগৰাকীয়ে আৰু কয় যে মুখ্য উপদেষ্টাগৰাকীয়ে তেওঁৰ ভ্ৰমণৰ সময়ত জাপানৰ সৈতে মুঠ ৭খন চুক্তি আৰু বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিব।
উল্লেখ্য যে, বাংলাদেশৰ ৰাজপথত নামি পৰিছে সেনা। ঢাকা আৰু অন্যান্য ঠাইত দেখিবলৈ পোৱা গৈছে সেনাৰ টেংক আৰু সাজসজ্জিত সেনাৰ বাহন। ইয়াৰোপৰি ৰাজপথত টহল দি আছে সেনাই। বাংলাদেশৰ এই পৰিস্থিতিয়ে এতিয়া শংকিত কৰিছে জনসাধাৰণক। হঠাতে কিয় সেনা ৰাজপথত নামি পৰিছে ইয়াৰ কাৰণ অন্তৱৰ্তীকালীন চৰকাৰেও বুজিব পৰা নাই। যাৰ বাবে সেনা বিদ্ৰোহৰ আশংকাত মহম্মদ ইউনুছৰ কাৰ্যালয়ে বাৰে বাৰে সেনাধ্যক্ষৰ সৈতে যোগাযোগ কৰাৰ চেষ্টা কৰি আছে। খবৰ অনুসৰি এই চেষ্টা বাৰে বাৰে বিফল হৈছে। যোৱা ৪৮ ঘন্টাত ৭ বাৰ যোগাযোগৰ চেষ্টা কৰাৰ পাছতো আনটো মূৰৰ পৰা লাভ কৰা নাই কোনো সঁহাৰি।