শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Morning News: পলকতে চকু ফুৰাওক পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰত…

ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো।

Morning News: পলকতে চকু ফুৰাওক পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰত…
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ
monjit-dutta
Monjit Dutta | Published: 28 Jun 2025 08:30 AM

প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।

১. শুকুৰবাৰে অনুষ্ঠিত হয় অসম চৰকাৰৰ কেবিনেট বৈঠকত। এই বৈঠকত কেবিনেটে অসম পঞ্চায়ত (সংবিধান) বিধি, ১৯৯৫-ৰ কিছুমান বিধি সংশোধনত অনুমোদন জনাইছে। কেবিনেটে লগতে মিছন বসুন্ধৰা ৩.০ৰ অধীনত চৰকাৰী ভূমি আবণ্টনৰ বাবে অনুমোদন জনায়।

২. APSC কেলেংকাৰী সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰায়ক লৈ মত প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সংবাদ মাধ্যমত প্ৰকাশ পোৱাৰ দৰে উচ্চ ন্যায়ালয়ৰ ৰায়ত চাকৰিৰ পৰা বৰ্খাস্ত বিষয়াসকলক পুনৰ নিযুক্তি দিয়াৰ কোনো নিৰ্দেশ দিয়া নাই বুলি তেওঁ মন্তব্য কৰে। বৰঞ্চ আদালতে কেৱল এই বিষয়াসকলক ভৱিষ্যতে নিয়োগৰ সুযোগ বিচৰাত সহায় হোৱাকৈ এপিএছচি কেলেংকাৰীৰ কথা উল্লেখ নকৰাকৈ ডিচচাৰ্জ লেটাৰ জাৰি কৰাৰ নিৰ্দেশ দিয়া বুলি উল্লেখ কৰে।

৩. ৰাজ্য চৰকাৰে বাংলাদেশীৰ অনুপ্ৰৱেশ ৰোধৰ প্ৰচেষ্টাৰ অংশ হিচাপে আধাৰ কাৰ্ড প্ৰদানৰ ক্ষেত্ৰত কঠোৰ পদক্ষেপ গ্ৰহণৰ পৰিকল্পনা কৰিছে। শুকুবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই বিষয়ে প্ৰকাশ কৰিছে। নতুন নিয়ম কাৰ্যকৰী হোৱাৰ পিছত কেৱল জিলা উপায়ুক্তকহে আধাৰ জাৰি কৰাত অনুমোদন দিবলৈ কৰ্তৃত্ব দিয়া হ’ব বুলি তেওঁ কয় আৰু এনে পদক্ষেপৰ দ্বাৰা কোনো অবৈধ অনুপ্ৰৱেশকাৰীয়ে আধাৰ কাৰ্ড লাভ কৰিব নোৱাৰিব তথা তেওঁলোকক সহজে চিনাক্ত কৰি বিতাড়ন কৰিব পৰা যাব বুলি মন্তব্য কৰে।

৪. যোৱা ২৪ জুনত বোকাখাতৰ CRPF শিবিৰত সংঘটিত হোৱা গ্ৰেনেড বিস্ফোৰণত কোনো সক্ৰিয় উগ্ৰপন্থী সংগঠন জড়িত থকাৰ সম্ভাৱনা নাকচ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এই বিস্ফোৰণত জড়িত থকা সকলো সন্দেহযুক্ত লোকক আৰক্ষীয়ে আটক কৰিছে বুলি জানিবলৈ দিয়ে মুখ্যমন্ত্ৰীয়ে। এই দলটোৱে গুৱাহাটী, তেজপুৰ, লখিমপুৰকে ধৰি ৰাজ্যৰ চাৰিটা গুৰুত্বপূৰ্ণ স্থানত বিস্ফোৰণ সংঘটিত কৰাৰ পৰিকল্পনা কৰিছিল বুলিও তেওঁ উল্লেখ কৰিছে। অৱশ্যে দলটোৰ মূল অভিযুক্ত এতিয়াও পলাতক হৈ আছে বুলি তেওঁ জানিবলৈ দিয়ে।

৫. ২০০২ চনত মুক্তি পোৱা ‘কাঁটা লগা’ নামৰ জনপ্ৰিয় ৰিমিক্স গীতটোৰ জৰিয়তে সমগ্ৰ দেশতে আলোড়নৰ সৃষ্টি কৰা অভিনেত্ৰী তথা মডেল শ্বেফালী জাৰিৱালাই যোৱা নিশা শেষ নিশ্বাস ত্যাগ কৰে। শ্ৰোতা-দৰ্শকৰ মনত বিশেষভাৱে সাঁচ বহুওৱা বলীউডৰ এই অভিনেত্ৰীগৰাকীয়ে হাৰ্ট এটেকৰ ফলত চিৰদিনলৈ চকু মুদে বুলি খবৰ প্ৰকাশ পাইছে।

৬. হিন্দু ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ উৎসৱ জগন্নাথ ৰথ যাত্ৰা শুকুৰবাৰৰ পৰা আৰম্ভ হৈছে। মূল মন্দিৰ স্থান ওড়িশাৰ পুৰীৰ সমান্তৰালকৈ দেশৰ আন প্ৰান্ততো এই পবিত্ৰ ৰথযাত্ৰা উলিওৱা হৈছে। এই ৰথযাত্ৰাৰ সময়ত ভক্তৰ ব্যাপক সমাগমৰ লগতে প্ৰতিকূল বতৰৰ ফলত পুৰীৰ লগতে পশ্চিম বংগৰ পূব মেদিনীপুৰ আৰু গুজৰাটৰ আহমেদাবাদতো কিছু বিক্ষিপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱাৰ খবৰ প্ৰকাশ পাইছে। এনে অৱস্থাত বহু ভক্ত আহত হোৱা বুলি প্ৰকাশ পাইছে।

৭. ইজৰাইল আৰু ইৰাণৰ মাজত হোৱা যুদ্ধৰ পৰিস্থিতি কিছু শাম কাটিলেও অব্যাহত আছে উত্তেজনা। ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনেই ইজৰাইলৰ সৈতে হোৱা যুদ্ধত বিজয়ৰ দাবী কৰি বিজয় ভাষণ প্ৰদান কৰাৰ পিছতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে বিদ্ৰুপমূলক মন্তব্য কৰে। ট্ৰাম্পে এই যুদ্ধত ইজৰাইলৰ হাতৰ পৰা খামেনেইক অপমানজনক মৃত্যুৰ পৰা ৰক্ষা কৰা বুলি মন্তব্য কৰাৰ পিছতে ইৰাণে দেশৰ সৰ্বোচ্চ নেতাগৰাকীৰ সন্দৰ্ভত এনে মন্তব্য নকৰিবলৈ সকীয়াই দিছে ট্ৰাম্পক।

৮. অহা ২ জুলাইৰ পৰা আৰম্ভ হ’বলগীয়া ভাৰত আৰু ইংলেণ্ডৰ মাজৰ টেষ্ট শৃংখলাৰ দ্ব্তীয়খন টেষ্টত ভাৰতীয় দিলৰ তাৰকা সদস্য যশপ্ৰীত বুমৰাহৰ অংশগ্ৰহণ এতিয়াও নিশ্চিত নহয়। এতিয়া দলৰ আন এগৰাকী পেচাৰ প্ৰসিধ কৃষ্ণৰ অংশগ্ৰহণ সন্দৰ্ভতো সন্দেহৰ অৱকাশ আহি পৰিছে। শুকুৰবাৰে ভাৰতীয় দলৰ অনুশীলনৰ সময়ত প্ৰসিধ কৃষ্ণক বলিং কৰাৰ পৰা আঁতৰি থকা দেখিবলৈ পোৱা বুলি এক প্ৰতিবেদন প্ৰকাশ পোৱাৰ পিছতে এনে চৰ্চা চলিছে।