India-Pakistan Tension: ভাৰতে সলনি কৰিব নেকি সিন্ধু জল সন্ধি স্থগিত ৰখাৰ সিদ্ধান্ত?
প্ৰথমবাৰৰ বাবে এই সন্ধি স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল ভাৰতে । কিন্তু বৃহস্পতিবাৰে কেন্দ্ৰীয় জলসম্পদ মন্ত্ৰী চি আৰ পাটিলে স্পষ্ট কৰি দিয়ে যে পাকিস্তানে যিমানেই চিঠি নিলিখক কিয়, ভাৰতে সিন্ধুৰ জল সন্ধি স্থগিত ৰখাৰ স্থিতি সলনি নকৰে।
পহলগাম আক্ৰমণৰ পিছতে ভাৰতে পাকিস্তানক শিক্ষা দিবলৈ সিন্ধু জল সন্ধি স্থগিত ৰাখে। তেতিয়াৰ পৰা সিন্ধুৰ পৰা এটোপালো পানী পোৱা নাই পাকিস্তানে। এই সন্ধি স্থগিত ৰখাৰ পিছত পাকিস্তানে তীব্ৰ জল সংকটৰ সন্মুখীন হয়। পানী বিচাৰি ইখনৰ পিছত সিখন চিঠি ভাৰতলৈ পঠিয়াইছে পাকিস্তানে। এতিয়া ভাৰতে নিজৰ সিদ্ধান্ত সলনি কৰিব নেকি?
প্ৰথমবাৰৰ বাবে এই সন্ধি স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল ভাৰতে । কিন্তু বৃহস্পতিবাৰে কেন্দ্ৰীয় জলসম্পদ মন্ত্ৰী চি আৰ পাটিলে স্পষ্ট কৰি দিয়ে যে পাকিস্তানে যিমানেই চিঠি নিলিখক কিয়, ভাৰতে সিন্ধুৰ জল সন্ধি স্থগিত ৰখাৰ স্থিতি সলনি নকৰে।
শেহতীয়াকৈ পাকিস্তানৰ নেতা তথা প্ৰাক্তন মন্ত্ৰী বিলাওয়াল ভুট্টোৱে ভাৰতক সিন্ধু জল সন্ধি স্থগিত ৰখাৰ বাবে ভাবুকি দিছিল। সেই সন্দৰ্ভত ভাৰতৰ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে প্ৰত্যুত্তৰ দি কয়, “পানী ক’লৈকো নাযায়..তেওঁ কি কৈছে, সেয়া তেওঁৰ মতামত…আমি এই ভয়-ভাবুকিলৈ ভয় কৰা নাই। ভাৰত চৰকাৰে যি সিদ্ধান্ত ল’ব সেয়া দেশৰ বাবে লাভজনক হ’ব।”