শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
৯৯ শতাংশ আয় হোৱা এই পথেৰে বাংলাদেশৰ পৰা ৯ টা সামগ্ৰীৰ আমদানিত নিষেধাজ্ঞা আৰোপ ভাৰতৰ

৯৯ শতাংশ আয় হোৱা এই পথেৰে বাংলাদেশৰ পৰা ৯ টা সামগ্ৰীৰ আমদানিত নিষেধাজ্ঞা আৰোপ ভাৰতৰ

raj-saikia
Raj Saikia | Published: 28 Jun 2025 18:45 PM

কেঁচা মৰাপাট, মৰাপাটৰ ৰোল, মৰাপাটৰ সূতা, বোৱা ফ্লেক্স কাপোৰ আৰু বিশেষ ধৰণৰ কাপোৰকে ধৰি ৯ প্ৰকাৰৰ সামগ্ৰী আমদানি কৰাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। এই সামগ্ৰীসমূহ আৰু বাংলাদেশৰ স্থল বন্দৰৰ জৰিয়তে আমদানি কৰা নহ’ব।

বাংলাদেশ সন্দৰ্ভত কেন্দ্ৰই লৈছে ডাঙৰ সিদ্ধান্ত। জাৰি কৰা হৈছে গুৰুত্বপূৰ্ণ নিষেধাজ্ঞা। বাংলাদেশৰ স্থল পথৰ জৰিয়তে ৯ টা সামগ্ৰী আমদানি কৰাত নিষেধাজ্ঞা আৰোপ কৰিছে ভাৰত চৰকাৰে। শুকুৰবাৰে এই নিৰ্দেশনা জাৰি কৰিছে বৈদেশিক বাণিজ্য বিভাগ তথা বৈদেশিক বাণিজ্য সঞ্চালক প্ৰধানে।

জানিব পৰা মতে, কেঁচা মৰাপাট, মৰাপাটৰ ৰোল, মৰাপাটৰ সূতা, বোৱা ফ্লেক্স কাপোৰ আৰু বিশেষ ধৰণৰ কাপোৰকে ধৰি ৯ প্ৰকাৰৰ সামগ্ৰী আমদানি কৰাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। এই সামগ্ৰীসমূহ আৰু বাংলাদেশৰ স্থল পথৰ জৰিয়তে আমদানি কৰা নহ’ব। অৱশ্যে জলপথৰ জৰিয়তে, মুম্বাইৰ নভ সেৱা সাগৰীয় বন্দৰৰ জৰিয়তে আমদানি কৰিব পাৰিব এই সামগ্ৰী। তেনে ক্ষেত্ৰত কোনো নিষেধাজ্ঞা নাই। জলপথ মুকলি কৰি ৰখা হৈছে। ভাৰতৰ মাজেৰে স্থল বন্দৰৰ জৰিয়তে নেপাল আৰু ভূটানলৈ সামগ্ৰী ৰপ্তানি কৰাত কোনো বাধা নাই।

বাংলাদেশে আগতে এই সামগ্ৰীসমূহ ৰপ্তানি কৰি বিপুল ৰাজহ লাভ কৰিছিল। ২০২৩-২৪ বিত্তীয় বৰ্ষত ১৬৪৫ কোটি টকাৰ এই ৯টা সামগ্ৰী বাংলাদেশৰ পৰা ভাৰতলৈ ৰপ্তানি কৰা হৈছিল। ইয়াৰে ৯৯ শতাংশ কাম স্থল পথৰ জৰিয়তে কৰা হৈছিল।

ভাৰতৰ সৈতে যোগাযোগ আৰু বাণিজ্যৰ বাবে স্থলবন্দৰৰ ওপৰত অধিক নিৰ্ভৰশীল বাংলাদেশ। কাৰণ দুয়োখন দেশৰ মাজত একাধিক আন্তঃৰাষ্ট্ৰীয় সীমা আছে। কিন্তু এইবাৰ ভাৰতে বাণিজ্যৰ বাবে স্থলপথটো কাৰ্যতঃ বন্ধ কৰি দিছে।

ইয়াৰ পূৰ্বে ১৭ মে’ত বাংলাদেশৰ পৰা ৰেডিমেড কাপোৰ, প্ৰচেছড খাদ্য, ফল-মূল আৰু ফলৰ সোৱাদযুক্ত পানীয়, শীতল পানীয়, প্লাষ্টিক, কাঠৰ আচবাব, সূতা আৰু সূতাৰে নিৰ্মিত সামগ্ৰী আমদানি কৰাত নিষেধাজ্ঞা আৰোপ কৰা হৈছিল। ইয়াৰ পূৰ্বে ৯ এপ্ৰিলত কলকাতা বিমানবন্দৰৰ জৰিয়তে বাংলাদেশলৈ সামগ্ৰীৰ ৰপ্তানিও বন্ধ কৰি দিয়া হৈছিল।