কোনবোৰ ফলে তেজৰ চুগাৰৰ মাত্ৰা বৃদ্ধি কৰে?

29 June 2025

TV9 ASSAM

Photos Credit: Getty Images

ফল-মূল স্বাস্থ্যৰ বাবে অতি উপকাৰী যদিও কিছুমান ফলে আমাৰ তেজৰ চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে।

চুগাৰৰ মাত্ৰা

কোনবোৰ ফলে চুগাৰৰ মাত্ৰা বৃদ্ধি কৰাৰ সম্ভাৱনা থাকে? এই প্ৰতিবেদনৰ জৰিয়তে জানোঁ আহক। ডায়েবেটিছ ৰোগীয়ে এই ফলবোৰ পৰিহাৰ কৰিব লাগে।

ডায়েবেটিছ ৰোগীয়ে নাখাব

আমত ফ্ৰুক্ট’জৰ পৰিমাণ অতি বেছি। এটা আমত প্ৰায় ৩০ গ্ৰাম প্ৰাকৃতিক চুগাৰ থাকে।

আম

কলত নিশ্চিতভাৱে আঁহ আৰু পটাছিয়াম থাকে যদিও পকিলে ইয়াত থকা চুগাৰৰ পৰিমাণ বৃদ্ধি পায়। এটা কলত প্ৰায় ১৪ গ্ৰাম প্ৰাকৃতিক চুগাৰ থাকে।

কল

লিচু গ্ৰীষ্মকালীন এবিধ বিশেষ ফল আৰু ইয়াক প্ৰায়ে খোৱা হয়। কিন্তু ১০-১২ লিচুত প্ৰায় ২৯-৩০ গ্ৰাম প্ৰাকৃতিক চুগাৰ থাকিব পাৰে।

লিচু

ডালিমক স্বাস্থ্যকৰ ফল বুলি গণ্য কৰা হয়, কিন্তু ১ কাপ ডালিমৰ গুটিত প্ৰায় ২৪ গ্ৰাম প্ৰাকৃতিক চুগাৰ থাকে।

ডালিম

চুগাৰৰ মাত্ৰা নিয়ন্ত্ৰণ ৰাখিবলৈ আপুনি আপেল,জামু, অমিতা, কমলা খাব পাৰে। তদুপৰি বিশেষজ্ঞ পৰামৰ্শ গ্ৰহণ কৰাটো অতি প্ৰয়োজন।

কোনবোৰ ফল খাব?

পঢ়িবলৈ ক্লিক কৰক

এগৰাকী মহিলাৰ দেহত আৱিষ্কাৰ নতুন ব্লাড গ্ৰুপ