শীঘ্ৰেই অনুষ্ঠিত কৰক সাধাৰণ নিৰ্বাচন, মঃ ইউনুছক সকীয়নি বাংলাদেশৰ সেনা প্ৰধানৰ
বুধবাৰে ঢাকাৰ সেনা কাৰ্যালয়ৰ চৌহদত থিয় হৈ সেনা প্ৰধান জেনেৰেল ৱাকাৰ-উজ-জামানে কয় যে অহা ডিচেম্বৰৰ ভিতৰত অন্তৱৰ্তীকালীন চৰকাৰে নিৰ্বাচন আয়োজন কৰিব লাগিব । তেওঁ সোঁৱৰাই দিয়ে যে অন্তৱৰ্তীকালীন চৰকাৰখন নিকা আৰু মুক্ত নিৰ্বাচনৰ অনুষ্ঠিত কৰিবলৈ গঠন কৰা হৈছিল ।

বহুদিন ধৰি উমি উমি জ্বলি আছিল ক্ষোভৰ জুইকুৰা । এইবাৰ জুইকুৰা যেন দাউ দাউকৈ জ্বলিছে । বাংলাদেশৰ সেনা প্ৰধান জেনেৰেল ৱাকাৰ-উজ-জামানে কঠোৰ বাৰ্তা প্ৰদান কৰিছে ইউনুছ চৰকাৰক । শীঘ্ৰে নিৰ্বাচনৰ ব্যৱস্থা কৰিব লাগে বুলি স্পষ্ট কৰি দিয়ে তেওঁ । লগতে ইউনুছ চৰকাৰক সামৰিক কাম-কাজত হস্তক্ষেপ নকৰিবলৈও সকীয়নি দিছে সেনা প্ৰধানগৰাকীয়ে । তাৰোপৰি ৰাখাইন ক’ৰিডৰৰ দৰে গুৰুত্বপূৰ্ণ বিষয়সমূহৰ সন্দৰ্ভত সেনাবাহিনীক অৱগত কৰিবলৈ সোঁৱৰাই দিয়ে জেনেৰেল ৱাকাৰ-উজ-জামানে ।
যোৱা বৰ্ষৰ আগষ্ট মাহত হাছিনা চৰকাৰৰ পতনৰ পিছত বাংলাদেশত মহম্মদ ইউনুছৰ নেতৃত্বত গঠন কৰা হৈছিল এখন অন্তৱৰ্তীকালীন চৰকাৰ । কিন্তু এই অন্তৱৰ্তীকালীন চৰকাৰে দেশখন বেছি দিন চলাব নোৱাৰে । তেওঁলোকৰ মূল দায়িত্ব আছিল শীঘ্ৰে দেশত নিৰ্বাচন অনুষ্ঠিত কৰা । কিন্তু ইউনুছ চৰকাৰে নিৰ্বাচনত বিলম্ব কৰিছে ।
চলিত সপ্তাহৰ মঙলবাৰে বাংলাদেশৰ অন্যতম আগশাৰীৰ ৰাজনৈতিক দল বিএনপিৰ মহাসচিব মিৰ্জা ফখৰুল ইছলাম আলমগিৰে নিৰ্বাচন পিছুৱাই দিয়াৰ আঁৰত ইউনুছ চৰকাৰৰ এক বৃহৎ ষড়যন্ত্ৰ থকাৰ অভিযোগ উত্থাপন কৰে । এইবাৰ সেনাধ্যক্ষয়ো ইউনুছক সকীয়নি দিছে ।
বুধবাৰে ঢাকাৰ সেনা কাৰ্যালয়ৰ চৌহদত থিয় হৈ সেনা প্ৰধান জেনেৰেল ৱাকাৰ-উজ-জামানে কয় যে অহা ডিচেম্বৰৰ ভিতৰত অন্তৱৰ্তীকালীন চৰকাৰে নিৰ্বাচন আয়োজন কৰিব লাগিব । তেওঁ সোঁৱৰাই দিয়ে যে অন্তৱৰ্তীকালীন চৰকাৰখন নিকা আৰু মুক্ত নিৰ্বাচনৰ অনুষ্ঠিত কৰিবলৈ গঠন কৰা হৈছিল ।
জেনেৰেল ৱাকাৰে এটা কঠোৰ বাৰ্তা দিয়ে যে অন্তৱৰ্তীকালীন চৰকাৰে সামৰিক বাহিনীৰ কামত হস্তক্ষেপ কৰিব নালাগে । একে সময়তে ম্যানমাৰৰ ৰাখাইন প্ৰদেশৰ সৈতে হিউমেন কৰিড’ৰ সৃষ্টিক লৈও তেওঁ ইউনুছক আক্ৰমণ কৰে । ৰাখাইনৰ হিউমেন কৰিড’ৰ সন্দৰ্ভত কেৱল নিৰ্বাচিত চৰকাৰেহে সিদ্ধান্ত ল’ব পাৰে বুলিও স্পষ্টকৈ কয় জেনেৰেল ৱাকাৰে । লগতে আইনী প্ৰক্ৰিয়া অনুসৰণ কৰি কৰিব লাগিব । ইয়াত জাতীয় স্বাৰ্থৰ কথা বিবেচনা কৰিব লাগিব । জাতীয় স্বাৰ্থ ৰক্ষা কৰি ৰাজনৈতিক সহমতৰ ভিত্তিত কাম কৰিব লাগিব বুলি তেওঁ সকীয়াই দিয়ে ।
মহম্মদ ইউনুছে জেনেৰেল ৱাকাৰ সেনা প্ৰধান হিচাপে থকাটো নিবিচাৰে । সেয়েহে বাহ্যিক শক্তি ব্যৱহাৰ কৰি তেওঁক পদৰ পৰা অপসাৰণ কৰিবলৈ চেষ্টা কৰা বুলি ঘনিষ্ঠ মহলত উদ্বেগ প্ৰকাশ কৰিছে সেনা প্ৰধানগৰাকীয়ে । সূত্ৰৰ মতে, সেইবাবেই তেওঁ প্ৰত্যক্ষ যুদ্ধ বা সংঘাতলৈ যোৱাৰ পৰিৱৰ্তে বায়ুসেনা আৰু নৌসেনাক নিজৰ পক্ষত লৈ এক শক্তিশালী বাৰ্তা প্ৰেৰণ কৰিছিল । সামৰিক বাহিনীক আন্ধাৰত ৰাখি ইউনুছ চৰকাৰৰ সিদ্ধান্ত গ্ৰহণ আৰু সহ্য নকৰে সামৰিক বাহিনীয়ে ।