শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

বেলুচিস্তানত শিক্ষা সংকট ! ৩৫ খন জিলাৰ প্ৰায় ৩৫০০ৰো অধিক চৰকাৰী বিদ্যালয় বন্ধ

শেহতীয়াকৈ বেলুচিস্তানৰ শিক্ষা মন্ত্ৰালয়ে এক চাঞ্চল্যকৰ তথ্য প্ৰকাশ কৰিছে । চৰকাৰী তথ্য মতে, বেলুচিস্তানৰ ৩৫ খন জিলাৰ ৩ হাজাৰৰো অধিক চৰকাৰী বিদ্যালয় এতিয়াও বন্ধ হৈ আছে । ইয়াৰে প্ৰধান কাৰণ হৈছে শিক্ষকৰ নাটনি । প্ৰতিবেদন অনুসৰি ফেব্ৰুৱাৰী মাহত নতুন চৰকাৰে দায়িত্ব লোৱাৰ পিছত ৫৪২খন বিদ্যালয় বন্ধ কৰিবলগীয়া হৈছে। শেহতীয়া তথ্য অনুসৰি, প্ৰদেশখনত ২ ছেপ্টেম্বৰলৈকে মুঠ ৩৬৯৪খন বিদ্যালয় বন্ধ হৈ পৰিছে ।

বেলুচিস্তানত শিক্ষা সংকট ! ৩৫ খন জিলাৰ প্ৰায় ৩৫০০ৰো অধিক চৰকাৰী বিদ্যালয় বন্ধ
পাকিস্তানৰ শিক্ষাৰ্থী
manas-borah
Manas Borah | Published: 10 Sep 2024 16:48 PM

প্ৰাকৃতিক সম্পদেৰে ভৰপূৰ বেলুচিস্তান পাকিস্তানৰ সৰ্ববৃহৎ ৰাজ্য । কিন্তু বিশ্লেষক সকলৰ মতে বেলুচিস্তান অঞ্চলটোৰ বিকাশ যিধৰণে হ’ব লাগিছিল সেই ধৰণে হোৱা নাই । ইয়াৰ মাজতে শেহতীয়াকৈ বেলুচিস্তানৰ শিক্ষা মন্ত্ৰালয়ে এক চাঞ্চল্যকৰ তথ্য প্ৰকাশ কৰিছে । চৰকাৰী তথ্য মতে, বেলুচিস্তানৰ ৩৫ খন জিলাৰ ৩ হাজাৰৰো অধিক চৰকাৰী বিদ্যালয় এতিয়াও বন্ধ হৈ আছে । ইয়াৰে প্ৰধান কাৰণ হৈছে শিক্ষকৰ নাটনি । প্ৰতিবেদন অনুসৰি ফেব্ৰুৱাৰী মাহত নতুন চৰকাৰে দায়িত্ব লোৱাৰ পিছত ৫৪২খন বিদ্যালয় বন্ধ কৰিবলগীয়া হৈছে। শেহতীয়া তথ্য অনুসৰি, প্ৰদেশখনত ২ ছেপ্টেম্বৰলৈকে মুঠ ৩৬৯৪খন বিদ্যালয় বন্ধ হৈ পৰিছে ।

বেলুচিস্তানৰ শিক্ষা বিভাগে নিজৰ প্ৰতিবেদনত উল্লেখ কৰিছে যে, বৰ্তমান সমগ্ৰ প্ৰদেশখনত ১৫০৯৬খন চৰকাৰী বিদ্যালয় আছে । য’ত ৪৮,৮৪১ গৰাকী শিক্ষকে শিশুক পাঠদান কৰে। শিক্ষা মন্ত্ৰালয়ৰ তথ্য অনুসৰি, বন্ধ হৈ থকা বিদ্যালয়সমূহ খোলাৰ বাবে বেলুচিস্তান প্ৰদেশত মুঠ ১৬ হাজাৰ শিক্ষকৰ প্ৰয়োজন হ’ব । ৰাজ্যখনৰ শিক্ষা বিভাগৰ প্ৰতিবেদন অনুসৰি, ২০২১ চনৰ ভিতৰত প্ৰদেশখনত ১২ লাখ শিশুৱে বিদ্যালয় এৰিবলগীয়া হৈছিল ।

২০২১ চনলৈকে বেলুচিস্তানৰ বিদ্যালয় সমূহত ৭ হাজাৰ শিক্ষকৰ নাটনি আছিল আৰু এই নাটনি বৰ্তমান সময় ১৬ হাজাৰলৈ বৃদ্ধি পাইছে। একেদৰে বিদ্যালয় বন্ধ হৈ থকা আৰু শিক্ষাৰ পৰা বঞ্চিত ছাত্ৰ-ছাত্ৰীৰ সংখ্যাও ক্ৰমাগতভাৱে বৃদ্ধি পাইছে । ইয়াৰ সমান্তৰালভাৱে পাকিস্তানৰ ফেডাৰেল চৰকাৰে ইয়াৰ বাবে কোনো সুনিৰ্দিষ্ট পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগও উত্থাপন হৈছে ।

প্ৰকাশিত তথ্য অনুসৰি, বেলুচিস্তানৰ পিছিনত ২৫৪খন, খুজদাৰৰ ২৫১খন, কালাটত ১৭৯খন, কিলা চাইফুল্লাহত ১৭৯খন, বৰখানত ১৭৪খন আৰু কুৱেটাত ১৫২খন চৰকাৰী বিদ্যালয় বন্ধ হৈ আছে। আনহাতে বেলুচিস্তানৰ মুখ্যমন্ত্ৰী ছাৰফৰাজ বুগটিৰ গৃহ অঞ্চল ডেৰা বুগটিত শৈক্ষিক কৰ্মচাৰীৰ অভাৱৰ বাবে ১৩খন বিদ্যালয় বন্ধ হৈ আছে। শেহতীয়াকৈ বেলুচিস্তানত ১৬ হাজাৰ শিক্ষকৰ নাটনি হৈছে যদিও ছাৰফৰাজ চৰকাৰে শিক্ষক নিযুক্তিৰ বাবে প্ৰচেষ্টা আৰম্ভ কৰিছে আৰু শিক্ষা বিভাগত ৯৪৯৬টা খালী পদ সৃষ্টি হোৱা বুলি তথ্য প্ৰকাশ পাইছে ।

Latest News