শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

হিংসাৰ জুইত জ্বলিছে ঢাকা চহৰ, ১৭ খনকৈ বাছত অগ্নি সংযোগ, ইউনুছ চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদমুখৰ আৱামী লীগ

বাংলাদেশৰ সংবাদ পত্ৰ প্ৰথম আলোৰ তথ্য অনুসৰি বৃহস্পতিবাৰে কমলপুৰ ষ্টেচনৰ বাহিৰত আৰু গোপালগঞ্জ PWD বিভাগৰ কাৰ্যালয়ত আৱামী লীগৰ কৰ্মীসকলে প্ৰথমে অগ্নিসংযোগ কৰে। ইয়াৰ পিছত কৰ্মীসকলে দুখন বাছ জ্বলাই দিয়ে।

হিংসাৰ জুইত জ্বলিছে ঢাকা চহৰ, ১৭ খনকৈ বাছত অগ্নি সংযোগ, ইউনুছ চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদমুখৰ আৱামী লীগ
বাংলাদেশত পুনৰ অশান্তিৰ বাতাবৰণ
raj-saikia
Raj Saikia | Updated On: 13 Nov 2025 13:22 PM

বাংলাদেশত ইউনুছ চৰকাৰৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰিছে আৱামি লীগৰ কৰ্মীসকলে। ঢাকা লকডাউনৰ সময়ত চলি থকা এই প্ৰতিবাদত এতিয়ালৈকে ১৭খন বাছ জ্বলাই দিয়া হৈছে। লগতে ঢাকাৰ ৫টা স্থানত বিস্ফোৰণৰ খবৰ পোৱা গৈছে। আৱামী লীগৰ হিংসাত্মক প্ৰতিবাদৰ প্ৰতি সঁহাৰি জনাই ঢাকা, মেমন সিং ৰোডৰ দৰে ডাঙৰ চহৰত সেনাবাহিনী মোতায়েন কৰা হৈছে।

বাংলাদেশৰ সংবাদ পত্ৰ প্ৰথম আলোৰ তথ্য অনুসৰি বৃহস্পতিবাৰে কমলপুৰ ষ্টেচনৰ বাহিৰত আৰু গোপালগঞ্জ PWD বিভাগৰ কাৰ্যালয়ত আৱামী লীগৰ কৰ্মীসকলে প্ৰথমে অগ্নিসংযোগ কৰে। ইয়াৰ পিছত কৰ্মীসকলে দুখন বাছ জ্বলাই দিয়ে।

কিয় ৰাজপথলৈ ওলাই আহিল আৱামি লীগৰ সদস্য?

বাংলাদেশৰ শ্বেখ হাছিনাৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ৰ প্ৰথমটো ৰায় আজি ১৩ নৱেম্বৰত ঘোষণা কৰাৰ কথা। আৱামী লীগৰ কৰ্মীসকলে আশংকা কৰিছে যে এই ৰায়দানৰ ফলত শ্বেখ হাছিনাক দোষী সাব্যস্ত কৰা হ’ব, যাৰ ফলত নেত্ৰীগৰাকী অদূৰ ভৱিষ্যতে বাংলাদেশলৈ ঘূৰি অহাত অসুবিধাৰ সৃষ্টি হ’ব।

২০২৪ চনৰ জুলাই মাহৰ বিদ্ৰোহৰ সময়ত হাছিনাই মানৱীয় ভিত্তি উলংঘা কৰাৰ অভিযোগ উত্থাপন হৈছে। বাংলাদেশ চৰকাৰৰ তথ্য অনুসৰি হাছিনাৰ নিৰ্দেশত আৰক্ষীয়ে প্ৰতিবাদকাৰীৰ ওপৰত গুলীচালনা কৰে। হাছিনাৰ উপৰিও এই গোচৰত বাংলাদেশৰ প্ৰাক্তন গৃহমন্ত্ৰীও অভিযুক্ত।

এই কাৰণেই আৱামী লীগৰ কৰ্মীসকলে চৰকাৰৰ বিৰুদ্ধে মাত মাতিছে। তদুপৰি দিল্লীস্থিত হাছিনাও পুনৰ সক্ৰিয় হৈ পৰিছে। এক সাক্ষাৎকাৰত হাছিনাই ইউনুছ চৰকাৰক আমেৰিকাৰ পণ্য বুলি অভিযোগ উত্থাপন কৰে।

ইফালে ইউনুছ চৰকাৰৰ এগৰাকী মুখপাত্ৰই কয় যে হাছিনাৰ নিৰ্দেশত এই হিংসা সংঘটিত হৈছে। বাংলাদেশক পুনৰ অগ্নিকুণ্ডত পৰিণত কৰিব বিচাৰিছে হাছিনাই। ১৩ নৱেম্বৰত ৰাইজক ঘৰতে থাকিবলৈ অনুৰোধ জনাইছে চৰকাৰে।

শতাধিক আৱামী লীগৰ কৰ্মীক গ্ৰেপ্তাৰ

বাংলাদেশ আৰক্ষীয়ে বিগত ২৪ ঘন্টাত ১০০ৰো অধিক আৱামী লীগৰ কৰ্মীক গ্ৰেপ্তাৰ কৰি হিংসাত্মক ঘটনা ৰোধ কৰিবলৈ সক্ষম হৈছে। সন্দেহবশতঃ এই কৰ্মীসকলক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। বাংলাদেশ চৰকাৰৰ মতে, প্ৰতিবাদ দমন কৰিবলৈ বিজিপি, আৰক্ষী, আৰু সেনা জোৱান মোতায়েন কৰা হৈছে। চোৰাংচোৱা সংস্থাসমূহকো হাই এলাৰ্টত ৰখা হৈছে।