কি হ’ব চিকেন নেকৰ? বাংলাদেশ নিৰ্বাচনৰ পাছতে বিপদ বাঢ়িব নেকি ভাৰতৰ…
বাংলাদেশৰ প্ৰাক্তন মন্ত্ৰী এগৰাকীয়ে শেহতীয়াকৈ দিল্লীক সংবাদমেল সম্বোধন কৰি বিভিন্ন বিষয়ৰ ওপৰত মত প্ৰকাশ কৰিছে। তেওঁ কয় যে, বাংলাদেশ নিৰ্বাচনৰ পাছতে ভাৰতক লৈ বিপদ বৃদ্ধি হ'ব পাৰে। চিকেন নেককলৈও সমস্যা আহিব পাৰে।
মাজত মাত্ৰ কেইটামান দিন। অহা ১২ ফেব্ৰুৱাৰীত বাংলাদেশত অনুষ্ঠিত হ’ব সাধাৰণ নিৰ্বাচন। শ্বেখ হাছিনা চৰকাৰৰ পতনৰ ডেৰ বছৰতকৈ অধিক সময়ৰ পাছত দেশখনে নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে প্ৰস্তুতি চলাইছে। ইয়াৰ মাজতে প্ৰাক্তন মন্ত্ৰী এগৰাকীয়ে ভাৰতক লৈ উদ্বেগ প্ৰকাশ কৰে। বাংলাদেশৰ প্রাক্তন বৈদেশিক মন্ত্রী তথা আৱামী লীগৰ নেতা হাছান মাহমুদে কয় যে, এই নিৰ্বাচনত ক্ষমতালৈ যিয়ে নাহক কিয়, সেয়া ভাৰতৰ বাবে চিন্তা আৰু বিপদ বৃদ্ধিৰ কাৰক হ’ব।
প্ৰায় ১৭ মাহ পাছত শনিবাৰে সন্ধিয়া দিল্লীৰ প্ৰেছ ক্লাবত এক সংবাদমেল সম্বোধন কৰে হাছান মাহমুদে। তেওঁৰ লগতে এই সংবাদমেলত আৱামী লীগৰ বহুগৰাকী প্ৰাক্তন মন্ত্ৰী আৰু শীৰ্ষ নেতা উপস্থিত থাকে। এই সংবাদমেলত বাংলাদেশৰ আগন্তুক নিৰ্বাচনকলৈ মন্তব্য কৰে আৱামী লীগৰ শীৰ্ষ নেতাগৰাকীয়ে। উল্লেখ কৰা প্ৰয়োজন যে, আৱামী লীগে এইবাৰ বাংলাদেশ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব নোৱাৰে।
সংবাদমেল সম্বোধন কৰি মামুদে জুলাই আন্দোলন সন্দৰ্ভত ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগে প্ৰকাশ কৰা ‘হাছিনা বিৰোধী’ প্ৰতিবেদনক লৈ প্ৰশ্ন উত্থাপন কৰে। হাছান মাহমুদে কয়, ‘যদি বাংলাদেশত নিৰ্বাচনৰ জৰিয়তে চৰকাৰ গঠন হয়, তেন্তে সেয়া বিশ্বাস কৰাটো কঠিন।’ উত্তৰ-পূব ভাৰত বিশেষকৈ চিকেন নেকক লৈ বিচ্ছিন্নতাবাদী মন্তব্য চৰকাৰী নীতিত পৰিণত হ’ব পাৰে বুলি তেওঁ আশংকা প্ৰকাশ কৰে। অৱশ্যে প্ৰাক্তন বৈদেশিক মন্ত্ৰীগৰাকীৰ মতে, ভাৰতে এনে ভাবুকিৰ সৈতে মোকাবিলা কৰিবলৈ ভালদৰে জানে।
বাংলাদেশৰ বৰ্তমানৰ অন্তৱৰ্তীকালীন চৰকাৰে অভিযোগ কৰিছে যে জুলাই বিদ্ৰোহৰ সময়ত ‘হাছিনাৰ নিৰ্দেশত আৰক্ষী-প্ৰশাসনে’ প্ৰতিবাদকাৰীৰ ওপৰত আক্ৰমণ চলাইছিল। মানৱ বিৰোধী কাৰ্যকলাপৰ গোচৰত বাংলাদেশৰ আদালতে শ্বেখ হাছিনাক মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰিছে।
কিন্তু দিল্লীত উপস্থিত আৱামি লীগৰ শীৰ্ষ নেতাসকলৰ মতে এই বিষয়ত ৰাষ্ট্ৰসংঘই প্ৰকাশ কৰা ‘হিংসা প্ৰতিবেদন’ পক্ষপাতমূলক। আৱামি লীগৰ নেতাসকলৰ মতে, ‘জুলাইৰ বিদ্ৰোহ সন্দৰ্ভত ৰাষ্ট্ৰসংঘই প্ৰস্তুত কৰা প্ৰতিবেদন নিৰপেক্ষ নহয়। তেওঁলোকে দাবী কৰে যে, ইউনুছ চৰকাৰৰ বিষয়াসকলে সেই প্ৰতিবেদন প্ৰস্তুত কৰিছিল। তাত আৱামি লীগৰ কোনো মন্ত্ৰী বা নেতাৰ কোনো বক্তব্য নাই।’ সেয়ে এই সন্দৰ্ভত ৰাষ্ট্ৰসংঘলৈ প্ৰতিবাদ পত্ৰ দাখিল কৰা হ’ব বুলি সংবাদমেলত তেওঁলোকে কয়।
অন্য খবৰ পঢ়কঃ গণৰাজ্য দিৱসৰ পূৰ্বে ডাঙৰ খবৰ! জলপথেৰে সন্ত্ৰাস বিয়পোৱাৰ প্ৰস্তুতি লস্কৰ-ই-তৈবাৰ…