আৰ্ট অৱ ট্ৰাইমফ বিতৰ্ক কি? ভাৰতৰ উত্তৰ-পূবৰ ৰাজ্যসমূহক লৈ বৃহত্তৰ বাংলাদেশৰ সপোন দেখিছে নেকি ইউনুছে?
কিতাপখনৰ নাম "দ্য আৰ্ট অৱ ট্ৰাইমফ"। এই কিতাপখনে আলোড়নৰ সৃষ্টি কৰিছিল কাৰণ ইয়াৰ কভাৰত এখন মানচিত্ৰ আছিল, য’ত অসম আৰু ভাৰতৰ উত্তৰ-পূবৰ কেইবাটাও অঞ্চল বাংলাদেশৰ অংশ হিচাপে দেখুওৱা হৈছিল।
ঢাকা আৰু নতুন দিল্লীৰ মাজত কূটনৈতিক বিভাজনক লৈ এক নতুন বিতৰ্কৰ সৃষ্টি হৈছে। এই বিতৰ্ক কোনো চৰকাৰী বিবৃতি বা সীমা বিবাদৰ সৈতে জড়িত নহয়, বৰঞ্চ কিতাপৰ কভাৰত ছপা কৰা মানচিত্ৰৰ পৰাই উদ্ভৱ হৈছে। শেহতীয়াকৈ বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী মহম্মদ ইউনুছে পাকিস্তানী জেনেৰেল ছাহিৰ ছামছাদ মিৰ্জাক এখন গ্ৰন্থ উপহাৰ দিছে। কিতাপখনৰ নাম “দ্য আৰ্ট অৱ ট্ৰাইমফ”। এই উপহাৰে আলোড়নৰ সৃষ্টি কৰিছিল কাৰণ ইয়াৰ কভাৰত এখন মানচিত্ৰ আছিল, য’ত অসম আৰু ভাৰতৰ উত্তৰ-পূবৰ কেইবাটাও অঞ্চল বাংলাদেশৰ অংশ হিচাপে দেখুওৱা হৈছিল।
মহম্মদ ইউনুছে পাকিস্তানী জেনেৰেলক প্ৰদান কৰা এই গ্ৰন্থখনে অসংখ্য প্ৰশ্নৰ উত্থাপন কৰিছে। ই ২০২৪ চনত বাংলাদেশত সংঘটিত হোৱা বৃহৎ ছাত্ৰ আন্দোলনৰ ফটো আৰু পৰিঘটনাৰ সংকলন। এই আন্দোলনে দীৰ্ঘদিনীয়া শ্বেখ হাছিনা চৰকাৰক উৎখাত কৰিছিল আৰু জনসাধাৰণৰ হেঁচাত ইউনুছক অন্তৱৰ্তীকালীন নেতা হিচাপে নিযুক্তি দিছিল। কিন্তু এই গ্ৰন্থখনৰ কভাৰলৈ চাই প্ৰশ্ন উত্থাপন হৈছে যে, এই আন্দোলন কেৱল ৰাজনৈতিক পৰিৱৰ্তনৰ বাবেই আছিল নে ইয়াৰ আঁৰত গভীৰ মতাদৰ্শগত উদ্দেশ্য আছিল?
কিতাপখন আৰু ইয়াৰ কভাৰক লৈ হোৱা বিতৰ্ক কিয় গুৰুত্বপূৰ্ণ?
কভাৰত ছপা কৰা মানচিত্ৰখন সাধাৰণ গ্ৰাফিক যেন নালাগে। ইয়াত স্পষ্টকৈ ৰাজনৈতিক চিন্তা-চেতনা প্ৰতিফলিত হৈছে । এই মানচিত্ৰত ‘বৃহত্তৰ বাংলাদেশ’ৰ বিতৰ্কিত ধাৰণাটো চিত্ৰিত কৰা হৈছে, য’ত বাংলাদেশৰ সীমা আজিৰ ভূগোলৰ বহু ওপৰলৈকে বিস্তৃত বুলি কোৱা হৈছে।
চুলতান ই বংগ কি?
এই ধাৰণাত অসম, ত্ৰিপুৰা, পশ্চিম বংগ, বিহাৰ, ঝাৰখণ্ড, ওড়িশাৰ কেইবাটাও অঞ্চল আৰু ম্যানমাৰৰ আৰাকান অঞ্চলক অন্তৰ্ভুক্ত কৰা হৈছে। এই ধাৰণাটোৱে ইতিহাস আৰু সংস্কৃতিৰ নামত সম্প্ৰসাৰণবাদী চিন্তা-চেতনাক প্ৰতিফলিত কৰি আহিছে। বাংলাদেশৰ একাংশ ইছলামিক গোটে বছৰ বছৰ ধৰি এই মতাদৰ্শৰ প্ৰচাৰ চলাই আহিছে যদিও বাংলাদেশ চৰকাৰে ইয়াৰ পৰা ৰাজহুৱা দূৰত্ব বজাই ৰাখিছে। বিষয়টো আৰু গুৰুতৰ হৈ পৰে, কাৰণ এইবাৰ এই ধাৰণাটো চৰকাৰে উপহাৰ হিচাপে দিয়া কিতাপত প্ৰতিফলিত হৈছে।
মানচিত্ৰখন নতুন নহয় যদিও মতাদৰ্শ সলনি হৈছে
ইয়াৰ পূৰ্বে ২০২৫ চনৰ এপ্ৰিল মাহত ঢাকা বিশ্ববিদ্যালয়ত অনুষ্ঠিত এখন প্ৰদৰ্শনীতো একেখন মানচিত্ৰ প্ৰদৰ্শিত হৈছিল। সেই সময়ত ইয়াৰ বাবে ছাত্ৰ-ছাত্ৰী, ইতিহাসবিদ আৰু আন্তঃৰাষ্ট্ৰীয় বিশ্লেষকসকলৰ মাজত বিতৰ্কৰ সৃষ্টি হৈছিল। পিছত ২০২৫ চনৰ আগষ্ট মাহত ভাৰতৰ ভূখণ্ডৰ অখণ্ডতাক লৈ প্ৰশ্ন উত্থাপন কৰা পদক্ষেপ বুলি কংগ্ৰেছৰ সাংসদ ৰনদীপ সুৰজেৱালাই ভাৰতীয় সংসদত আনুষ্ঠানিকভাৱে এই বিষয়টো উত্থাপন কৰে। সেই সময়ত বাংলাদেশে এই বিষয়টোক “অতিৰঞ্জন আৰু দুষ্টামিপূৰ্ণ ব্যাখ্যা” বুলি আওকাণ কৰিছিল। কিন্তু এতিয়া, একেখন মানচিত্ৰই পুনৰ বিতৰ্কৰ সৃষ্টি কৰিছে। ইউনুছে এই উপহাৰ যি ধৰণেৰে আগবঢ়াইছিল সেয়া কেৱল কাকতলীয়া যেন নালাগে।
ইউনুছে এই গ্ৰন্থখন আন নেতাসকলকো উপহাৰ দিছে
এই গ্ৰন্থখন বৰ্তমানলৈকে বহু বিশিষ্ট ব্যক্তিকে ধৰি বাৰজনতকৈও অধিক আন্তঃৰাষ্ট্ৰীয় নেতাক উপহাৰ দিয়া হৈছে। কানাডাৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডো, আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জো বাইডেন, ব্ৰাজিলৰ ৰাষ্ট্ৰপতি লুলা দা ছিলভা, ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেল’নি আৰু আমেৰিকাৰ প্ৰাক্তন বিদেশ মন্ত্ৰী এণ্টনি ব্লিংকেনেও এই গ্ৰন্থখন লাভ কৰিছে।
ইয়াৰ পৰা প্ৰশ্ন উত্থাপন হয় যে, এইটো সঁচাকৈয়ে কেৱল ফটো সংকলন নে বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰখনে আন্তঃৰাষ্ট্ৰীয় মঞ্চত নতুন মতাদৰ্শ প্ৰতিষ্ঠা কৰাৰ চেষ্টা কৰিছে?
বাংলা চুলতানাটৰ আঁৰৰ কাহিনী
সম্পূৰ্ণ স্বাধীন মুছলমান শাসিত ৰাজ্য বংগ চুলতান ৰাজ্যৰ পৰা বাংলাৰ চুলতানাট নামটো উদ্ভৱ হৈছে। ১৩৫২ চনৰ পৰা ১৫৩৮ খ্ৰীষ্টাব্দৰ ভিতৰত এই চুলতানাটে পূব ভাৰত আৰু বাংলাদেশৰ এক বৃহৎ অংশ সামৰি লৈছিল। চুলতানাট-ই-বাংলা নামৰ সংগঠনটো এটা ইছলামিক গোট যিয়ে বৃহত্তৰ বাংলাদেশৰ দাবী জনাই আহিছে। ইয়াৰ পূৰ্বে বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে সংসদত স্পষ্টভাৱে উল্লেখ কৰিছিল যে, এই সংস্থাটোৱে তুৰ্কীৰ বেচৰকাৰী সংস্থা তুৰ্কী যুৱ ফেডাৰেচনৰ পৰা সমৰ্থন লাভ কৰে।
যদিও বাংলাদেশ চৰকাৰে চুলতানেট-ই-বাংলা কোনো স্বীকৃতিপ্ৰাপ্ত ৰাজনৈতিক সংগঠন নহয় বুলি উল্লেখ কৰিছে,তথাপিও ধৰ্মীয় নেটৱৰ্কৰ জৰিয়তে ইয়াৰ মতাদৰ্শ বিয়পি পৰিছে। এনে পৰিপ্ৰেক্ষিতত বাংলাদেশত মুছলিম ব্রাদাৰহুডৰ ক্রমাৎ প্রভাৱও এক চর্চা বিষয় ৷ যেতিয়া চৌদি আৰৱে ধৰ্মীয় প্ৰতিষ্ঠানসমূহক আৰ্থিক সহায় সীমিত কৰিছিল, তেতিয়া তুৰস্ক আৰু কাটাৰে এই শূন্যতা পূৰণ কৰিছিল। এই সময়ছোৱাত ইছলামিক ৰাজনৈতিক মতাদৰ্শ বাংলাদেশৰ সামাজিক তন্ত্ৰত গভীৰভাৱে শিপাই যাবলৈ ধৰিলে।