শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

খামেনেইৰ বিৰুদ্ধে বিদ্ৰোহৰ জুই বৃদ্ধি, লণ্ডনতো প্ৰতিবাদ, দূতাবাসৰ পৰা আঁতৰাইছে পতাকা

ইৰাণত প্ৰতিবাদ বাঢ়িছে, ৰাজপথলৈ ওলাই আহিছে আৰু চৰকাৰৰ বিৰুদ্ধে শ্লোগান দিছে ৰাইজে। ইয়াৰ পিছতে এতিয়া লণ্ডনতো প্ৰতিবাদ দেখা গৈছে। লণ্ডনত থকা ইৰাণৰ দূতাবাসত প্ৰতিবাদকাৰীয়ে বৰ্তমানৰ পতাকাখন আঁতৰাই পুৰণি পতাকাখন উত্তোলন কৰে।

খামেনেইৰ বিৰুদ্ধে বিদ্ৰোহৰ জুই বৃদ্ধি, লণ্ডনতো প্ৰতিবাদ, দূতাবাসৰ পৰা আঁতৰাইছে পতাকা
Barasha Misra
Barasha Misra | Updated On: 11 Jan 2026 09:45 AM

ইৰাণৰ পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিছে। যোৱা কিছুদিন ধৰি সমগ্ৰ দেশতে প্ৰতিবাদৰ সৃষ্টি হৈছে, আৰু ক্ৰমাগতভাৱে বৃদ্ধি পাইছে প্ৰতিবাদ। এতিয়া এই প্ৰতিবাদ তীব্ৰতৰ হৈ পৰিছে। চৰকাৰৰ বিৰুদ্ধে শ্ল’গান দি বৃহৎ সংখ্যক ৰাজপথলৈ ওলাই আহিছে জনসাধাৰণ। অগ্নিসংযোগো চলি আছে। ইফালে কেৱল ইৰাণতে নহয়, আন দেশতো ইৰাণ চৰকাৰৰ বিৰুদ্ধে ক্ষোভ অনুভৱ কৰা হৈছে। লণ্ডনৰ পৰা এটা ভিডিঅ’ ওলাইছে য’ত দেখা গৈছে যে ইৰাণৰ পতাকাখন দূতাবাসৰ পৰা আঁতৰাই তাৰ ঠাইত ইছলামিক বিপ্লৱৰ পূৰ্বে ইৰাণৰ পতাকাখন ৰখা হৈছিল।

কেনচিংটনৰ দূতাবাস ভৱনৰ সন্মুখৰ ফালে উঠি এজন প্ৰতিবাদকাৰীয়ে বৰ্তমানৰ শাসন ব্যৱস্থাৰ পতাকা আঁতৰাই তাৰ ঠাইত ১৯৭৯ চনৰ ইছলামিক বিপ্লৱৰ পূৰ্বে ইৰাণৰ ৰাজতন্ত্ৰৰ সৈতে জড়িত ঐতিহাসিক প্ৰতীক স্থাপন কৰে। তলত বৃহৎ সংখ্যক চৰকাৰ বিৰোধী প্ৰতিবাদকাৰীয়ে উল্লাস কৰিলে। এ এফ পিৰ মতে, পতাকাখন আঁতৰোৱাৰ পূৰ্বে কেইবা মিনিট সময় ঠাইতে থাকিল।

ভিডিঅ’ আহিছে পোহৰলৈ

ছ’চিয়েল মিডিয়াত প্ৰচাৰিত এটা ভিডিঅ’ত দেখা গৈছে যে শনিবাৰে প্ৰতিবাদৰ সময়ত এজন ব্যক্তিয়ে এটা অট্টালিকা বগাইছে। শীৰ্ষত উপনীত হোৱাৰ লগে লগে তেওঁ বৰ্তমানৰ ইৰাণী শাসনৰ পতাকাখন আঁতৰাই তাৰ ঠাইত ১৯৭৯ চনৰ পূৰ্বৰ সিংহ আৰু সূৰ্য্যৰ পতাকাখন স্থাপন কৰে। অট্টালিকাৰ বাহিৰত সমবেত হোৱা আন শতাধিক প্ৰতিবাদকাৰীয়েও ইছলামিক বিপ্লৱৰ পূৰ্বৰ পতাকা উৰুৱাই চৰকাৰ বিৰোধী শ্লোগান দিয়া দেখা গৈছে।

২ জন লোকক গ্ৰেপ্তাৰ
মেট্ৰোপলিটান আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ দুজন লোকক আটক কৰে। অৱশ্যে গ্ৰেপ্তাৰ হোৱা লোকসকলৰ ভিতৰত পতাকা নমাই দিয়া লোকজনো আছে নে নাই সেয়া ততাতৈয়াকৈ স্পষ্ট হোৱা নাই।

সিংহ আৰু সূৰ্য্যৰ পতাকা কি?

বৰ্তমান ইৰাণৰ পতাকাৰ ঠাই লোৱা লায়ন এণ্ড ছান পতাকাৰ নিজস্ব ইতিহাস আছে। সিংহ আৰু সূৰ্য্যৰ পতাকা দীৰ্ঘদিন ধৰি ইৰাণৰ ৰাজতন্ত্ৰৰ সৈতে জড়িত আছিল আৰু ১৯৭৯ চনৰ বিপ্লৱলৈকে ইয়াক আনুষ্ঠানিকভাৱে ব্যৱহাৰ কৰা হৈছিল। শ্বাহৰ পতনৰ পিছত ধৰ্মীয় নেতৃত্বাধীন নতুন চৰকাৰখনে বৰ্তমানৰ ইছলামিক গণৰাজ্যৰ পতাকা গ্ৰহণ কৰে।

তেতিয়াৰ পৰাই সিংহ আৰু সূৰ্য্যৰ পতাকা মূলতঃ ৰাজতন্ত্ৰ সমৰ্থক গোট আৰু বৰ্তমানৰ শাসন ব্যৱস্থাৰ বিৰোধী ইৰাণী প্ৰবাসী সম্প্ৰদায়ৰ কিছুমান অংশই গ্ৰহণ কৰে। শেহতীয়া প্ৰতিবাদত ইয়াৰ পুনৰ উন্মেষ ঘটিছে।

দেশত কিয় আৰম্ভ হ’ল প্ৰতিবাদ?

ইৰাণত অশান্তিৰ সময়ত দূতাবাসৰ বাহিৰত এই প্ৰতিবাদ। আৰ্থিক সমস্যাৰ বাবে ২৮ ডিচেম্বৰৰ পৰা আৰম্ভ হৈছিল প্ৰতিবাদ। তেহৰাণৰ দোকানীসকলে দোকান বন্ধ কৰি দিলে। ইয়াৰ পিছত ক্ৰমান্বয়ে সমগ্ৰ দেশতে প্ৰতিবাদ বিয়পি পৰে। এতিয়া চৰকাৰৰ বিৰুদ্ধে মাত মাতিছে ৰাইজে।

ইৰাণৰ প্ৰতিবাদকাৰীৰ সমৰ্থনত পেৰিছ আৰু বাৰ্লিনকে ধৰি ইউৰোপৰ অন্যান্য ডাঙৰ চহৰতো সংহতি বিক্ষোভ সংঘটিত হৈছে। ৱাশ্বিংটন ডি চিৰ হোৱাইট হাউছৰ বাহিৰতো প্ৰতিবাদ সাব্যস্ত কৰা হয়।এপি সংবাদ সংস্থাই দেওবাৰে প্ৰকাশ কৰা অনুসৰি চলি থকা প্ৰতিবাদৰ সময়ত কমেও ১১৬ জন লোকৰ মৃত্যু হৈছে আৰু ২৬০০ৰো অধিক লোকক আটক কৰা হৈছে।

ট্ৰাম্পে সকীয়াই দিয়ে

শেহতীয়াকৈ এই প্ৰতিবাদ তীব্ৰতৰ হোৱাৰ লগে লগে ইৰাণী শাসনে দেশখনত ইণ্টাৰনেট সেৱাও বন্ধ কৰি দিছে। ফলত ইৰাণত প্ৰতিবাদ তীব্ৰতৰ হৈ পৰিছে, আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে এক বিবৃতি প্ৰকাশ কৰিছে। তেওঁ ইৰাণক বাৰে বাৰে সতৰ্কবাণী জাৰি কৰি আহিছে। প্রয়োজন হ’লে আমেৰিকাই প্রতিবাদকাৰীক সুৰক্ষা দিব বুলি তেওঁ সকীয়াই দিছে।