শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

দিপু চন্দ্ৰ দাসৰ পিছত এইবাৰ অমৃত মণ্ডল, বাংলাদেশত পুনৰ প্ৰাণ গ’ল হিন্দু যুৱকৰ

বাংলাদেশত হত্যাৰ বলি হৈছে আন এজন হিন্দু যুৱক। ৰাজবাৰীৰ পাংছাত সংঘটিত হৈছে এই ঘটনা। একাংশ উত্তেজিত লোকৰ প্ৰহাৰৰ বলি হৈ মৃত্যু হৈছে অমৃত মণ্ডল ওৰফে সম্ৰাট নামৰ এজন যুৱকৰ। এই ঘটনা বুধবাৰে নিশা প্ৰায় ১০:৪৫ বজাত সংঘটিত হয়।

দিপু চন্দ্ৰ দাসৰ পিছত এইবাৰ অমৃত মণ্ডল, বাংলাদেশত পুনৰ প্ৰাণ গ’ল হিন্দু যুৱকৰ
উত্তপ্ত বাংলাদেশImage Credit source: PTI
monjit-dutta
Monjit Dutta | Updated On: 25 Dec 2025 20:51 PM

চুবুৰীয়া দেশ বাংলাদেশত ক্ৰমাৎ অধিক উত্তেজনাপূৰ্ণ হৈ পৰিছে। এনে পৰিস্থিতিৰ মাজত দেশখনত যেন ক্ৰমাৎ নিৰাপত্তাহীন হৈ পৰিছে সংখ্যালঘুসকল। শেহতীয়াকৈ বাংলাদেশত দীপু চন্দ্ৰ দাসৰ হত্যাকাণ্ডই ভাৰতকো জোকাৰি তুলিছিল। এতিয়া পুনৰ দেশখনত হত্যাৰ বলি হৈছে আন এজন হিন্দু যুৱক। ৰাজবাৰীৰ পাংছাত সংঘটিত হৈছে এই ঘটনা। একাংশ উত্তেজিত লোকৰ প্ৰহাৰৰ বলি হৈ মৃত্যু হৈছে অমৃত মণ্ডল ওৰফে সম্ৰাট নামৰ এজন যুৱকৰ।

এই ঘটনা বুধবাৰে নিশা প্ৰায় ১০:৪৫ বজাত সংঘটিত হয়। এই গণ প্ৰহাৰৰ আঁৰত মৌলবাদে ক্ৰিয়া কৰিছে নেকি, এই লৈ চৰ্চা আৰম্ভ হৈছে। বাংলাদেশৰ নিউজ চেনেল সময় টিভিৰ এক প্ৰতিবেদন অনুসৰি গাঁওবাসীয়ে মৃত অমৃত মণ্ডল ওৰফে সম্ৰাটৰ বিৰুদ্ধে ধন দাবী আৰু সন্ত্ৰাসবাদ বিয়পোৱাৰ অভিযোগ উত্থাপন কৰিছে।

এই বিষয়ত সৃষ্টি হোৱা ক্ষোভৰ বাবেই সম্ৰাটৰ আক্ৰমণ সংঘটিত হোৱা বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে। বুধবাৰে নিশাও তেওঁ নিজ গেঙৰ সৈতে বাহিৰত আছিল। সেই সময়তে প্ৰথমে হোৱা তৰ্ক-বিতৰ্ক পিছলৈ ভয়ংকৰ সংঘৰ্ষলৈ পৰিণত হয় বুলি প্ৰকাশ পাইছে। ইয়াৰ পিছতে সম্ৰাটৰ গেং ঘটনাস্থলীৰ পৰা পলাই যোৱা বুলি কোৱা হৈছে।

স্থানীয় ৰাইজৰ অভিযোগ মতে বুধবাৰে নিশা সম্ৰাটে গাঁৱৰ এটা ঘৰলৈ ধন দাবীৰ বাবে গৈছিল। কিন্তু পৰিয়ালটোৱে সম্ৰাটক ধন দিবলৈ অস্বীকাৰ কৰি চিঞৰ-বাখৰ কৰিবলৈ ধৰিলে। লগে লগে ওচৰ চুবুৰীয়া লোকসকল সেইস্থানত সমবেত হয়। কিন্তু সুযোগ গ্ৰহণ কৰি সম্ৰাটৰ আন সহযোগীসকলে পলায়ন কৰে।

ইয়াৰ পিছতে সম্ৰাটৰ ওপৰত আক্ৰমণ চলায় উত্তেজিত লোকসকলে। পাংছা অঞ্চলৰ এগৰাকী আৰক্ষী বিষয়াই ডেইলী ষ্টাৰক জানিবলৈ দিয়া মতে, এই খবৰ লাভ কৰাৰ লগে লগে আৰক্ষী সেই স্থানত উপস্থিত হয়। তাৰ পিছতে সম্ৰাটক পাংছা উপজিলা স্বাস্থ্য কেন্দ্ৰলৈ লৈ যোৱা হয়। কিন্তু চিকিৎসালয়ত উপস্থিত হোৱাৰ পিছতে চিকিৎসকে সম্ৰাটক মৃত ঘোষণা কৰে।

ইফালে পাংছা আৰক্ষী থানাই আটক কৰিছে সম্ৰাটৰ এজন সহযোগীক। তেওঁৰ নাম মহম্মদ চেলিম। খবৰ অনুসৰি তেওঁৰ পৰা দেশত নিৰ্মিত দুটা বন্দুক উদ্ধাৰ কৰিছে তদন্তকাৰীয়ে। আৰক্ষীয়ে ডেইলী ষ্টাৰক জানিবলৈ দিয়া মতে সম্ৰাটৰ বিৰুদ্ধে থানাত হত্যাৰ অভিযোগসহ দুখনকৈ এজাহাৰ দাখিল হৈছিল। এনে কাৰণতে অতিষ্ঠ ভুক্তভোগীয়ে আইনহাতত তুলি লোৱা বুলি সন্দেহ কৰা হৈছে।