শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

চীনৰ যুৱতীৰ বলপূৰ্বক ধৰ্ম পৰিৱৰ্তন! প্ৰায় ১৭৭৪ হিন্দু ইছলাম গ্ৰহণৰ বাবে বাধ্য…

বিভিন্ন সময়ত ধৰ্ম পৰিৱৰ্তনৰ ঘটনা পোহৰলৈ আহে। শেহতীয়াকৈ পাকিস্তানৰ পৰা এনে এক খবৰ পোহৰলৈ আহিছে য'ত বহু হিন্দুৰ লগতে এগৰাকী চীনৰ যুৱতীক ইছলামলৈ পৰিৱৰ্তন কৰা হয়।

চীনৰ যুৱতীৰ বলপূৰ্বক ধৰ্ম পৰিৱৰ্তন! প্ৰায় ১৭৭৪ হিন্দু ইছলাম গ্ৰহণৰ বাবে বাধ্য…
ধৰ্ম পৰিৱৰ্তনImage Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Updated On: 01 Feb 2025 18:42 PM

ধৰ্ম পৰিৱৰ্তন পাকিস্তানত এক সাধাৰণ কথা!  প্ৰায়ে দেশখনৰ পৰা এনে খবৰ পোহৰলৈ আহে য’ত বহুলোকৰ বলপূৰ্বকভাৱে ধৰ্ম পৰিৱৰ্তন কৰাৰ ঘটনা পোহৰলৈ আহে। এনে এক ঘটনা পুনৰ দেশখনৰ পৰা পোহৰলৈ আহিছে। তথ্য অনুসৰি, চীনৰ বাসিন্দা তথা ২৫ বছৰীয়া যুৱতী ডাঃ মিছ জেচিকাক বলপূৰ্বক ধৰ্ম পৰিৱৰ্তন কৰি ইছলাম ধৰ্ম গ্ৰহণৰ বাধ্য কৰায়। এই অভিযোগ উত্থাপন হৈছে পাকিস্তানৰ মিঞা মিটঠুৰ বিৰুদ্ধে।

জানিব পৰা মতে জেচিকা পাকিস্তানৰ দহাৰকীস্থিত ভৰচুণ্ডী শ্বৰীফ দৰগাহত উপস্থিত হৈছিল আৰু তাতেই তেওঁক ইছলাম ধৰ্ম গ্ৰহণ কৰিবলৈ বাধ্য কৰায়। মিঞা মিটঠুয়ে যুৱতীগৰাকীক ইছলামৰ কলমা পাঠ কৰিবলৈ বাধ্য কৰাইছিল আৰু ইছলাম গ্ৰহণ কৰাৰ পাছত তেওঁক নতুন নাম ছাইৰা খাটুন কৰে।

মিঞা মিটঠুয়ে যুৱতীগৰাকীক এখন প্ৰমান পত্ৰও প্ৰদান কৰে আৰু প্ৰমাণ পত্ৰখনত ২৫ নম্বৰ লিখা আছে। অৰ্থাৎ এতিয়ালৈকে তেওঁ ২৫ জন লোক ধৰ্মান্তৰিত কৰিছে। পাকিস্তানৰ হিন্দুসকলৰ মানৱ অধিকাৰ কৰ্মী মহেশ বসুৱে কয় যে ৩১ জানুৱাৰীত জেচিকাক ছাইৰা খাটুনলৈ ৰূপান্তৰ কৰা হৈছিল। ইয়াৰোপৰি ধৰ্মান্তৰণ হোৱা বাকী ২৫ জনৰ অধিকাংশই হিন্দুলোক। ২০২৫ বৰ্ষটিত এতিয়ালৈকে ২৫ জনক ধৰ্মান্তৰিত কৰিছে মিঞা মিটঠু গেঙে।

মাষ্টাৰ মাইণ্ড

অভিযোগ অনুসৰি মিঞা মিটঠুৱে পাকিস্তানত ধৰ্ম পৰিবৰ্তন কৰাৰ এক ডাঙৰ চক্ৰ চলাই আছে। ২০২৪ চনৰ ১৯ ডিচেম্বৰত পাকিস্তানৰ সিন্ধ প্ৰদেশৰ কাশ্মীৰৰ এগৰাকী আশা নামৰ যুৱতীৰ ধৰ্ম পৰিবৰ্তন কৰা হৈছিল। এই অভিযোগ মিঞা মিটঠুৰ বিৰুদ্ধে উত্থাপন হৈছিল। পাকিস্তানত ধৰ্ম পৰিৱৰ্তন কৰাৰ মূল মাষ্টাৰ মাইণ্ড মিঞা মিটঠু। ইতিমধ্যে তেওঁ স্বীকাৰ কৰিছে যে তেওঁ হাজাৰ হাজাৰলোকক ধৰ্মান্তৰণ কৰিছে। পাকিস্তানৰ টিভি চেনেল ‘নিউজ ৯২’ৰ দাবী, ২০১৭ চনৰ ছেপ্টেম্বৰ পৰ্যন্ত ১৮ হাজাৰৰো অধিক হিন্দুক কেৱল পীৰ হাফিজ গুলাম মহম্মদ সোহো ওৰফে ‘বাবা ছাই’ই বলপূৰ্বকভাৱে ধৰ্মান্তৰিত কৰিছে।

২০১৯-২০২৩ পৰ্যন্ত ১৭৭৪ হিন্দুৰ ধৰ্ম পৰিবৰ্তন

অভিযোগ অনুসৰি, ২০১৯-২০২৩ বৰ্ষৰ ভিতৰত মুঠ ১৭৭৪ জনতকৈ অধিক হিন্দু ধৰ্মান্তৰিত হৈছে। উল্লেখ কৰা প্ৰয়োজন যে, কেৱল মিঞা মিটঠু নহয় পাকিস্তানত আৰু বহুলোক আছে যিয়ে পাকিস্তানত ধৰ্ম পৰিৱৰ্তন কৰাৰ চক্ৰ চলাই আহিছে। পাকিস্তানত ধৰ্ম পৰিৱৰ্তনৰ ক্ষেত্ৰত সবাতোকৈ প্ৰথমত নাম আছে কুখ্যাত ধৰ্মগুৰু ‘বাবা ছাই’ৰ। তেওঁ পাকিস্তানৰ সিন্ধৰ সুজাৱাল জিলাৰ মিৰপুৰ বাথোৰোত অৱস্থিত গণ ধৰ্মান্তৰকৰণৰ অন্যতম প্ৰধান কেন্দ্ৰ দৰগাহ সত্যনী শ্বৰীফ চলায়।