‘মৃত্যুৰ শেষ উশাহলৈকে ইছলামিক ৰাষ্ট্ৰ হৈ থাকিব আফগানিস্তান’, বিশ্ববাসীৰ আগত পুনৰ স্পষ্ট কৰিলে তালিবানে
আফগানিস্তানৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানত তালিবানৰ নেতাসকলে পুনৰবাৰ আফগানিস্তানক ইছলামিক ৰাষ্ট্ৰ হিচাপে আগবঢ়াই নিয়াৰ ওপৰত আলোকপাত কৰে । ইয়াৰ লগতে পশ্চিমীয়া দেশসমূহকো এক প্ৰকাৰে সকীয়নি প্ৰদান কৰে তালিবান নেতাসকলে ।
যোৱা দেওবাৰে আফগানিস্তানে ১০৫ সংখ্য স্বাধীনতা দিৱস উদযাপন কৰে । দেশখনৰ এই স্বাধীনতা দিৱসতে বৰ্তমানৰ তালিবান চৰকাৰৰ উগ্ৰ ইছলামিক চিন্তা-চেতনা পুনৰবাৰ প্ৰতিফলিত হয় । আফগানিস্তানৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানত তালিবানৰ নেতাসকলে পুনৰবাৰ আফগানিস্তানক ইছলামিক ৰাষ্ট্ৰ হিচাপে আগবঢ়াই নিয়াৰ ওপৰত আলোকপাত কৰে । ইয়াৰ লগতে পশ্চিমীয়া দেশসমূহকো এক প্ৰকাৰে সকীয়নি প্ৰদান কৰে তালিবান নেতাসকলে ।
স্বাধীনতা দিৱসৰ অনুষ্ঠানত অৰ্থনৈতিক পৰিক্ৰমা মন্ত্ৰী মোল্লা আব্দুল ঘনী বাৰাদাৰে কয় যে,দেশখনৰ প্ৰগতিৰ বাবে অতীতৰ অভিজ্ঞতাৰ পৰা শিক্ষা লোৱা উচিত । তদুপৰি তেওঁ কয়, নতুন অভিজ্ঞতাৰ বাবে চেষ্টা কৰাৰ পূৰ্বে আমি বিশ্বৰ অন্য দেশে লাভৱান হোৱা দিশৰ ওপৰত কাম কৰা উচিত । দেশৰ প্ৰগতিৰ বাবে কাম কৰিবলৈ হ’লে আমি অন্য দেশে নিজৰ নিৰাপত্তা বজাই ৰাখিব কৈ কাৰ্যপন্থা হাতত লৈছে সেই বিষয়ত পৰ্যবেক্ষণ কৰা উচিত ।
তালিবান চৰকাৰৰ ভাৰপ্ৰাপ্ত প্ৰতিৰক্ষা মন্ত্ৰী মহম্মদ ইয়াকুবে আফগানিস্তানৰ স্বাধীনতা দিৱসৰ ভাষণত কয়, ‘এটা কথা স্পষ্ট যে আমি কোনো ক্ষমতাৰ আগত নতশিৰ নকৰো । অন্য কোনোৱে দিয়া নাম বা উপাধিও আমি গ্ৰহণ নকৰো। আমি এই ভূমিত ইছলামিক এক ব্যৱস্থা স্থাপন কৰিছো আৰু আমি আমাৰ মৃত্যু আৰু শেষ উশাহলৈকে এই ব্যৱস্থা অতুত ৰাখিম। ‘
উল্লেখ্য যে,মহম্মদ ইয়াকুবে ভাষণত বিশ্বই আৰোপ কৰা কোনো অবৈধ চৰ্ত তালিবান চৰকাৰে গ্ৰহণ নকৰে বুলি স্পষ্ট কৰি দিয়ে । ইয়াৰ লগতে আফগানিস্তানৰ সৈতে পশ্চিমীয়া দেশকে ধৰি সকলো দেশৰ সৈতে ইতিবাচক সম্পৰ্ক ৰক্ষা কৰিব বিচৰা কথাও উল্লেখ কৰে মহম্মদ ইয়াকুবে ।
১৮ আগষ্ট দেওবাৰে আফগানিস্তানে ব্ৰিটেইনৰ পৰা লাভ কৰা ১০৫ বছৰীয়া স্বাধীনতা দিৱস পালন কৰে তালিবান চৰকাৰে । উল্লেখ্য যে, ১৯১৯ চনৰ এংলো-আফগান সন্ধি আৰু ব্ৰিটিছ সংৰক্ষিত ৰাষ্ট্ৰৰ মৰ্যাদাৰ পৰা ত্যাগ কৰাৰ স্মৃতিত ১৯ আগষ্টত আফগানিস্তানত আফগান স্বাধীনতা দিৱস ৰাষ্ট্ৰীয় বন্ধ হিচাপে পালন কৰা হয়।
এই ১০৫ বছৰীয়া স্বাধীনতা দিৱসত তালিবান চৰকাৰৰ নেতা সকলে এটা কথা স্পষ্ট কৰি দিছে যে, আফগানিস্তানৰ তালিবান চৰকাৰ উগ্ৰ ইছলামিক আদৰ্শৰ পৰা অলপো বিচলিত নহয় । তেওঁলোকৰ নিজৰ আদৰ্শৰে আফগানিস্তানক পৰিচালনা কৰিব । যদি এই ক্ষেত্ৰত অন্য ৰাষ্ট্ৰই হস্তক্ষেপ কৰে, তেন্তে সেই হস্তক্ষেপ তালিবান চৰকাৰে সহজে মানি নলয় বুলি স্পষ্ট কৰি দিছে তানিবানী নেতা সকলে ।