শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

আফগানিস্তানত ধ্বংসলীলা! ভূমিকম্পৰ ফলত মৃত্যুৰ সংখ্যা ৮০০লৈ বৃদ্ধি, আহত ২৫০০ ৰো অধিক…

ভয়ংকৰ ভূমিকম্পই জোকাৰি গৈছে আফগানিস্তান। এই ঘটনাৰ ফলত বৰ্তমানলৈকে ৮০০ জন লোকৰ মৃত্যু হোৱাৰ উপৰি হাজাৰ হাজাৰ লোক আহত হয়।

আফগানিস্তানত ধ্বংসলীলা! ভূমিকম্পৰ ফলত মৃত্যুৰ সংখ্যা ৮০০লৈ বৃদ্ধি, আহত ২৫০০ ৰো অধিক…
ভূমিকম্পImage Credit source: social media
barasha-sarma
Barasha Sarma | Published: 01 Sep 2025 20:09 PM

দেওবাৰে নিশা ভয়ংকৰ ভূমিকম্পই জোকাৰি যায় আফগানিস্তান। নিশা প্ৰায় ১১.৪৭ বজাত হোৱা ৬.০ প্ৰাবল্যৰ ভূমিকম্পৰ ফলত এতিয়ালৈকে প্ৰায় ৮০০ জনৰ লোকৰ মৃত্যু হৈছে। ইয়াৰ বিপৰীতে সন্ধনহীন হৈ আছে বহুত। গতিকে পৰৱৰ্তী সময়ত মৃত্যুৰ সংখ্যা আৰু অধিক হ’ব পাৰে। ইয়াৰ লগতে আহত হৈছে ২,৫০০ জনৰো অধিক লোক। তথ্য় অনুসৰি, এই ভূমিকম্পৰ কেন্দ্ৰবিন্দু আছিল জালালাবাদ চহৰৰ পৰা ২৭ কিলোমিটাৰ দূৰত্বত। এতিয়াও দেশখনত চলি আছে উদ্ধাৰ অভিযান।

কিন্তু এতিয়া একাংশই মৃতকৰ তথ্যৰ ওপৰত ডাঙৰ অভিযোগ উত্থাপন কৰিছে। বহুতে দাবী কৰিছে যে প্ৰথম অৱস্থাত মৃতকৰ সংখ্যা অধিক নাছিল। কিন্তু সময়ৰ লগে লগে ইয়াৰ সংখ্যা বাঢ়ি গৈ আছে। গতিকে কিহৰ বাবে ইমান সংখ্যক মানুহৰ মৃত্যু হয় সেয়া এক ডাঙৰ প্ৰশ্ন।

বিশেষজ্ঞসকলে কয় যে, ৩১ আগষ্টত হোৱা ভূমিকম্পৰ ফলত শ শ মানুহৰ মৃত্যু হৈছে। আফগানিস্তানত ভূমিকম্পৰ ইতিহাস বহু পুৰণি। কিন্তু মৃত্যুৰ কাৰণ ফল্ট লাইন বুলি ক’ব পাৰি। গতিকে প্ৰশ্ন হয়, ফল্ট লাইন কি আৰু ই কেনেকৈ মৃত্যুৰ আশংকা বৃদ্ধি কৰে?

ফল্ট লাইন কি

ভূমিকম্পৰ আঁৰত দুটা ডাঙৰ কাৰণ আছে। প্ৰথমটো হ’ল টেকটনিক প্লেট। ই হৈছে ভূমিকম্পৰ ৯০ শতাংশ তথা প্ৰকৃত কাৰণ। দ্বিতীয় কাৰণটো হ’ল ফল্ট লাইনৰ স্থানান্তৰ। সহজ ভাষাত ক’বলৈ গ’লে ইয়াৰ অৰ্থ হ’ল মাটিৰ গভীৰ ফাটত হোৱা সমস্যা। ইয়াৰোপৰি আগ্নেয়গিৰিৰ বিস্ফোৰণৰ বাবে মেগমাই চাপৰ সৃষ্টি কৰে যাৰ ফলত ভূমিকম্প আহিব পাৰে।

এনে অৱস্থাত আফগানিস্তানত ভূমিকম্পৰ ফলত হোৱা মৃত্যুৰ কাৰণ ফল্ট লাইন বুলি কোৱা হৈছে। সহজ ভাষাত ক’বলৈ হ’লে ফল্ট লাইন হ’ল পৃথিৱীৰ এটা ফাঁট য’ত ভূমিৰ কিছু অংশ ইটোৱে সিটোৰ ওপৰত ঘঁহি থাকে। য’ত এনে বেছি হয় তাতেই ভূমিকম্পৰ ফলত ধ্বংসলীলাও বেছি হয়।

বিশেষজ্ঞৰ মতে, ফল্ট লাইনত বেছিকৈ ভূমিকম্প আহে। ভূমিকম্প সৃষ্টি কৰা টেকটনিক প্লেটবোৰ প্ৰতি বছৰে কেইচেণ্টিমিটাৰমান গতি কৰে। তেতিয়া শক্তি উৎপন্ন হয়। এই শক্তি হঠাতে মুক্ত হ’লে মাটি কঁপি উঠে। এই কাৰণেই ভূমিকম্পৰ সৃষ্টি হয়।

জনতাৰ ভয়ংকৰ বিৱৰণ

ভূমিকম্পৰ ধ্বংসলীলাৰ ফটো , ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। য’ত দেখা গৈছে যে, ধ্বংসাৱশেষৰ তলত এতিয়াও আপোনজনক বিচাৰি চলাথ কৰিছে একাংশই। 

নুৰগালৰ মাজা দাৰা অঞ্চলত বাস কৰা ছাদিকুল্লাই কয় যে, হঠাতে নিশা ভয়ংকৰ শব্দৰ পাছত তেওঁ সাৰ পাইছিল। লগে লগে তেওঁ দৌৰি গৈ তিনিটা সন্তানক ৰক্ষা কৰিছিল। সন্তান কেইটাক বাহিৰত থৈ তেওঁ পুনৰ ঘৰলৈ উভতি আহি আন সদস্যসকলক ৰক্ষা কৰা চেষ্টা কৰে যদিও সক্ষম নহয়। যাৰ ফলত ঘৰটো পৰিয়ালৰ আন সদস্যসকলৰ ওপৰত বাগৰি পৰে। এই ঘটনাত তেওঁৰ দুই পুত্ৰ সন্তান আৰু পত্নীৰ মৃত্যু হয়।

মুঠতে আফগানিস্তানত এতিয়া ভয়ংকৰ পৰিস্থিতি। সকলো ফালে কেৱল ধ্বংসাৱশেষ। এতিয়াও ঘটনাস্থলীত চলি আছে উদ্ধাৰ অভিযান।  পৰৱৰ্তী সময়ত ঘটনা সন্দৰ্ভত অধিক তথ্য পোহৰলৈ আহিব পাৰে।

 

অন্য খবৰ পঢ়ক- ৩ ৰাষ্ট্ৰৰ মহামিলন! ইফালে সুৰ সলনি কৰি আমেৰিকাই ক’লে ভাৰত সম্পৰ্কীয় বিশেষ কথা…